হাছিনাক ভাৰতৰ পৰা প্ৰত্যর্পণৰ বাবে ইণ্টাৰপলৰ সহায় ল'ব

dainik janambhumi November 20, 2025

ডিজিটেল ডেস্ক : আন্তঃৰাষ্ট্ৰীয় অপৰাধ ন্যায়াধিকৰণে মানৱতাৰ বিৰুদ্ধে অপৰাধৰ গোচৰত বাংলাদেশৰ প্ৰাক্তন প্রধানমন্ত্রী শ্বেখ হাছিনাৰ বিৰুদ্ধে মৃত্যুদণ্ডৰ ৰায় দিয়াৰ পাছতেই বাংলাদেশৰ অন্তৰ্ৱৰ্তী চৰকাৰ সক্ৰিয় হৈ পৰিছে। 

শ্বেখ হাছিনাক ভাৰতৰ পৰা বাংলাদেশলৈ প্রত্যর্পণ কৰাৰ ক্ষেত্ৰত অন্তৱৰ্তী চৰকাৰে ইণ্টাৰপলৰ সহায় ল'ব। দেশখনৰ প্ৰাক্তন প্রধানমন্ত্রী আৰু গৃহ মন্ত্রী আছাদুজ জামান খানক ভাৰতৰ পৰা বাংলাদেশলৈ প্রত্যর্পণ কৰোৱাৰ ক্ষেত্রত বাংলাদেশ চৰকাৰে ইণ্টাৰপলৰ সহায় লোৱাৰ বাবে প্রস্তুতি চলাইছে। 

মহম্মদ ইউনুছৰ নেতৃত্বাধীন অন্তৱৰ্তী চৰকাৰে ভাৰত চৰকাৰক শ্বেখ হাছিনাক বাংলাদেশলৈ প্রত্যর্পণ কৰাবলৈ আহ্বান জনায়। উল্লেখযোগ্য যে যোৱা বৰ্ষৰ আগষ্ট মাহত বাংলাদেশত হোৱা প্রবল ছাত্র বিক্ষোভৰ পাছত শ্বেখ হাছিনা ক্ষমতাচ্যুত হৈছিল। তেওঁ বাংলাদেশৰ পৰা পলায়ন কৰি ভাৰতত আশ্ৰয় লৈছিল।

Share This