ডিজিটেল ডেস্কঃ সময় ৰাইনাৰ শ্ব’ ‘ইণ্ডিয়াজ গট লেটেণ্ট’ত ভাগ লৈ বিপদত পৰিছিল ইউটিউবাৰ ৰণবীৰ এলাহাবাদিয়া। শ্ব’টোত এজন প্ৰতিযোগীক ৰণবীৰে পিতৃ-মাতৃৰ যৌন জীৱনৰ বিষয়ে প্ৰশ্ন কৰিছিল, যাৰ ফলত ইণ্টাৰনেটত হুলস্থূলৰ সৃষ্টি হৈছিল। এই হুলস্থূল ইমানেই বাঢ়ি গ’ল যে জনসাধাৰণৰ লগতে নেতা, ৰাজনীতিবিদ আৰু ধৰ্মীয় সংগঠনেও ইউটিউবাৰগৰাকীৰ বিৰুদ্ধে ওলাই আহিল। বিষয়টো সংসদলৈ যোৱাৰ লগতে দেশৰ বিভিন্ন ৰাজ্যত ৰণবীৰৰ নামত এফ আই আৰ পঞ্জীয়ন কৰা হয়।
দৰাচলতে কালি তদন্তকাৰী বিষয়াৰ আগত দিয়া মন্তব্যত ৰণবীৰ এলাহাবাদিয়াই ভুল স্বীকাৰ কৰিছে। সূত্ৰ অনুসৰি ৰণবীৰে আৰক্ষীক দিয়া বিবৃতিত কয়, মই সময় ৰাইনাৰ বন্ধু। সেইবাবেই মই সেই শ্ব’টোলৈ গৈছিলোঁ। ৰণবীৰে লগতে কয় যে বিতৰ্কৰ সৃষ্টি কৰা লাইনটো কোৱাটো তেওঁৰ ভুল। তেওঁ এই কথা কোৱা উচিত নাছিল।
আচলতে ৰণবীৰে আৰক্ষীৰ সন্মুখত নিজৰ অপৰাধ স্বীকাৰ কৰি দাবী কৰে যে তেওঁ শ্ব’টোলৈ যাবলৈ কোনো ধৰণৰ ধন লোৱা নাছিল। ৰণবীৰে আৰক্ষীক জনাইছে যে আমি ইউটিউবাৰ আৰু সেইবাবেই বন্ধুত্বৰ বাবে ইজনে সিজনৰ শ্ব’লৈ গৈ থাকোঁ।
উৎসঃ প্ৰাগ নিউজ ডিজিটেল