ড° মধুমিতাৰ শ‌ইকীয়াৰ একলম......

Dainik Janambhumi November 29, 2024

ডিজিটেল ডেক্স: আল্ট্ৰাছাউণ্ডৰ সহায়ত গৰ্ভত থকা সন্তানৰ অৱস্থিতি চাব পাৰে বুলি সকলোৱে জানে। একে আল্ট্ৰাছাউণ্ডৰ সহায়ত ছালখনো টান আৰু lifted  কৰিব পাৰি অস্ত্ৰোপচাৰ অবিহনে৷

মানুহৰ ছালখন কেইবাটাও তৰপত বিভক্ত। প্ৰথম তৰপটোক এপিডাৰমিছ, তাৰ তলত ডাৰমিছ আৰু শেষৰটোক ছাব-ডাৰমিছ তৰপ বোলা হয়। এপিডাৰমিছ আকৌ পাঁচটা তৰপত বিভক্ত। তাৰে একেবাৰে ওপৰৰ তৰপটোক অসমীয়াত মাখিছাল বা striatum cornium বা horny layer বুলি কয়। এই তৰপটো স্বচ্ছ, শুকান, আৰ্দ্ৰ-পুষ্টি-তেলৰহিত হয়৷ আমি গা ধোৱাৰ সময়ত, কাপোৰৰ লগত বা বতাহৰ লগত এই ছাল এৰাই যায়। প্ৰধানতঃ ই মৃত চৰ্মকোষ হোৱাৰ বাবে ছালৰ এই তৰপটো গাত লাগি থকাৰ প্ৰয়োজন নাই। বেছি ডাঠ হ’লে এই ছালখন লেতেৰা, ম্লান, ৰুক্ষ আৰু খহটা দেখায়।

 একেবাৰে তলৰ ছাব-ডাৰমিছ তৰপটো মাংসপেশীৰ লগত লাগি থাকে। গাত চৰ্বি বাঢ়িলে এই তৰপটো ক্ষয় হয়। ইয়াৰ ফলত চৰ্বিৰ এটা ডাঠ তৰপ জমা হৈ মুখৰ আকৃতিয়েই ডাঙৰ কৰি দিয়ে। বহুতৰ মুখখনৰ আকাৰ বাঢ়ি বাঢ়ি ঘটিটো যেন হৈ  ৰঙালাউটোৰ দৰে হয়। Double chin হয়। কাণৰ কাষত আৰু এটা তৰপ জমা হয় আৰু ঢিলা হৈ বেছি বয়স্ক যেন লগা হয়।  উপৰিউক্ত দুয়োটা সমস্যা দূৰ কৰিবলৈ আল্ট্ৰাছাউণ্ডৰ ট্ৰিটমেণ্ট কৰাব লাগে। ইয়াক মানুহৰ মুখৰ ছালত প্ৰয়োগ কৰিবলৈ বিশেষভাৱে নিৰ্মাণ কৰা হৈছে৷ ইয়াক সহজে বুজিবলৈ আল্ট্ৰাছনিক বুলি কোৱা হয়। এই ট্ৰিটমেণ্ট কৰিবলৈ বিশেষ প্ৰশিক্ষণৰ প্ৰয়োজন।  ইয়াক সকলোৱে ব্যৱহাৰ কৰিব নাজানে যদিও নজনাকৈ ব্যৱহাৰ কৰিবলৈ গৈ বহুতৰ মুখ ধ্বংসও কৰা দেখা গৈছে৷ মোৰ মতে বয়সৰ প্ৰভাৱ নোহোৱা কৰিবলৈ ই আটাইতকৈ উত্তম। 

আল্ট্ৰাছনিক ট্ৰিটমেণ্ট কৰালে ছালখন মিহি হয়। ছালৰ উজ্জ্বলতা বাঢ়ে। ছালত পৰা বলিৰেখা বা wrinkles নোহোৱা হয়। ছালৰ তলত জমা হোৱা অতিৰিক্ত চৰ্বি আঁতৰে। মুখৰ আকৃতি আকৌ সৰু হৈ বয়সৰ প্ৰভাৱ একেবাৰে কমি যায়৷ Double chin, side burn fat কমে। 
এই আল্ট্ৰাছনিক ট্ৰিটমেণ্ট মাহত এবাৰকৈ অভিজ্ঞ আৰু ভালকৈ ট্ৰেইনিং লোৱা সৌন্দৰ্য বিশেষজ্ঞৰ হতুৱাই কৰাব লাগে। এই ট্ৰিটমেণ্ট কৰোঁতে বিশেষ খাদ্যপ্ৰাণযুক্ত আহাৰ খোৱাৰ প্ৰয়োজন হয়।  এই আহাৰ তালিকা ক্লায়েণ্টগৰাকীৰ প্ৰয়োজন অনুসৰি খাব লাগে। গতিকে সকলোৰে বাবে এই ডায়েট বেলেগ হয়। লগতে এমাহ বা দুমাহলৈ বিশেষ Home careৰ প্ৰয়োজন হয়। এইবোৰৰ বিষয়ে ভালদৰে প্ৰশিক্ষণ লোৱা থেৰাপিষ্টৰ হতুৱাইহে আল্ট্ৰাছনিক ট্ৰিটমেণ্ট  কৰাব লাগে। 
(পঢ়ি কেনে পাইছে জনাবচোন। কিবা জানিবলৈ থাকিলে 9435046516ত হোৱাটছএপ মেছেজ দিব পাৰে। )

Share This