ডিজিটেল ডেস্ক : ইজৰাইলৰ প্ৰধানমন্ত্ৰী বেঞ্জামিন নেটান্যাহুৱে ৰাষ্ট্ৰসংঘৰ সাধাৰণ পৰিষদৰ অধিৱেশনত অংশগ্ৰহণৰ বাবে নিউয়ক ভ্ৰমণ কৰাৰ সময়ত তেওঁক গ্ৰেপ্তাৰ কৰিব পাৰি নেকি সেই কথা বিবেচনা কৰি আছে মহানগৰখনৰ মেয়ৰ জোহৰান মমদানিয়ে। মমদানিয়ে এটা সাক্ষাৎকাৰত দিয়া এই মন্তব্যই বিতৰ্কৰ সৃষ্টি কৰিছে।
মমদানিয়ে নিউয়র্ক টাইমক দিয়া এটা সাক্ষাৎকাৰত কয় যে নেটান্যাহু এজন যুদ্ধ অপৰাধী আৰু তেওঁৰ বিৰুদ্ধে আন্তঃৰাষ্ট্ৰীয় অপৰাধ ন্যায়ালয়ে (আই চি চি) অভিযোগ আৰোপ কৰিছে। আই চি চিয়ে ২০২৪ চনত নেটান্যাহুৰ বিৰুদ্ধে যুদ্ধ অপৰাধ আৰু মানৱতাৰ বিৰুদ্ধে অপৰাধৰ অভিযোগ আনে। মমদানিৰ মতে, নেটান্যাহুৰ স্থান হেগত। হেগত আই চি চিৰ মুখ্য কাৰ্যালয় আছে।
বিদেশী নেতাক গ্ৰেপ্তাৰৰ বাবে নিউয়র্ক মহানগৰৰ আৰক্ষী প্ৰশাসনক নিৰ্দেশ দিয়াৰ অধিকাৰ আছে নে নাই বুলি সোধা প্ৰশ্নৰ উত্তৰ মমদানিয়ে নিদি কয় যে এই বিষয়ে তেওঁ আইন বিভাগৰ সৈতে আলোচনা কৰি আছে। নিউয়কৰ প্ৰশাসনে এই বিষয়টোত আইন অনুসৰিহে আগবাঢ়িব।
উল্লেখযোগ্য যে আই চি চিয়ে নেটান্যাহুৰ বিৰুদ্ধে গ্ৰেপ্তাৰী পৰোৱানা জাৰি কৰি থৈছে। ৰাষ্ট্ৰসংঘত থকা ইজৰাইলৰ ৰাষ্ট্ৰদূত ডেনী ডেননৰ মতে, মমদানিয়ে মেয়ৰ ৰূপে নিজৰ দায়িত্ব পালন কৰাৰ পৰিৱৰ্তে ইজৰাইলৰ বিৰুদ্ধে শত্রুতা বৃদ্ধি কৰাৰ কাম কৰি আছে।