ডিজিটেল ডেস্ক : পাঁচ বছৰৰ বিৰতিৰ মূৰত ভাৰতে শনিবাৰে জুন মাহৰ পৰা কৈলাস, মানস সৰোবৰ যাত্ৰা পুনৰ আৰম্ভ কৰাৰ কথা ঘোষণা কৰে।
২০২০ চনৰ পৰা কৈলাস, মানস সৰোবৰ যাত্ৰা আৰম্ভ হোৱা নাই। বৈদেশিক পৰিক্ৰমা মন্ত্ৰ্যালয়ৰ উদ্যোগত আয়োজিত এই যাত্ৰা এই বৰ্ষৰ জুনৰ পৰা আগষ্টলৈ চলিব।
মানস সৰোবৰ যাত্রা পুনৰ আৰম্ভণি ভাৰত-চীনৰ সম্পৰ্ক উন্নত কৰিবলৈ চলি থকা প্ৰচেষ্টাৰে অংশ হিচাপে গণ্য কৰা হৈছে। এই যাত্ৰাৰ বাবে আবেদন kmy.gov.in বেবছাইটত দাখিল কৰিব পৰা যাব।