জে এম চি এইচত ১৫ দিনে নাই এণ্টি ৰেবিজ ভেকচিন

dainik janambhumi January 29, 2026

ডিজিটেল ডেস্ক : যোৰহাটৰ স্বাস্থ্যখণ্ডৰ প্রয়োজনীয় আন্তঃগাঁথনি অভাৱ যদিও দীর্ঘদিনে যোৰহাটৰ জনপ্রতিনিধিসকলে সমাধান সূত্র উলিয়াব পৰা নাই। পাঁচ বছৰৰ মূৰত ৰাইজৰ ওচৰত ভোট বিচাৰি গৈ পৰৱৰ্তী সময়ত দৰিদ্ৰ জনতালৈ পিঠি দিয়া জনপ্রতিনিধিসকলে যোৰহাটৰ স্বাস্থ্য খণ্ডৰ উন্নীতকৰণৰ বাবে এবাৰো মাত নমতাটোৱে দৰিদ্ৰ জনতাৰ মাজত তীব্র চিকিৎসক, নাৰ্ছ তথা স্বাস্থ্যকৰ্মীৰ অভাৱ হোৱাৰ ফলতে ৰাইজ প্ৰকৃত চিকিৎসা সেৱাৰ পৰা বঞ্চিত হৈ আহিছে। যোৰহাট চিকিৎসা মহাবিদ্যালয়ৰ বিভিন্ন ৱাৰ্ড, জৰুৰী চিকিৎসা, আই চি ইউ আদি সকলোতে নাৰ্ছৰ অভাৱ। চিকিৎসালয়তো ৰোগৰ প্ৰয়োজনীয় নাৰ্ছিং ব্যৱস্থাৰ পৰা নিতৌ ৰোগীয়ে হাহাকাৰ কৰে।

প্ৰাপ্ত তথ্য মতে, ১৫০গৰাকীৰো অধিক নাৰ্ছৰ আসন খালী হৈ আছে। কিন্তু কি কর্তৃপক্ষ, কি বিধায়ক কাৰো কাণসাৰ নাই। সম্প্ৰতি ৰোগীৰ অতি প্রয়োজনীয় ঔষধ নাপাই ঘূৰি আহিব লগীয়া পৰিস্থিতিৰ সৃষ্টি হৈছে। অতি পৰিতাপৰ কথা যে জে এম চি এইচত যোৱা পোন্ধৰ দিনে নাই এণ্টি ৰেবিজ ভেকচিন। কুকুৰ-মেকুৰীয়ে কামোৰা লোকৰ বাবে ব্যাপক অসুবিধাৰ সন্মুখীন হৈছে। আজি দিনৰ ভাগত মেকুৰীয়ে কামোৰাৰ ফলত এন্টি ৰেবিজৰ বেজী ল'বলৈ যোৱা এগৰাকী লোকে বিষণ্ণ মনোভাবেৰে ঘূৰি আহিব লগীয়া হৈছে। চিকিৎসালয়খনৰ কৰ্মচাৰীগৰাকীয়ে ৰোগীজনক জনায় যে এণ্টি ৰেবিজ ভেকচিন অকল আজিয়ে নথকা নহয়, যোৱা ১০ জানুৱাৰীৰ পৰা চিকিৎসালয়খনত এই ভেকচিন নাই। উল্লেখযোগ্য যে জিলাখনৰ দৰিদ্ৰ লোকসকলে চৰকাৰীভাৱে বিনামূলীয়াকৈ দিয়া ঔষধৰ ওপৰতে অধিক নিৰ্ভৰ কৰিব লগীয়া হয়। যিহেতু দৰিদ্ৰ লোকসকলৰ অধিক দামত ফাৰ্মাচীৰ পৰা ক্ৰয় কৰি ল'ব পৰাকৈ সামর্থ্য নাথাকে। ইফালে এণ্টি ৰেবিজ ভেকচিন নিৰ্ধাৰিত সময়ত চাৰিটাকৈ নল'লে ব্যক্তিজনে ক্ৰয় কৰিয়ে এই বেজী ল'ব লগীয়া হৈছে। অৱশ্যে স্বাস্থ্য বিভাগৰ যুটীয়া সঞ্চালকৰ কাৰ্যালয়ৰ কাষতে থকা চিকিৎসালয়খনত এণ্টি ৰেবিজ ভেকচিন আছে যদিও পর্যাপ্ত নহয় বুলি জানিব পৰা গৈছে।

যোৰহাট জিলা স্বাস্থ্য বিভাগে এনেধৰণৰ ঔষধৰ ক্ষেত্ৰত অধিক গুৰুত্ব আৰোপ কৰিব লাগে যদিও পর্যাপ্ত যোগান নধৰাৰ বাবে দৰিদ্ৰ ৰাইজে এই সুবিধা গ্রহণ কৰিব নোৱাৰে। অকল এণ্টি ৰেবিজ ভেকচিনে নহয়, অন্যান্য ঔষধৰ ক্ষেত্ৰতো গ্রামাঞ্চলৰ চিকিৎসা কেন্দ্ৰসমূহত একেই অৱস্থাৰ সৃষ্টি হৈছে। গ্রাম্য এলেকাৰ চিকিৎসা কেন্দ্ৰসমূহৰ পৰ্যাপ্ত ঔষধৰ নাটনি হোৱাৰ বাবে নিদান পত্ৰৰ চিকিৎসকে দিয়া ঔষধ ফাৰ্মাচীৰ পৰা ক্ৰয় কৰিব লগীয়া হৈছে। যোৰহাট জিলাত স্বাস্থ্য খণ্ড এনে এশ-এবুৰি সমস্যাৰে চলি আহিছে। যোৰহাটৰ বিধায়ক হিতেন্দ্ৰ নাথ গোস্বামীৰ স্বাস্থ্যখণ্ডৰ এনে সমস্যাসমূহ সমাধানৰ বাবে কৰণীয় নাই নেকি বুলি ৰাইজে প্রশ্ন উত্থাপন কৰিছে।

Share This