ডিজিটেল ডেস্ক : বহু প্রতীক্ষিত কাজিৰঙা এলিভেটেড কৰিড'ৰ নিৰ্মাণৰ বাবে কেন্দ্ৰীয় চৰকাৰে নিবিদা আহ্বান কৰিছে। কলিয়াবৰ-নুমলীগড় অংশৰ ৰাষ্ট্ৰীয় ঘাইপথছোৱা চাৰিলেনলৈ সম্প্ৰসাৰণৰ লগতে এলিভেটেড কৰিড'ৰ নিৰ্মাণকে ধৰি সমগ্র প্রকল্পটোৰ আনুমানিক ব্যয় ধার্য কৰা হৈছে ৪,৮২৯.১৪ কোটি টকা।
উল্লেখযোগ্য যে প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীয়ে অসম বিধানসভা নিৰ্বাচনৰ পূৰ্বে যোৱা ১৮ জানুৱাৰীত কলিয়াবৰত উপস্থিত হৈ কাজিৰঙা এলিভেটেড কৰিড'ৰৰ আধাৰশিলা স্থাপন কৰি প্ৰকল্পটোৰ কাম শীঘ্ৰে আৰম্ভ কৰাত গুৰুত্ব দিছিল।
সেই অনুসৰি ৰাষ্ট্ৰীয় পথ পৰিবহণ আৰু ঘাইপথ মন্ত্ৰ্যালয়ে প্রকল্পটোৰ বাবে নিবিদা আহ্বান কৰিছে। ইয়াৰ পূৰ্বে কলিয়াবৰৰ পৰা নুমলীগড় সংযোগী ৰাষ্ট্ৰীয় ঘাইপথ উন্নয়ন প্ৰকল্পৰ দায়িত্ব ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণ (NHAI)-ক অর্পণ কৰা হৈছিল। সেই অনুসৰি এন এইচ এ আয়ে কাজিৰঙা এলিভেটেড কৰিড'ৰসহ প্রকল্পটোৰ বাবে নিবিদা আহ্বান কৰিছিল যদিও প্রথমবাৰৰ বাবে আহ্বান বাতিল কৰা হয়। ইয়াৰ পাছত এতিয়া দ্বিতীয়বাৰৰ বাবে 'EPC Mode'ৰ অধীনত নতুনকৈ নিবিদা আহ্বান কৰা হৈছে। নতুন নিবিদা অনুসৰি, নির্বাচিত নির্মাণ সংস্থাই কাম লাভ কৰাৰ পাছত তিনি বছৰৰ ভিতৰত প্ৰকল্পটোৰ কাম সম্পূৰ্ণ কৰিব লাগিব। ইয়াৰ লগতে সংশ্লিষ্ট ৰাষ্ট্ৰীয় ঘাইপথ অংশটো পৰৱৰ্তী ১০ বছৰৰ বাবে ৰক্ষণাবেক্ষণৰ দায়িত্বও নিৰ্মাণকাৰী সংস্থাটোৰ ওপৰত ন্যস্ত থাকিব।
প্রণিধানযোগ্য যে কলিয়াবৰৰ পৰা নুমলীগড়লৈকে ৮৬ কিল'মিটাৰ দৈৰ্ঘ্যৰ এই প্ৰকল্পটোক দেশৰ অন্যতম পৰিৱেশ-সচেতন ঘাইপথ প্রকল্প হিচাপে গণ্য কৰা হৈছে। ইয়াৰ ভিতৰত ৩৫ কিল'মিটাৰ দীঘল এলিভেটেড কৰিড'ৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ মাজৰ অংশত নিৰ্মাণ কৰা হ'ব। ইয়াৰ উপৰি ২১ কিল'মিটাৰ দৈৰ্ঘ্যৰ বাইপাছ আৰু ৩০ কিল'মিটাৰ বৰ্তমানৰ ৰাষ্ট্ৰীয় ঘাইপথছোৱা দুটা লেনৰ পৰা চাৰিলেনলৈ সম্প্ৰসাৰণ ঘটোৱা হ'ব।
প্ৰকল্পৰ অংশ হিচাপে জখলাবন্ধা আৰু বোকাখাতত নতুন বাইপাছ নির্মাণ কৰা হ'ব। ইয়াৰ ফলত দুয়োখন নগৰত যান-জঁটৰ সমস্যা হ্রাস পাব। আনহাতে এই প্রকল্প ৰূপায়ণ হৈ উঠিলে উজনি অসমৰ যোগাযোগ ব্যৱস্থাত এক নতুন দিগন্তৰ সূচনা হ'ব। কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ পৰ্যটনেও এক নতুনত্ব লাভ কৰিব বুলি আশা কৰা হৈছে।