জুবিনবিহীন হ'ব প্ৰথমটো ৰঙালী, নাই কোনো‌ আনন্দ- উল্লাস 

Nikimoni Kachari March 18, 2026

ডিজিটেল ডেস্ক: ব’হাগৰ উমাল বতাহজাকৰ মাজতো যেন এইবাৰ ক’ৰবাত উকা উকা ভাব। বিহুৰ ঢোল-পেঁপা,‌ কুলি-কেতেকীৰ মাততকৈও অসমীয়াৰ বুকুত গুঞ্জৰিত হৈছে এটা নাম জুবিন গাৰ্গ। প্ৰত্যেকখন বিহু সন্মিলনৰ মুখ্য আকৰ্ষণ আছিল জুবিন গাৰ্গ । মঞ্চ কঁপাই দৰ্শকক সুৰৰ মূৰ্ছনাৰে মোহাচ্ছন্ন কৰি ৰখা অসমৰ হিয়াৰ আমঠু কিম্বদন্তী শিল্পী জুবিন গাৰ্গক এইবাৰ বিহুৰ মঞ্চত কোনেও দেখিবলৈ নাপায় । অসমৰ বিহু মঞ্চ এতিয়া কেৱল এক বিশাল শূন্যতা ৷

প্ৰতিটো বিহু সন্মিলনৰ মঞ্চত যাৰ উপস্থিতি আছিল অপৰিহাৰ্য, যাৰ গানৰ অবিহনে অসমীয়াৰ বিহুৰ আনন্দ আধৰুৱা, সেই জুবিন গাৰ্গ নামৰ সুৰৰ অনুপস্থিতিয়ে এইবাৰ বিহুৰ ৰং যেন কিছু ম্লান কৰি পেলাব ।

প্ৰতিবছৰেই জুবিনক চাবলৈ ৰৈ থকা অসমীয়াৰ বিহু মঞ্চবোৰ যেন এইবাৰ উকা হৈ ৰ'ব। লতাশিলৰ পৰা চৰাইদেউলৈ, প্ৰতিখন বিহু মঞ্চত যাৰ সুৰৰ যাদুৱে ডেকা-বুঢ়া সকলোকে নচুৱাইছিল, সেই জুবিন এইবাৰ নাই। জুবিনৰ অবিহনে বিহুৰ যেন সেই মাদকতাই নাই। তেওঁৰ গানবোৰ অসমীয়াৰ আৱেগ । তেওঁৰ কণ্ঠ আৰু উপস্থিতিৰ যি উন্মাদনা, সেয়া উপভোগ কৰিবলৈ দূৰ-দূৰণিৰ পৰা হাজাৰ হাজাৰ দৰ্শকৰ সমাগম ঘটিছিল । জুবিনৰ এই অনুপস্থিতিয়ে কেৱল অনুৰাগীসকলক মৰ্মাহত কৰাই নহয়, বৰঞ্চ সমগ্ৰ শিল্পী সমাজতো এক বিৰূপ প্ৰভাৱ পেলাইছে ।

ব'হাগৰ উছাহৰ মাজতো খালী হৈ আছে অসমীয়াৰ প্ৰাণ। এনে ব'হাগ আগে কেতিয়াও অহা নাছিল, য'ত জুবিন নাছিল। আজি চৌপাশে কেৱল এটাই চৰ্চা, 'জুবিনবিহীন ব'হাগ'।

Share This