পৰস্পৰৰ বিৰুদ্ধে তৰা গোচৰ প্ৰত্যাহাৰ,  কংগনা, জাভেদ আখতাৰৰ বুজাবুজি 

Dainik janambhumi March 01, 2025

ডিজিটেল ডেস্কঃ অভিনেত্রী কংগনা ৰাণাৱটে গীতিকাৰ-চিত্ৰনাট্যকাৰ জাভেদ আখতাৰৰ বিৰুদ্ধে তৰা চাৰি বছৰীয়া মানহানিৰ গোচৰ শুকুৰবাৰে অভিনেত্ৰীগৰাকীয়ে মধ্যস্থতাৰ মাজেৰে নিষ্পত্তি কৰে।

চিত্ৰনাট্যকাৰজনে সন্মুখীন হোৱা আহুকালৰ বাবে ৰাণাৱটে ক্ষমাও বিচাৰে। শুকুৰবাৰে দুয়োগৰাকীয়ে এখন বিশেষ আদালতত উপস্থিত হয় আৰু আদালতক জনায়। যে তেওঁলোকে পৰস্পৰৰ বিৰুদ্ধে তৰা গোচৰ প্ৰত্যাহাৰ কৰিবলৈ তেওঁলোকে সিদ্ধান্ত গ্রহণ কৰিছে।

আদালতত উপস্থিত হোৱাৰ পাছত ৰাণাৱটে আখতাৰৰ সৈতে তোলা এখন ফটো তেওঁৰ সামাজিক মাধ্যমৰ একাউন্টত আপল'ডো কৰে আৰু কয় যে তেওঁলোকে আইনী বিষয়টো নিষ্পত্তি কৰিলে।

উল্লেখযোগ্য যে ২০২০ চনত আখতাৰে ৰাণাৱটৰ বিৰুদ্ধে মানহানিৰ গোচৰ তৰিছিল। ইয়াৰ পাছতে ৰাণাৱটেও আখতাৰৰ বিৰুদ্ধে ভাবুকি দিয়া আৰু অশালীন ব্যৱহাৰ কৰা বুলি গোচৰ তৰিছিল।

Share This