ডিজিটেল ডেস্ক : গুৱাহাটীস্থিত 'মিৰাই জাপানীজ ভাষা শিক্ষণ কেন্দ্ৰ'ৰ উদ্যোগত আৰু জগন্নাথ বৰুৱা বিশ্ববিদ্যালয়ৰ ইংৰাজী বিভাগৰ সহযোগত কালি বিশ্ববিদ্যালয়ৰ নতুন সভাগৃহত জাপানী ভাষা আৰু সংস্কৃতি শিক্ষণৰ 'গ্ৰেছহোল্ড চি এম ফ্লাইট' শীর্ষক কাৰ্যসূচীৰ অধীনত জাপানত বিভিন্ন বিষয়ত সংস্থাপন লাভৰ কেনে সম্ভাৱনা আছে, সেই সম্পর্কীয় মত-বিনিময়ৰ এক অনুষ্ঠান অনুষ্ঠিত হয়। জগন্নাথ বৰুৱা বিশ্ববিদ্যালয়ৰ ইংৰাজী বিভাগৰ লগতে অন্যান্য বিভাগৰ ছাত্ৰ-ছাত্ৰীয়েও অতিশয় আগ্ৰহেৰে অংশগ্ৰহণ কৰা কালিৰ এই অনুষ্ঠানত প্রাক্তন জেবিয়ান আৰু বৰ্তমান গুৱাহাটীস্থিত 'মিৰাই জাপানীজ লার্নিং চেণ্টাৰ'ৰ সহযোগী শ্বাহান দেৱনাথে দৃশ্য-শ্রাব্যৰ মাধ্যমেৰে ছাত্ৰ-ছাত্ৰীসকলৰ বোধগম্য হোৱাকৈ জাপানত নিশ্চিত নিয়োগৰ সম্ভাৱনীয়তাৰ ভিন্ন দিশৰ বিষয়ে বিস্তৃতভাৱে আলোকপাত কৰে।
উল্লেযোগ্য যে ২০১৭চনৰ পৰাই মিৰাই জাপানীজ লার্নিং চেণ্টাৰে গুণগত জাপানী ভাষা শিক্ষা প্ৰদান কৰি আহিছে আৰু জাপানত নিশ্চিত নিয়োগৰ ক্ষেত্ৰত অসমৰ বিভিন্ন জিলাৰ ছাত্ৰ-ছাত্ৰীক উৎসাহ যোগোৱাৰ লগতে নিয়োগৰ সম্ভাৱনীয়তাৰ দুৱাৰখনো মুকলি কৰি দিছে। জাপানে ভাৰতীয়ৰ বাবে আগবঢ়োৱা সুযোগ আৰু অন্তহীন সম্ভাৱনাৰ ক্ষেত্ৰখনৰ বাবে নিজকে কেনেদৰে উপযোগী কৰি গঢ়ি তুলিব পাৰি, সেই সম্পৰ্কতো কালিৰ মত-বিনিময় অনুষ্ঠানত ছাত্র-ছাত্ৰীসকলৰ মনোযোগ আকৰ্ষণত বিশেষ গুৰুত্ব দিয়া হয়। কালিৰ মত-বিনিময় কাৰ্যসূচীত জাপানৰ কৃষি খণ্ড, নাৰ্ছিং, আতিথ্য আৰু ৰেস্তোৰাঁ, ভিন্ন উদ্যোগ খণ্ড, প্রতিপালন আদি খণ্ডত কেনেদৰে নিশ্চিত নিয়োগৰ সম্ভাৱনীয়তা আছে, সেই সম্পর্কতো ছাত্র-ছাত্রীসকলক দৃশ্য-শ্রাব্য মাধ্যমেৰে অৱগত কৰোৱা হয়। মূল কাৰ্যসূচীৰ আৰম্ভণিতে জে বি বিশ্ববিদ্যালয়ৰ উপাচার্য ড° জ্যোতি প্রসাদ শইকীয়া আৰু পঞ্জীয়ক ড° উৎপলজ্যোতি মহন্তই ছাত্র-ছাত্রীসকলক উদ্দেশ্যি জাপানী ভাষা আয়ত্তৰ জৰিয়তে বিদেশত নিয়োগৰ সম্ভাৱনীয়তাৰ দুৱাৰখন কেনেদৰে মুকলি হৈছে সেই দিশলৈ লক্ষ্য ৰাখি ভৱিষ্যতৰ বাটত এটা উন্নত জীৱন যাপনৰ লক্ষ্য আগত ৰাখি সুযোগ, উদ্ভাৱন আৰু অন্তহীন সম্ভাৱনাৰ দেশ জাপানে আগবঢ়োৱা সুবিধা গ্রহণ কৰিবলৈ প্ৰেৰণামূলক বক্তব্য আগবঢ়ায়। বর্তমান সময়ত জাপানে বিচৰা কৰ্মদক্ষ নতুন প্ৰজন্মৰ যুৱক-যুৱতীসকলে নিজকে কেনেদৰে উপযোগী কৰি গঢ় দিয়া উচিত, সেই সন্দর্ভতো উপাচার্য আৰু পঞ্জীয়কে বক্তব্য আগবঢ়ায়। আৰম্ভণিৰ কাৰ্যসূচীত বিভাগীয় মুৰব্বী নন্দিনী চৌধুৰী বৰাই অসমত দেখা দিয়া ভয়ানক নিবনুৱা সমস্যাৰ দিনত জাপানে আগবঢ়োৱা এই সুযোগ গ্রহণ কৰিবলৈ আহ্বান জনায়।
প্রসংগক্রমে উনুকিয়াব পাৰি যে জাপানত বর্তমান সময়ত নতুন প্ৰজন্মৰ মানৱ সম্পদৰ ব্যাপক নাটনি হৈছে আৰু বিভিন্ন খণ্ডত ৮ লাখৰো অধিক চাকৰিৰ খালী পদ পূৰণ নোহোৱাকৈয়ে পৰি ৰৈছে। সেয়ে জাপানত বিভিন্ন খণ্ডৰ বাবে প্ৰয়োজন হোৱা কৰ্মদক্ষ যুৱক-যুৱতীৰ প্রয়োজনীয়তাৰ প্ৰতি লক্ষ্য ৰাখি ভাৰত চৰকাৰে ইতিমধ্যে ৫ লাখ কর্মদক্ষ যুৱক-যুৱতীক জাপানত নিযুক্তি দিব পৰাকৈ জাপানী ভাষা শিক্ষা আয়ত্ত কৰাৰ অৰ্থে পদক্ষেপ গ্রহণ কৰিছে। তেনেদৰে অসম চৰকাৰেও মুখ্যমন্ত্ৰীৰ চি এম ফ্লাইট আঁচনিৰ অধীনত ৫০ হাজাৰ অসমীয়া যুৱক-যুৱতীক জাপানী ভাষা প্রশিক্ষণ, চৰকাৰী অনুদান আৰু এশ শতাংশ নিয়োগৰ সমৰ্থনেৰে জাপানৰ উদ্যোগত প্রশিক্ষণ আৰু সংস্থাপন দিয়াৰ বাবেও পদক্ষেপ গ্রহণ কৰিছে।