ডিজিটেল ডেস্কঃ লোক সভাই গৃহীত কৰাৰ এদিনৰ পাছত অনলাইন গেমিং প্ৰসাৰ আৰু নিয়ন্ত্রণ বিধেয়ক, ২০২৫খন বৃহস্পতিবাৰে ৰাজ্য সভাতো গৃহীত কৰা হয়। সংসদৰ বর্ষাকালীন অধিৱেশনৰ সময়ত গৃহীত হোৱা এই বিধেয়কখনৰ লক্ষ্য হৈছে ই-স্প'র্টছ আৰু কেজুবেল গেমিং বৃদ্ধি কৰা।
কিন্তু আসক্তি, বিত্তীয় ক্ষতি আৰু নিৰাপত্তাজনিত ভাবুকিৰ সৃষ্টি কৰা বিষয়ত অভিযোগ উত্থাপন হৈ অহা 'ৰিয়েল-মানী গেমিং' আৰু অনলাইন জুৱাৰ প্লেটফৰ্মবোৰৰ বিৰুদ্ধে এই বিধেয়কখনত নিষেধাজ্ঞা অনাৰ লক্ষ্য লোৱা হৈছে। বিহাৰত নির্বাচন আয়োগে চলোৱা ভোটাৰ তালিকাৰ বিশেষ ব্যাপক সংশোধনীক লৈ বিৰোধী সাংসদসকলে প্রতিবাদ কৰি থকাৰ মাজতে লোক সভাত বুধবাৰে বিধেয়কখন গৃহীত হয়।
এতিয়া দুয়োখন সদনতে বিধেয়কখন গৃহীত হোৱাৰ পাছত অনলাইন মানী গেমিঙত ধন আদান-প্রদান কৰিলে তিনি বছৰ পৰ্যন্ত কাৰাদণ্ড বিহা হ'ব অথবা ১ কোটি টকাৰ জৰিমনা বিহা হ'ব। বিধেয়কখনত অনলাইন মানী গেমছ সংক্রান্তীয় বিজ্ঞাপন নিষিদ্ধ কৰাৰ লগতে এনেধৰণৰ গেমছৰ বাবে পুঁজি হস্তান্তৰ কৰাত বেংক আৰু বিত্তীয় সংস্থাসমূহক বাৰণ কৰা হৈছে।