জৰাজীৰ্ণ কোঠাত চলে পাঠদান

dainik janambhumi July 09, 2026

ডিজিটেল ডেস্ক : ৰাজ্যৰ চৰকাৰী খণ্ডৰ শিক্ষা ব্যৱস্থাৰ একাংশ বিদ্যালয়ৰ পয়ালগা আন্তঃ গাঁথনিয়ে ছাত্ৰ-ছাত্ৰীসকলৰ লগতে অভিভাৱকসকলক চিন্তিত কৰিছে। গ্রামাঞ্চলৰ একাংশ শিক্ষানুষ্ঠানত ছাত্র-ছাত্ৰীৰ বাবে প্রয়োজনীয় শ্রেণীকোঠা, শৈক্ষিক আহিলা, ডেস্ক-বেঞ্চ আদি লাগতিয়াল সামগ্ৰী নথকাৰ বাবে অভিভাৱকসকলে চৰকাৰী বিদ্যালয়ত নামভর্তি কৰিবলৈ ভাবিবলগীয়া পৰিস্থিতিৰ সৃষ্টি হৈছে। যোৰহাট জিলাতো এনে বহু বিদ্যালয় আছে, যিসমূহত এতিয়াও সম্পূর্ণ হোৱা নাই আন্তঃগাঁথনি। জিলাখনত এনে প্রাথমিক বিদ্যালয় আছে যে বৰষুণ দিলে চৌহদত পানীৰে উপচি পৰাত বিদ্যালয়লৈ ছাত্র-ছাত্রী আহিব নোৱাৰা অৱস্থাৰ সৃষ্টি হয়। উত্তৰ যোৰহাটৰ ৰংদৈ উচ্চ মাধ্যমিক বিদ্যালয়ৰ মূল ভৱনটোৰ অৱস্থা বর্তমান শোচনীয়। প্রথিতযশা সাহিত্যিক অতুলানন্দ দেৱ গোস্বামীকে ধৰি বহু কেইগৰাকী শিক্ষানুৰাগী ব্যক্তিৰ প্ৰচেষ্টাৰ ফলতে ১৯৫২ চনতে প্রাণ পাই উঠিছিল ৰংদৈ মধ্য ইংৰাজী বিদ্যালয়ে। ১৯৮০ চনতে একেটা চৌহদতে ৰংদৈ উচ্চ ইংৰাজী বিদ্যালয় প্রতিষ্ঠা হৈছিল। ২০১৮ চনত এই দুয়োখন বিদ্যালয় একত্ৰীকৰণ কৰা হয়। 

কিন্তু পৰিতাপৰ কথা যে বিদ্যালয়খনৰ বর্তমান শিক্ষাদানৰ বাবে ব্যৱহৃত মূল ভৱনটোৰ অৱস্থা অতি শোচনীয় হৈ পৰিছে। ভৱনটোৰ দুৱাৰ-খিৰিকী, বেৰ আদি জহি-খহি গৈছে। মূল ভৱনটোৰ ওপৰত থকা বাহৰ চাংখন জৰাজীৰ্ণ হৈ পৰিছে। জৰাজীৰ্ণ অৱস্থাত থকা বৰচাংখন ভাগি পৰিলে ছাত্ৰ-ছাত্ৰীৰ কি অৱস্থা হ'ব, সেইকথা সহজে অনুমেয়। সাম্প্রতিক দুই শতাধিক ছাত্র-ছাত্রী বিদ্যালয়খনৰ আন্তঃগাঁথনিৰ অত্যন্ত দুর্বল ব্যৱস্থাই অভিভাৱক তথা স্থানীয় সচেতন জনতাক ভবাই তুলিছে। 

পৰিচালনা সমিতিয়ে মুখ্যমন্ত্রী ড°
হিমন্ত বিশ্ব শর্মা, শিক্ষা মন্ত্রী ডাঃ ৰণোজ পেণ্ডক সাক্ষাৎ কৰি আন্তঃগাঁথনি উন্নয়নৰ বাবে স্মাৰক-পত্র প্রদান কৰে যদিও বৰ্তমানলৈকে শিক্ষা বিভাগে কোনো ব্যৱস্থা গ্রহণ কৰা নাই। যিহেতুকে বিদ্যালয়খনত দুখন বিদ্যালয় একত্ৰীকৰণ হৈ আছে, সেয়েহে ছাত্র-ছাত্রীসকলৰ সুবিধাৰ প্রতি লক্ষ্য ৰাখি আন্তঃগাঁথনি উন্নয়ন কৰাটো অতি প্রয়োজনীয় হৈছে। যোৰহাটৰ শিক্ষা বিভাগে এনেধৰণৰ শিক্ষানুষ্ঠানসমূহৰ আন্তঃগাঁথনি সময় থাকোঁতেই উন্নয়ন নকৰিলে নহৈ হ'ব কি?

Share This