পাকিস্তানে গুলী চলালে গোলাৰে প্ৰত্যুত্তৰ দিব ভাৰতে: মোদী

dainik janambhumi May 12, 2025

ডিজিটেল ডেস্কঃ ভাৰতীয় সেনাই সন্ত্রাসবাদৰ পৃষ্ঠপোষক পাকিস্তানক এশিকনি দিয়াৰ পাছত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি প্ৰতিৱেশী ৰাষ্ট্ৰখনক অতি কঠোৰভাৱে সতৰ্ক কৰি দিয়ে। প্রধানমন্ত্রীয়ে পাকিস্তানক মুকলিকৈ সকীয়নি দি কয় যে যদি সীমান্তৰ সিপাৰৰ পৰা গুলী চলোৱা হয়, তেন্তে ভাৰতে ইয়াৰ উত্তৰ গোলাৰে দিব। প্রধানমন্ত্রীয়ে কয় যে পাকিস্তানৰ ফালৰ পৰা কোনো ধৰণৰ আক্ৰমণ হ'লে ইয়াৰ ফল ভাল নহ'ব আৰু দেশখনে ইয়াৰ পৰিণাম ভোগ কৰিব লাগিব।

উল্লেখযোগ্য যে দেওবাৰে প্ৰধানমন্ত্ৰীৰ বাসভৱনত এখন উচ্চ পৰ্যায়ৰ বৈঠক অনুষ্ঠিত হয়। বৈঠকত প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং, বিদেশ মন্ত্রী এছ জয়শংকৰ, ৰাষ্ট্ৰীয় নিৰাপত্তা উপদেষ্টা অজিত দোভাল, চীফ অব ডিফেন্স ষ্টাফ, তিনিওটা বাহিনীৰ প্রধান তিনিজনে অংশগ্রহণ কৰে। বৈঠকত প্রধানমন্ত্রীয়ে যুদ্ধ বিৰতিৰ পাছৰ পৰিস্থিতি তথা কৌশল সম্পর্কে আলোচনা কৰে। সূত্ৰসমূহে প্রকাশ কৰা মতে, প্রধানমন্ত্রীয়ে সেনাক এইবুলি নির্দেশ দিয়ে যে পাকিস্তানে যুদ্ধ বিৰতি উলংঘা কৰিলে তাৰ কঠোৰভাৱে প্ৰত্যুত্তৰ দিব লাগে। প্রধানমন্ত্ৰীয়ে কয় যে কাশ্মীৰক লৈ আমাৰ স্থিতি একেবাৰে স্পষ্ট। কেৱল এটা বিষয়েই আছে আৰু সেইটো হ'ল পাকিস্তানে পাকিস্তান অধিকৃত কাশ্মীৰক (পি অ' কে) ভাৰতক ঘূৰাই দিব লাগে। ইফালে পাকিস্তানৰ সৈতে যুদ্ধ চলি থকাৰ সময়ত কালি আমেৰিকাৰ উপ-ৰাষ্ট্ৰপতি জে ডি ভেন্সে প্ৰধানমন্ত্ৰীৰ সৈতে টেলিফ'নত কথা পাতে। বিদেশ মন্ত্রালয়ে এই কথা প্রকাশ কৰি কয় যে প্রধানমন্ত্রীয়ে ভেন্সক স্পষ্ট ভাষাৰে কয়, 'যদি পাকিস্তানে আক্ৰমণ কৰে তেতিয়া আমি কঠোৰভাৱে ইয়াৰ প্ৰত্যুত্তৰ দিম। ভাৰতে লগতে আমেৰিকাক এই কথাও জনাই দিয়ে যে যদিহে পাকিস্তানে গুলীয়াগুলী নকৰে, তেতিয়া ভাৰত সংযম হৈ থাকিব।

উল্লেখযোগ্য যে পাকিস্তানৰ সৈতে যুদ্ধ বিৰতি চলি থাকিলেও পহলগামৰ আক্ৰমণৰ পাছত ভাৰতে লোৱা ছটা সিদ্ধান্ত পূৰ্বৰ দৰে অব্যাহত থাকিব। চৰকাৰী সূত্রই এই কথা প্রকাশ কৰি কয় যে কালি হোৱা যুদ্ধ বিৰতিত পাকিস্তানৰ কোনো পূৰ্বচর্ত নাছিল আৰু সিন্ধু জল চুক্তি বাতিল কৰাৰ সিদ্ধান্ত অব্যাহত থাকিব। আনহাতে আটাৰীৰ সীমান্ত চকীও বন্ধ থাকিব। ইয়াৰ লগতে পাকিস্তানৰ পৰা প্ৰত্যক্ষ তথা পৰোক্ষ সকলো ধৰণৰ সামগ্ৰীৰ আমদানি আৰু ডাক সেৱা বন্ধ থাকিব, পাকিস্তানী জাহাজৰ ভাৰতীয় জলৰাশিত প্ৰৱেশত থকা নিষেধাজ্ঞা, পাকিস্তানী বিমানৰ ভাৰতীয় আকাশমার্গত প্ৰৱেশত থকা নিষেধাজ্ঞা, পাকিস্তানী অভিনেতা, অভিনেত্রী তথা আন শিল্পীৰ বিৰুদ্ধে জাৰি কৰা নিষেধাজ্ঞা, ভাৰতত পৰিচালিত হোৱা সকলো অ' টি টি প্লেটফর্ম, মিডিয়া ষ্ট্ৰিমিং সেৱাত পাকিস্তানী ৱেব ছিৰিজ, চিনেমা, সংগীত, পডকাষ্ট আদিত জাৰি কৰা নিষেধাজ্ঞা, পাকিস্তানী নাগৰিকৰ বাবে ভিছা সেৱাত থকা নিষেধাজ্ঞা অব্যাহত থাকিব।

Share This