ভাৰতত শ্লীপাৰ চেল সক্রিয় কৰাৰ ষড়যন্ত্ৰ জৈছ-এ-মহম্মদৰ, গুজৰাট এ টি এছে গ্ৰেপ্তাৰ কৰা ১৩ সন্ত্ৰাসবাদীৰ স্বীকাৰোক্তি

dainik janambhumi July 19, 2026

ডিজিটেল ডেস্ক : গুজৰাটকে ধৰি দেশৰ বিভিন্ন ৰাজ্যত পাকিস্তান ভিত্তিক সন্ত্রাসবাদী সংগঠন জৈছ-এ-মহম্মদে শ্লীপাৰ চেল সক্ৰিয় কৰি ভাৰত-বিৰোধী কার্যকলাপত লিপ্ত হৈ থকাৰ তথ্য পোহৰলৈ আহিছে। গুজৰাট সন্ত্রাসবাদ-বিৰোধী স্কোৱাডে (এ টি এছ) জৈছ-এ-মহম্মদৰ সন্ত্রাসবাদী চক্ৰৰ ১৩টা সদস্যক গ্ৰেপ্তাৰৰ পাছতে এটা ভয়ংকৰ ষড়যন্ত্ৰৰ ব্লুপ্রিন্ট উদ্‌ঘাটন হৈছে। 

বিস্ফোৰক প্ৰস্তুতৰ কাৰিকৰী বিশেষজ্ঞ গঢ় দিয়া, পৰীক্ষণমূলক বিস্ফোৰণ, বিভিন্ন ৰাজ্যৰ ভাৰতীয় যুৱকক সন্ত্ৰাসৰ কাৰ্যত নিয়োজন আৰু লজিষ্টিক নেটৱৰ্ক চলাই থকাৰ বিষয়ে আৰক্ষীৰ জেৰাত তথ্য প্রকাশ পাইছে। ধৃত ১৩টা সন্ত্রাসবাদীয়ে আই ই ডি আৰু অন্য বিস্ফোৰক সামগ্ৰী প্ৰস্তুত কৰাৰ লগতে ৰুদ্ধদ্বাৰ নিযুক্তি প্ৰক্ৰিয়াৰ জৰিয়তে স্পৰ্শকাতৰ মাদ্ৰাছাৰ শিক্ষার্থীক সন্ত্ৰাসৰ কাৰ্যত লিপ্ত কৰোৱাই আছিল। 

গুজৰাটৰ লগতে উত্তৰ প্ৰদেশ, বিহাৰ, দিল্লী আদি ৰাজ্যত শ্লীপাৰ চেল গঢ় দিয়াৰ বাবে মাদ্রাছাত গোপনে নিযুক্তি অভিযান চলাই আছিল। এ টি এছৰ অভিযানত পোহৰলৈ আহিছে যে সমগ্ৰ ভাৰততে জৈছ সন্ত্রাসবাদী সংগঠনৰ হৈ কাম কৰিব পৰা শ্লীপাৰ চেলৰ কৰ্মী নিয়োজিত কৰা অভিযানত লিপ্ত হৈ আছিল ধৃত ১৩টা সন্ত্রাসবাদী।

Share This