ধ্বংসস্তূপত কৰ্মবীৰ নবীন চন্দ্ৰ বৰদলৈ ইনড'ৰ ষ্টেডিয়াম

dainik janambhumi July 04, 2026

ডিজিটেল ডেস্ক : বাৰিষা বতৰত মেৰামতিৰ পৰিণতিত একপ্ৰকাৰ ধ্বংসস্তূপত পৰিণত হ'ল কৰ্মবীৰ নবীন চন্দ্ৰ বৰদলৈ ইনড'ৰ ষ্টেডিয়াম। কি 'চাল' কি 'মজিয়া' কোনো ফালেই চাব নোৱাৰি। চকুৰ পচাৰতে অসমৰ সৰ্বাধিক ব্যয়বহুল শীততাপ নিয়ন্ত্রিত ইনড'ৰ ষ্টেডিয়ামখনৰ দুৰৱস্থাৰ ছবিখনে হতবাক কৰিছে স্থানীয় খেলুৱৈ ক্রীড়াপ্রেমীক। 

প্রায় আঢ়ৈ কোটি টকা ব্যয় কৰি মাথোঁ দুবছৰ পূৰ্বে নিৰ্মাণ কৰা মেপল কাঠৰ মজিয়া আজিৰ তাৰিখত তচনচ্। এয়াই নেকি অসমত চৰকাৰৰ ক্ৰীড়া বিভাগৰ ক্ৰীড়া সম্পত্তিসমূহৰ ব্যৱহাৰ তথা প্রতিপালনৰ নমুনা! বিষয়টোৱে সচেতন ক্রীড়া মহলৰ চকু কপালত তুলিছে। ২০০৭ চনৰ ৩৩সংখ্যক ৰাষ্ট্ৰীয় ক্রীড়াৰ আধাৰত প্ৰায় ২৬ কোটি টকা ব্যয়েৰে নিৰ্মাণ কৰা সৰুসজাইৰ নবীন চন্দ্ৰ বৰদলৈ ইনড'ৰ ষ্টেডিয়ামখনৰ লগতে অর্জুন ভোগেশ্বৰ বৰুৱা ক্রীড়া প্রকল্পটোৱেই দীর্ঘদিন ধৰি অসম ক্রীড়া প্ৰাধিকৰণৰ শীৰ্ষ বিষয়াৰ বাবে সোণৰ কণী পৰা হাঁহলৈ ৰূপান্তৰিত হৈ আহিছে। ষ্টেডিয়াম প্রকল্পটোৰ ব্যৱহাৰ, প্ৰতিপালন আৰু মেৰামতিৰ নামত বছৰ বছৰ ধৰি সংঘটিত হৈ আহিছে বৃহৎ দুর্নীতি। মেৰামতিৰ নামতো দীর্ঘদিন চলি আছে ভুৱা বিল তথা কমিছনৰ অংক। বাৰিষা বতৰত কাম আৰম্ভ কৰাৰ পৰিণতিত এতিয়া ধ্বংসস্তূপত পৰিণত হ'ল কৰ্মবীৰ নবীন চন্দ্ৰ বৰদলৈ ইনড'ৰ ষ্টেডিয়াম। 

যোৱা ১১ মাৰ্চত (বুধবাৰৰ পৰা) আৰম্ভ হোৱা কামৰ মাজতে হোৱা ধুমুহা-বৰষুণত ষ্টেডিয়ামৰ মেপল কাঠৰ মজিয়া সম্পূর্ণ বিধ্বস্ত হৈছে। কানাডাৰ পৰা অনা মেপল কাঠৰ দীঘে ৬০ মিটাৰ আৰু বহলে ৩৫ মিটাৰ পৰিসৰৰ মজিয়াত পানী সোমাই বিধ্বস্ত হৈছে। অথচ অসমত যোৱা মার্চ মাহৰ মাজভাগলৈ বিগত ৬ মাহ বৰষুণ হোৱা নাছিল। সময় থাকোঁতেই পুনর্নির্মাণ নকৰি বাৰিষা কালত এই ব্যৱস্থা গ্রহণ কৰা বাবেই এনে ধৰণৰ অথন্তৰ হৈছে। মূধচৰ শ্ৰুবিলাক খুলি দিয়াত ধুমুহা-বৰষুণে তাণ্ডৱ সৃষ্টি কৰিলে। এনেদৰেই ধ্বংসৰ গৰাহলৈ গতি কৰিলে অসমৰ একমাত্র শীততাপ নিয়ন্ত্রিত, মাল্টিপাৰপাছ ইনড'ৰ হলটো। বহু আন্তঃৰাষ্ট্ৰীয় তথা ৰাষ্ট্ৰীয় ক্রীড়া, খেল' ইণ্ডিয়া য়ুথ গেমছ আদি অনেক ৰাষ্ট্ৰীয় ক্রীড়া প্রতিযোগিতা সুকলমে আয়োজন কৰা ২০০০ আসন বিশিষ্ট ইনড'ৰ হলটো কাৰ ভুলৰ বাবে এনেদৰে ধ্বংস হ'ল তাৰ বিচাৰ হ'ব নে? ক্রীড়া মন্ত্রীক বিপথে পৰিচালিত কৰি অবতৰত মেৰামতিৰ এনে এক হঠকাৰী সিদ্ধান্ত গ্ৰহণ কৰা বাবেই ইনড'ৰ হলটোৰ বৃহৎ ক্ষতি হোৱাৰ অভিযোগ উঠিছে। 

ক্রীড়া আৰু যুৱ কল্যাণ বিভাগৰ বিশেষ সচিব কে জে হিলালী অসম ক্রীড়া প্রধিকৰণৰ সঞ্চালক প্ৰধানৰ দায়িত্বত আছে। কর্মবীৰ নবীন চন্দ্ৰ বৰদলৈ ইনড'ৰ ষ্টেডিয়াম অসম ক্রীড়া প্রধিকৰণৰ অধীনত। এনে এক আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ ইনড'ৰ হল মেৰামতিৰ ক্ষেত্ৰত যিদৰে দায়িত্বশীল হ'ব লাগিছিল, সেয়া দেখা নগ'ল। অসম ক্রীড়া প্ৰাধিকৰণৰ সঞ্চালক প্রধানগৰাকীয়ে খৰালিৰ সময়ত মেৰামতিৰ কাম নকৰাৰ বাবেই আজি এনে অৱস্থাৰ সৃষ্টি হোৱা বুলি ক্রীড়াপ্রেমীয়ে অভিযোগ কৰিছে।

Share This