ডিজিটেল ডেস্ক : পাকিস্তানৰ হৈ চোৰাংচোৱাগিৰি কৰা ইউটিউবাৰ জ্যোতি মালহোত্রাক লৈ শেহতীয়াকৈ আন এক চাঞ্চল্যকৰ তথ্য প্রকাশ পাইছে। জ্যোতিৰ পহলগামৰ আক্ৰমণৰ সৈতে সম্পৰ্ক থকাৰ তথ্যও আৰক্ষীয়ে তদন্তত লাভ কৰিছে। হাৰিয়ানাৰ হিচাৰৰ আৰক্ষী অধীক্ষক শশাংক কুমাল সাৱনে জনোৱা মতে, পহলগামত সন্ত্রাসবাদীয়ে আক্ৰমণ কৰাৰ সময়ত জ্যোতিয়ে ভাৰতত থকা পাকিস্তানী উচ্চায়োগৰ দানিশৰ সৈতে যোগাযোগ ৰক্ষা কৰি আছিল। তেওঁ কয়, 'আমি কেন্দ্রীয় এজেন্সিৰ পৰা লাভ কৰা তথ্যৰ ভিত্তিত জ্যোতিক গ্ৰেপ্তাৰ কৰোঁ। তেওঁ কেইবাবাৰো পাকিস্তান ভ্রমণ কৰিছে। বর্তমান তেওঁক পাঁচ দিনৰ বাবে আৰক্ষীৰ জিম্মাত ৰখা হৈছে।' আৰক্ষীয়ে প্রকাশ কৰা মতে, সামাজিক মাধ্যমত প্রকাশ পোৱা জ্যোতিৰ ভিডিঅ'ৰ পৰা জানিব পৰা মতে, তেওঁ পহলগামত সন্ত্রাসবাদীৰ আক্ৰমণৰ তিনি মাহৰ আগতে শ্রীনগৰলৈ গৈছিল। তেওঁ পহলগামতো ঘূৰা-পকা কৰাৰ তথ্য পোৱা গৈছে। আৰক্ষীয়ে কেন্দ্ৰীয় এজেন্সিৰ সৈতে মিলি সকলো দিশ সামৰি তদন্ত কৰি আছে।
আৰক্ষী বিষয়াজনে প্ৰকাশ কৰা অনুসৰি শেহতীয়া ভাৰত-পাকিস্তানৰ মাজত যুদ্ধ চলি থকাৰ সময়ত জ্যোতিয়ে পাকিস্তানী চোৰাংচোৱা বিষয়াৰ সৈতে যোগাযোগ ৰক্ষা কৰি আছিল। কেৱল সিমানেই নহয়, পহলগামৰ আক্ৰমণটোৰ আগে আগে জ্যোতি পাকিস্তানত আছিল। উল্লেখযোগ্য যে ট্রেভেল ব্লগাৰ জ্যোাতিক ভাৰতৰ স্পৰ্শকাতৰ তথ্য পাকিস্তানী চোৰাংচোৱাক যোগান ধাৰৰ অভিযোগত গ্ৰেপ্তাৰ কৰা হৈছে। জ্যোতিয়ে ইতিমধ্যে এই কথা স্বীকাৰো কৰিছে। আৰক্ষীয়ে লাভ কৰা আন এক তথ্য মতে, জ্যোতিৰ পাকিস্তানী চোৰাংচোৱা সংস্থা আই এছ আইৰ তিনিজন বিষয়াৰ সৈতে যোগাযোগ আছিল। তিনিওজন বিষয়াৰ সৈতে তেওঁৰ ঘনিষ্ঠ সম্পর্ক থকা বুলিও আৰক্ষীয়ে তথ্য লাভ কৰিছে। এই বিষয়াকেইজনৰ সৈতে জ্যোতিক চিনাকি কৰাই দিছিল দিল্লীত থকা পাকিস্তানী উচ্চায়োগৰ বিষয়া দানিছে। দানিছক যোৱা ১৩ মে'ত চোৰাংচোৱাগিৰি কৰাৰ অভিযোগত দেশৰ পৰা বহিষ্কাৰ কৰা হয়। দিল্লীত পাকিস্তানী উচ্চায়োগে ভিছা দিয়াৰ নামত আই এছ আইৰ নেটৱৰ্ক চলাই আছিল। পাকিস্তান ভ্ৰমণৰ বাবে এই নেটৱৰ্কে ভাৰতীয় লোকৰ সন্ধান কৰি আছিল। যদি কোনো লোকে পাকিস্তানলৈ যাবলৈ অস্বীকাৰ কৰে, তেতিয়া তেওঁৰ ভিছা বাতিল কৰা হয়। পাকিস্তান ভ্রমণলৈ যাব বিচৰা লোকৰ বাবে ভিছা দিয়াৰ ব্যৱস্থা কৰিছিল আই এছ আয়ে। জ্যোতিও এই চক্ৰটোৰ জৰিয়তে আই এছ আইৰ সংস্পৰ্শলৈ আহিছিল। দানিছৰ সৈতে তেওঁৰ সম্পৰ্ক হৈছিল ২০২৩ চনত। উল্লেখযোগ্য যে ইউটিউবত জ্যোতিৰ প্রায় ৩.২১ লাখ ফল'ৱাৰ আছে। তেওঁৰ ইউটিউব চেনেলত পাকিস্তান ভ্ৰমণৰ বিষয়ে তথ্যৰ যোগান ধৰা হয়।
জ্যোতিয়ে হোৱাটছএপ, স্নেপচাট আৰু টেলিগ্রামৰ জৰিয়তে পাকিস্তানক ভাৰতৰ গোপন তথ্যৰ যোগান ধৰি আহিছিল। দানিছ ওৰফে এহছান-উৰ-ৰহমানৰ ভাৰতৰ কেইবাজনো ইউটিউবাৰ তথা ছ'চিয়েল মিডিয়া ইনফ্লুৱেঞ্চাৰৰ সৈতে সম্পৰ্ক আছিল। তেওঁৰ পাকিস্তান ভ্ৰমণৰ সকলো ব্যয় দানিছে বহন কৰিছিল। আশ্চৰ্যকৰ দিশটো হ'ল জ্যোতিয়ে অপাৰেশ্যন সেন্দূৰৰ সময়ত ভালেমান স্পর্শকাতৰ তথ্য পাকিস্তানী চোৰাংচোৱাক যোগান ধৰিছিল। অপাৰেশ্যন সেন্দূৰৰ আগে আগে ভাৰতৰ সামৰিক প্ৰস্তুতিৰ তথ্যও পাকিস্তানক তেওঁ যোগান ধৰিছিল। আনহাতে, সামাজিক মাধ্যমত তেওঁ পাকিস্তানৰ পক্ষে সমর্থন গোটোৱাৰ চেষ্টাও কৰিছিল আৰু সামাজিক মাধ্যমত এনে ধৰণৰ প'ষ্ট কৰিছিল, যাৰ জৰিয়তে পাকিস্তানৰ ভাবমূর্তি উন্নত কৰিব পাৰি। জ্যোতিৰ সৈতে দানিছৰ ই-মেইল আৰু আন যোগাযোগসমূহ পৰীক্ষা কৰি থকা হৈছে। ইফালে জ্যোতিৰ সৈতে বন্ধুত্বৰ সম্পৰ্ক থকা ওড়িশাৰ পুৰীৰ ইউটিউবাৰ প্রিয়ংকা সেনাপতিকো তদন্তত সামৰি লৈছে আৰক্ষীয়ে। তেওঁলোকৰ মাজত থকা সম্পর্ক কিমান গভীৰ আছিল আৰু কেনেধৰণৰ যোগযোগ আছিল আৰক্ষীয়ে সকলো দিশ সামৰি তদন্ত অব্যাহত ৰাখিছে।