গ্ৰীচৰ দ্বিতীয় সৰ্বোচ্ছ অসামৰিক সন্মানেৰে সন্মানীত হল  ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী

Jyoti Borah August 26, 2023

ডিজিটেল ডেস্কঃ গ্ৰীচৰ ৰাষ্ট্ৰপতি কাটেৰিনা ছাকেলাৰুপুলুৱে যোৱা কালি ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক সন্মানীয় গ্ৰেণ্ড ক্ৰছ অব্‌ দ্য অৰ্ডাৰ অব্‌ অনাৰ প্ৰদান কৰে৷ এইটো গ্ৰীচৰ দ্বিতীয় সৰ্বোচ্ছ অসামৰিক সন্মান আৰু এই সন্মান লাভ কৰা নৰেন্দ্ৰ মোদীয়েই বিদেশী ৰাষ্ট্ৰ এখনৰ চৰকাৰৰ প্ৰথমজন মুৰব্বী৷ এই বিশেষ সন্মানে ভাৰত-গ্ৰীচৰ অংশীদাৰিত্বৰ শক্তিক প্ৰতিফলিত কৰে৷ গ্ৰীচৰ মৰ্যাদা বৃদ্ধি কৰাত অৰিহণা আগবঢ়োৱা প্ৰধানমন্ত্ৰীসকল আৰু বিশিষ্ট পদত অধিষ্ঠিত ব্যক্তিসকলক গ্ৰীচৰ ৰাষ্ট্ৰপতিয়ে এই সন্মান যাচে৷ এটা টুইটত মোদীয়ে তেওঁক এই সন্মান যচাৰ বাবে ৰাষ্ট্ৰপতি ছাকেলাৰুপুলু আৰু গ্ৰীচৰ চৰকাৰ আৰু জনসাধাৰণক ধন্যবাদ জনায়৷ উল্লেখযোগ্য যে দক্ষিণ আফ্ৰিকা ভ্ৰমণৰ পাছত মোদী ২৪ আগষ্টত গ্ৰীচত উপস্থিত হয়৷

যোৱা ৪০ বছৰত ভাৰতীয় প্ৰধানমন্ত্ৰী এজনৰ এয়ে প্ৰথম গ্ৰীচ ভ্ৰমণ৷ আজি মোদীয়ে ৰাষ্ট্ৰপতিগৰাকী আৰু প্ৰধানমন্ত্ৰী কাইৰিয়াকোছ মিটছোটাকিছৰ সৈতে আলোচনা কৰে৷ ৰাষ্ট্ৰপতি ছাকেলাৰুপুলুৱে চন্দ্ৰযান-৩১ সফলতাৰ বাবে প্ৰধানমন্ত্ৰী মোদীক অভিনন্দন জনায়৷ ৰাষ্ট্ৰপতিগৰাকী আৰু মোদীয়ে ভাৰত-গ্ৰীচ বন্ধুত্ব অধিক সুদৃঢ় কৰাৰ উপায়ৰ বিষয়ে আলোচনাকৰে৷ আনহাতে গ্ৰীচৰ প্ৰধানমন্ত্ৰী মিটছোটাকিছৰ সৈতে হোৱা আলোচনাত দুয়োজন নেতাই ভাৰত আৰু গ্ৰীচৰ মাজৰ সম্পৰ্কক এটা নতুন গতি দিবলৈ, বিশেষকৈ প্ৰতিৰক্ষা আৰু নিৰাপত্তা, বাণিজ্য আৰু নতুন প্ৰযুক্তিৰ ক্ষেত্ৰত অংগীকাৰ কৰে৷

দুয়োখন দেশে তেওঁলোকৰ মাজৰ সম্পৰ্কক কৌশলগত অংশীদাৰিত্বৰ পৰ্যায়লৈ লৈ যায়৷ মোদীয়ে কয় যে দুয়োখন দেশে ২০৩০ চনৰ ভিতৰত দ্বিপাক্ষিক বাণিজ্য দুগুণ কৰিবলৈ লক্ষ্য স্থিৰ কৰে আৰু দেশ দুখনৰ মাজত দক্ষতাপূৰ্ণ লোকৰ প্ৰব্ৰজনৰ স্কিলড্‌ মাইগ্ৰেশ্যন সুবিধাৰ্থে এটা মাইগ্ৰশ্যেন এণ্ড মবিলিটি অংশীদাৰিত্বৰ বাবেও সিদ্ধান্ত লয়৷ সাংবাদিকৰ আগত দিয়া বিবৃতিত মোদীয়ে কয় যে তেওঁ আৰু গ্ৰীচৰ প্ৰধানমন্ত্ৰীৰ মাজত হোৱা আলোচনাত এই কথাত একমত হ’ব পৰা গ’ল যে ভাৰত আৰু গ্ৰীচৰ মাজত ৰাষ্ট্ৰীয় নিৰাপত্তা উপদেষ্টা পৰ্যায়ত এটা আনুষ্ঠানিক আলোচনা ব্যৱস্থা থকা উচিত৷ তেওঁ কয় যে প্ৰতিৰক্ষা আৰু নিৰাপত্তা, আন্তঃগাঁথনি, শিক্ষা, নিউ এণ্ড ইমাৰজিং টেকনলজিছ আৰু কৃষিৰ ক্ষেত্ৰত সহযোগিতা বৃদ্ধি কৰিবলৈ দুয়োখন দেশে সিদ্ধান্ত লয়৷ গ্ৰীচৰ প্ৰধানমন্ত্ৰীয়ে কয় যে বিভিন্ন প্ৰত্যাহ্বানৰ সৈতে বিশেষকৈ বিভিন্ন উত্থান-পতন আৰু ইউক্ৰেইনৰ যুদ্ধ চলি থকাৰ সময়ত, মোকাবিলা কৰিবলৈ উভয় পক্ষ সাজু৷

Share This