কাছাৰত কাঁটাতাঁৰ কাটি ভাৰতত প্ৰৱেশ কৰি দিনদুপৰতে গৰু চুৰি কৰিলে বাংলাদেশী চোৰে 

Rashmi February 14, 2026

ডিজিটেল ডেস্ক:  কাছাৰৰ ভাৰত-বাংলাদেশ সীমান্তত পুনৰ সক্ৰিয় হৈ উঠিছে বাংলাদেশী চোৰৰ দল। এইবাৰ দিনদুপৰতে কাঁটাতাঁৰৰ বেৰা কাটি ভাৰতীয় ভূখণ্ডত প্ৰৱেশ কৰি গৰু চুৰি কৰি লৈ যোৱা এক চাঞ্চল্যকৰ ঘটনা পোহৰলৈ আহিছে। কাছাৰ জিলাৰ কাটিগড়া সমষ্টিৰ অন্তৰ্গত লেভাৰপুতা সীমান্তত শুকুৰবাৰে এই ঘটনা সংঘটিত হয়। 

প্ৰাপ্ত তথ্য অনুসৰি, শুকুৰবাৰে দুপৰীয়া যেতিয়া সীমান্তৱৰ্তী লেভাৰপুতা গাঁৱৰ অধিকাংশ লোক জুম্মাৰ নামাজৰ বাবে মছজিদলৈ গৈছিল, সেই সুযোগতে এদল বাংলাদেশী চোৰে সীমান্তৰ কাঁটাতাঁৰ কাটি ভাৰতত প্ৰৱেশ কৰে। চোৰৰ দলটোৱে এখন পথাৰৰ পৰা এটা গৰু লৈ পুনৰ কাঁটাতাঁৰৰ সেই অংশৰে বাংলাদেশলৈ পলায়ন কৰে। কিছুসংখ্যক স্থানীয় লোকে ঘটনাটো প্ৰত্যক্ষ কৰি চিঞৰ-বাখৰ কৰে যদিও চোৰৰ দলটোৱে দ্ৰুতবেগে নদী পাৰ হৈ সিপাৰ পায়গৈ। নামাজৰ শেষত গাঁৱৰ ৰাইজ একত্ৰিত হোৱাৰ পাছতে অঞ্চলটোত তীব্ৰ উত্তেজনাৰ সৃষ্টি হয়। 

দিনদুপৰতে বাংলাদেশী চোৰে এনেদৰে সীমা লংঘন কৰি গৰু চুৰি কৰা কাৰ্যই স্থানীয় লোকসকলক স্তম্ভিত কৰি তুলিছে। বিশেষকৈ সীমান্তত পহৰা দি থকা বি এছ এফ (BSF) ৰ ভূমিকাৰ ওপৰত এতিয়া ডাঙৰ প্ৰশ্ন থিয় হৈছে। কেনেকৈ নিৰাপত্তাৰক্ষীৰ চকুত ধূলি দি চোৰে কাঁটাতাঁৰ কাটিবলৈ সাহস পালে, তাক লৈ ৰাইজৰ মাজত ব্যাপক ক্ষোভ দেখা গৈছে।  

জানিব পৰা মতে, বি এছ এফ কৰ্তৃপক্ষই ঘটনাটো গুৰুত্বসহকাৰে লৈছে আৰু এই সন্দৰ্ভত বাংলাদেশৰ সীমান্তৰক্ষী বাহিনী বি জি বি (BGB) ৰ সৈতে ফ্ল্যাগ মিটিঙৰ জৰিয়তে আলোচনা আৰম্ভ কৰিছে। সীমান্তৱৰ্তী ৰাইজে এতিয়া অধিক নিৰাপত্তা আৰু চোৰৰ বিৰুদ্ধে কঠোৰ পদক্ষেপৰ দাবী জনাইছে।




প্ৰাগ নিউজ ডিজিটেল

Share This