খুচুৰা মুদ্ৰাৰ চমক! ৫ বছৰৰ সঞ্চয়েৰে স্কুটি ক্ৰয় চাবুৱাৰ সন্তোষ কুমাৰ শ্বাহৰ

Rashmi November 09, 2026

ডিজিটেল ডেস্ক: সাধাৰণতে খুচুৰা মুদ্ৰাক বহুতে বিশেষ গুৰুত্ব নিদিয়ে। কিন্তু এই খুচুৰা মুদ্ৰাই যে এদিন বৃহৎ সঞ্চয়ৰ ৰূপ ল'ব পাৰে, তাৰেই নিদৰ্শন দাঙি ধৰিলে চাবুৱাৰ সন্তোষ কুমাৰ শ্বাহ নামৰ এজন ব্যক্তিয়ে।

বছৰ বছৰ ধৰি এটাৰ পিছত এটাকৈ ২০ টকীয়া খুচুৰা মুদ্ৰা জমা কৰি অৱশেষত সেই ধনেৰে ব্যক্তিজনে ক্ৰয় কৰিলে এখন স্কুটি।

এদিন দুদিন নহয়,ব্যক্তিজনে বিগত পাঁচ বছৰ ধৰি সংগ্ৰহ কৰিছিল খুচুৰা মুদ্ৰা। এনেদৰেই অলপ অলপকৈ জমা হোৱা ধনে অৱশেষত ল'লে ১ লাখ ৪০ হাজাৰ টকাৰ বৃহৎ ৰূপ। চাবুৱাৰ সন্তোষ শ্বাহ নামৰ ব্যক্তিগৰাকীয়ে এইদৰে সংগ্ৰহ কৰা মুদ্ৰাৰ পৰা ১ লাখ ৩২ হাজাৰ টকা ব্যয় কৰি ক্ৰয় কৰিলে সপোনৰ বাহনখন।

উল্লেখ্য যে ডিলাৰৰ প্ৰায় ১০ জন কৰ্মচাৰীয়ে অতি ধৈৰ্যেৰে ১ ঘণ্টা সময় হিচাপ কৰি  উলিয়ালে ১ লক্ষ ৩২ হাজাৰ টকাৰ খুচুৰা মুদ্ৰাখিনি। 

খুচুৰা মুদ্ৰাৰ জৰিয়তেই যে এনেদৰে এদিন সপোন পূৰণ কৰিব পাৰে, তাৰেই এক বাস্তৱ উদাহৰণ চাবুৱাৰ সন্তোষ কুমাৰ শ্বাহ। 

ব্যক্তিগৰাকীৰ এই ব্যতিক্ৰমী সঞ্চয়ৰ কাহিনীয়ে এতিয়া সকলোৰে দৃষ্টি আকৰ্ষণ কৰিছে আৰু অঞ্চলটোত সৃষ্টি কৰিছে ব্যাপক চৰ্চাৰ।





উৎস : প্ৰাগ নিউজ ডিজিটেল

Share This