ভাৰতৰ প্ৰথম কৃত্রিম উপগ্রহ আৰ্যভট্টৰ ৫০ বছৰ পূৰ্ণ

dainik janambhumi April 20, 2025

ডিজিটেল ডেস্ক : ভাৰতৰ প্ৰথমটো কৃত্রিম উপগ্রহ আৰ্যভট্টই শনিবাৰে ৫০ বছৰ সম্পূৰ্ণ কৰে। প্রাচীন ভাৰতৰ প্ৰখ্যাত গণিতজ্ঞ আৰু জ্যোতির্বিজ্ঞানী আৰ্যভট্টৰ নামত ১৯৭৫ চনৰ ১৯ এপ্ৰিলৰ দিনটোতেই কৃত্রিম উপগ্ৰহটো ছোভিয়েট ৰাছিয়াৰ সহযোগত কাপুষ্টিন য়াৰৰ পৰা মহাকাশলৈ উৎক্ষেপণ কৰা হৈছিল। 

সৌৰ পদার্থ বিজ্ঞান, বায়ু বিদ্যা আৰু জ্যোতির্বিদ্যাকে ধৰি কেই বাটাও ক্ষেত্রত অধ্যনয়ৰ বাবে উপগ্রহটো উৎক্ষেপণ কৰা হৈছিল। উপগ্ৰহটোৰ পৰা কেতবোৰ মূল্যৱান তথ্য পোৱা গৈছিল আৰু বিজ্ঞানীসকলে কৃত্রিম উপগ্রহ বিকাশ সন্দৰ্ভত গুৰুত্বপূৰ্ণ অভিজ্ঞতা লাভ কৰিছিল।

Share This