ডিজিটেল ডেস্ক: ৰাষ্ট্ৰীয় বঁটাপ্রাপ্ত প্রসিদ্ধ চলচ্চিত্র পৰিচালক জাহ্নু বৰুৱালৈ মোমাই তামুলী বৰবৰুৱা বঁটা ২০২৬ আগবঢ়োৱা হৈছে। টাই আহোম যুৱ পৰিষদৰ ডিব্ৰুগড় জিলা সমিতিয়ে কালি গুৱাহাটীত এক সংবাদমেলযোগে এই বঁটা ঘোষণা কৰে।
অহা ২২ মার্চত ডিব্রুগড় জিলা পুথিভঁৰালত আয়োজন কৰা এক গাম্ভীর্যপূর্ণ অনুষ্ঠানত অসমৰ সুযোগ্য সন্তান জাহ্নু বৰুৱাক আনুষ্ঠানিকভাৱে এই বঁটা প্ৰদান কৰা হ'ব। বীৰ লাচিত বৰফুকনক কালি যিদৰে সকলোৱে চিনি পায় সেইদৰে তেওঁৰ পিতৃ মোমাই তামুলী বৰবৰুৱাক সকলোৰে আগত পৰিচয় কৰাই দিয়াৰ লক্ষ্যৰে টাই আহোম যুৱ পৰিষদে বিগত তিনি বছৰ ধৰি এই বঁটা প্ৰদান কৰি আহিছে।
লক্ষণীয়ভাৱে সংগঠনটোৱে মোমাই তামুলী বৰবৰুৱা বঁটাৰ উপৰি লাচিত বৰফুকন বঁটা, জয়মতী বঁটা, মূলাগাভৰু বঁটা আদিও প্ৰদান কৰি তেওঁলোকক জীয়াই ৰখাৰ চেষ্টা কৰা বুলি আয়োজকসকলে প্রকাশ কৰে।