ইণ্টাৰনেট ব্যৱহাৰকাৰীৰ পাছৱৰ্ড ৰাজহুৱা, ভয়াৱহ চাইবাৰ অপৰাধৰ আশংকা

dainik janambhumi January 27, 2026

ডিজিটেল ডেস্ক : প্রযুক্তি খণ্ডৰ দ্রুত বিকাশে যিদৰে জনসাধাৰণৰ বাবে বিভিন্ন সুবিধা কঢ়িয়াই আনিছে ঠিক একেদৰে বিভিন্ন সমস্যাৰো সৃষ্টি কৰিছে। একাংশ দুষ্ট চক্ৰই প্ৰযুক্তিৰ অনৈতিক ব্যৱহাৰেৰে জনতাৰ গোপনীয়তাও ভংগ কৰিছে। 

এইবাৰ হেকাৰৰ কবলত পৰিল বিশ্বৰ ইণ্টাৰনেট ব্যৱস্থা। বিশ্বৰ ১৪.৯৪ কোটি জনতাৰ ইণ্টাৰনেটৰ বিশেষ লগইন আৰু গোপন পাছৱৰ্ড ৰাজহুৱা কৰিছে হেকাৰে। যাৰ ফলত ইণ্টাৰনেট ব্যৱহাৰকাৰীৰ মাজত হাহাকাৰ অৱস্থা হৈছে। 

তথ্য অনুসৰি ৪৮ নিযুত জি-মেইল একাউন্ট, ৪ নিযুত য়াহু, ১৭ নিযুত ফে'চবুক, ৬.৫ নিযুত ইনস্টাগ্রাম, ৩.৪ নিযুত নেটফ্লিক্স, ১.৫ নিযুত আউটলুক একাউণ্টকে ধৰি বহু একাউণ্টৰ গোপন পাছৱৰ্ড আৰু লগইনৰ তথ্য ৰাজহুৱা হৈ পৰিছে। ইয়াৰ লগে লগেই এই একাউণ্টবোৰ যিকোনো লোকেই চাব পাৰিছে। যিয়ে ব্যক্তিগত গোপনীয়তা ভংগ কৰাৰ লগতে বৃহৎ চাইবাৰ অপৰাধ সংঘটিত হোৱাৰো সম্ভাৱনা প্ৰকট হৈ পৰিছে।

Share This