২০৪০ৰ ভিতৰত ১০০টা  কৃত্রিম উপগ্রহ উৎক্ষেপণ কৰিব ভাৰতে

dainik janambhumi August 25, 2025

ডিজিটেল ডেস্কঃ ২০৪০ চনৰ ভিতৰত ১০০টা কৃত্রিম উপগ্রহ উৎক্ষেপণ কৰাৰ লক্ষ্য লৈছে ভাৰতে। কেন্দ্ৰীয় মহাকাশ ৰাজ্য মন্ত্ৰী জিতেন্দ্র সিঙে এই কথা প্রকাশ কৰিছে। শনিবাৰে নতুন দিল্লীত অনুষ্ঠিত ৰাষ্ট্ৰীয় মহাকাশ দিৱসৰ অনুষ্ঠানত ভাষণ দি সিঙে লগতে মহাকাশ খণ্ডৰ বাবে সংহত ১৫ বছৰীয়া ৰোডমেপ মুকলি কৰে।

ইয়াত চৰকাৰ আৰু ব্যক্তিগত খণ্ডই সহযোগিতা আগবঢ়াব বুলি মন্ত্রীজনে কয়। এই কৃত্রিম উপগ্রহসমূহে খাদ্য আৰু পানীৰ প্ৰয়োজনৰ নিৰাপত্তা বৃদ্ধি, দুর্যোগ প্রতিহত কৰা আৰু সৰ্বাত্মক বিকাশৰ বাবে কাম কৰিব। উৎক্ষেপণ হ'বলগীয়া কৃত্রিম উপগ্ৰহৰ ৭০% ই ক্ষুদ্র হ'ব বুলি মন্ত্ৰীগৰাকীয়ে কয়। ড° জিতেন্দ্ৰ সিঙে মহাকাশ খণ্ড ব্যক্তিগত খণ্ডৰ বাবে মুকলি কৰাটো বিগত ১১ বছৰত কৰা মহান সংস্কাৰ বুলিও অভিহিত কৰে। মন্ত্ৰীগৰাকীয়ে কয় যে মহাকাশ খণ্ড ব্যক্তিগত খণ্ডৰ বাবে মুকলি কৰাৰ ফলত দেশত উদ্ভাৱন আৰু উদ্যমশীলতাৰ নতুন ঢৌৰ সৃষ্টি হৈছে।

মহাকাশ খণ্ড সংস্কাৰ, প্ৰদৰ্শন আৰু পৰিৱৰ্তনৰ মন্ত্ৰৰে আগবাঢ়িছে বুলি মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে। তেওঁ কয় যে অপাৰেশ্যন সেন্দুৰ অভিযানৰ সময়ত সমগ্ৰ বিশ্বই ভাৰতৰ মহাকাশ আৰু প্ৰযুক্তিগত সাম্য প্রত্যক্ষ কৰিছে। সিঙে কয় যে দুবছৰ পূৰ্বে ভাৰতৰ চন্দ্ৰযান অভিযানে চন্দ্ৰপৃষ্ঠৰ দক্ষিণ মেৰুত অৱতৰণ কৰিছিল আৰু দেশ এনে কৃতিত্ব অর্জন কৰা বিশ্বৰ প্ৰথমখন ৰাষ্ট্ৰৰূপে পৰিগণিত হৈছে। এই সাফল্যই ভাৰত এতিয়া আৰু অনুসৰণকাৰী ৰাষ্ট্ৰ হৈ নাইবুলি বিশ্বলৈ বার্তা বহন কৰিছে বুলি ড° সিঙে উল্লেখ কৰে।

Share This