আই চি চি টি-২০ ৰেংকিং, ভাৰতৰ শীর্ষস্থান অক্ষত

dainik janambhumi May 06, 2026

ডিজিটেল ডেস্ক: তিনিবাৰৰ বিশ্ব কাপ বিজয়ী ভাৰতে মঙলবাৰে ঘোষিত আই চি চি টি-২০ ৰেংকিঙত শীর্ষস্থান অক্ষত ৰাখিছে। ভাৰতৰ পিছত ক্ৰমে দ্বিতীয় আৰু তৃতীয় স্থানত আছে ইংলেণ্ড আৰু অষ্ট্ৰেলিয়া। 

টি-২০ বিশ্ব কাপৰ খিতাপ সফলতাৰে অক্ষত ৰখা প্ৰথমটো দলত পৰিণত হৈ ইতিহাস ৰচিছিল ভাৰতে। যোৱা মাৰ্চত শ্রীলংকাৰ সৈতে যুটিয়াকৈ আয়োজন কৰা প্রতিযোগিতাখনত ভাৰতীয় দলে অভিলেখ সংখ্যক তৃতীয়বাৰলৈ চেম্পিয়নৰ সন্মান অৰ্জন কৰিছিল। ভাৰতে ২৭৫ পইন্ট অৰ্জন কৰাৰ বিপৰীতে দুবাৰৰ বিজয়ী ইংলেণ্ড ২৬২ পইন্টেৰে দ্বিতীয় স্থানত ৰৈছে। এবাৰৰ চেম্পিয়ন অষ্ট্ৰেলিয়াই ২৫৮ পইন্ট গোটাই তৃতীয় স্থানত আছে। 

ইফালে, টি-২০ ৰেংকিঙৰ তালিকাত শীৰ্ষৰ ৭টা দলৰ স্থানৰ কোনো পৰিৱৰ্তন হোৱা নাই। ক্ৰমানুসৰি আছে নিউজিলেণ্ড (২৪৭), দক্ষিণ আফ্রিকা (২৪৪), পাকিস্তান (২৪০) আৰু ৱেষ্ট ইণ্ডিজ (২৩৩)। অৱশ্যে, শ্রীলংকাই (২২১) ছটা ৰেটিং পইন্ট হেৰুৱাই নৱম স্থানলৈ অৱনমিত হৈছে। বাংলাদেশ (২২৫) এটা স্থান আগুৱাই অষ্টম স্থানত উপনীত হৈছে। আফগানিস্তানে (২২০) দশম স্থান অধিকাৰ কৰাৰ বিপৰীতে জিম্বাবুৱে আৰু আয়াৰলেণ্ড ক্রমে একাদশ আৰু দ্বাদশ স্থানত ৰৈছে।

Share This