মহাকাশত তথ্যকেন্দ্র স্থাপন কৰিব ভাৰতে, ইলন মাস্কৰ 'স্পেছ এক্স'ক অতিক্রমি ভাৰতীয় বিজ্ঞানীৰ প্ৰচেষ্টা

dainik janambhumi February 21, 2026

ডিজিটেল ডেস্ক : বিশ্বৰ আন দেশসমূহে মহাকাশত চলোৱা অভিযানতকৈ বহু আগবাঢ়ি গৈছে ভাৰত। বিশ্বৰ আটাইতকৈ চহকী ব্যক্তি ইলন মাস্কৰ মালিকানাধীন স্পেচ এক্সে দীর্ঘদিনৰ পৰা মহাকাশত যি তথ্য কেন্দ্ৰ স্থাপনৰ কথা কৈ আহিছে, তেনে এক তথ্যকেন্দ্ৰ স্থাপনৰ বাবে ভাৰতেও প্রস্তুতি চলাইছে। চলিত বর্ষতে ভাৰতীয় এটা ষ্টাৰ্ট আপে মহাকাশত তথ্যকেন্দ্ৰ স্থাপনৰ পৰিকল্পনা কৰিছে। চেন্নাইৰ 'অগ্নিকুল কছমছ' নামৰ ষ্টাৰ্ট আপটোৱে ইয়াৰ অগ্নিবাণ নামৰ ৰকেটটোক মহাকাশৰ নিৰ্দিষ্ট কক্ষপথত তথ্যকেন্দ্র হিচাপে স্থাপনৰ বাবে কাম অব্যাহত ৰাখিছে।

অগ্নিকুল কছমছে এইক্ষেত্রত কৃত্রিম বুদ্ধিমত্তা (এ আই) বিষয়ক কোম্পানী 'নিভ ক্লাউড'ৰ পৰা সহযোগিতা লাভ কৰিব। উল্লেখযোগ্য যে অগ্নিবাণ ৰকেটটোক এটা পৰীক্ষামূলক এ আই প্লেটফর্ম হিচাপে গঢ়ি তুলিব নিভ ক্লাউডে। অতি বিপদসংকুল এই অভিযানত কক্ষপথত এ আই পৰিচালিত তথ্যকেন্দ্র স্থাপনৰ বাবে দুয়োটা প্রতিষ্ঠানেই চেষ্টাৰ কোনো ত্রুটী কৰা নাই।

এই এ আই ভিত্তিক তথ্য কেন্দ্ৰ সৌৰ শক্তিৰ দ্বাৰা পৰিচালিত হ'ব আৰু মহাকাশৰ শীতল পৰিৱেশে ইয়াক ঠাণ্ডা কৰি ৰাখিব। আই আই টি মাদ্রাজত জন্মগ্ৰহণ কৰা অগ্নিকুল স্টার্ট আপে ২০২৪ চনত এটা উপ-কক্ষপথীয় অভিযান সফলতাৰে সমাপন কৰিছিল।

Share This