ডিজিটেল ডেস্ক : বিশ্বৰ লাখ লাখ পৰ্যটকৰ অন্যতম আকৰ্ষণৰ কেন্দ্রবিন্দু তথা বিশ্ব ঐতিহ্য ক্ষেত্র হিচাপে পৰিচিত এশিঙীয়া গঁড়ৰ বিচৰণস্থলী কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানে পক্ষীপ্রেমীসকলৰ বাবে অন্য এক আশাৰ বতৰা কঢ়িয়াই আনিছে। উদ্যানখন দুষ্প্রাপ্য পক্ষীৰ হটস্পট হিচাপে চিহ্নিত হৈছে। উদ্যান কর্তৃপক্ষৰ এক নতুন অধ্যয়নত পোহৰলৈ আহিছে এই গুৰুত্বপূৰ্ণ তথ্য।
ভাৰতৰ ৪৫ শতাংশ চিকাৰী চৰাই প্ৰজাতি আৰু দেশৰ ৮টা ষ্টৰ্ক প্ৰজাতিৰ ভিতৰত ৬টা প্ৰজাতিৰ পক্ষীক উদ্যানখনে আতিথ্য প্রদান কৰিছে। ইয়াৰ উপৰি ইয়াত বিৰল প্ৰজাতিৰ পাল্লাছৰ ফিছ ঈগলৰ বাবে দেশৰ সৰ্বাধিক ঘনত্বৰ বাহ সজা স্থান ৰেকৰ্ড কৰা হৈছে। লিপিবদ্ধ কৰা প্ৰজাতিৰ অধিকাংশই বন্যপ্রাণী (সুৰক্ষা) আইন, ১৯৭২ৰ ১নং অনুসূচীৰ তালিকাভুক্ত। এই সমীক্ষাত ৩০টা চিকাৰী চৰাইৰ প্ৰজাতিৰ ২১৭টা পক্ষী আৰু ৬টা ষ্টৰ্ক প্ৰজাতিৰ ২৬৬টা চৰাই নথিভুক্ত কৰা হৈছে। ষ্টৰ্ক প্ৰজাতিৰ ভিতৰত এছিয়ান অ'পেনবিল সর্বাধিক ৯২টা নথিভুক্ত কৰা হৈছে। আনহাতে দুষ্প্রাপ্য গ্ৰেটাৰ এডজুটেন্ট ষ্টর্ক তিনিটা দেখা পোৱাৰ তথ্য নথিভুক্ত কৰা হৈছে। চিকাৰী চৰাইৰ ভিতৰত হিমালয়ান গ্রীফন শগুন ৬৯টা, বুটেড ঈগল আৰু হোৱাইট টেইলড ঈগল প্ৰতিটোৰে এটাকৈ দেখাৰ তথ্য নথিভুক্ত কৰা হৈছে। উদ্যান কৰ্তৃপক্ষৰ তথ্য অনুসৰি কাজিৰঙাত ২১টা চিকাৰী চৰাইৰ প্ৰজাতি আৰু ৫টা ষ্টৰ্ক প্ৰজাতিৰে সৰ্বাধিক সমৃদ্ধি ৰেকৰ্ড কৰা হৈছে। ইয়াৰ ভিতৰত বিশ্বনাথ বন্যপ্রাণী বিভাগত ২০টা ৰেপ্টৰ প্ৰজাতিৰ লগতে ৬টা ষ্টর্ক প্রজাতি আৰু নগাঁও বন্যপ্রাণী বিভাগত ১৪টা ৰেপ্টৰ প্ৰজাতিৰ লগতে ৫টা ষ্টর্ক প্রজাতি ৰেকৰ্ড কৰা হৈছে।কাজিৰঙা বাঘ সংৰক্ষিত কর্তৃপক্ষই ৰাজ্যিক বিশ্ববিদ্যালয়সমূহৰ গৱেষণা পণ্ডিতসকলৰ সৈতে ২০২৬ চনৰ ফেব্ৰুৱাৰী-মার্চ মাহত এই বিস্তৃত সমীক্ষা চলাইছিল।
উল্লেখযোগ্য যে সমগ্র দেশত পোৱা ১১২টা চিকাৰী চৰাইৰ প্ৰজাতিৰ ভিতৰত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান আৰু ইয়াৰ কাষৰীয়া ভূ-প্রকৃতিত প্রায় ৫০টা প্রজাতি পোৱা যায়। ৰাজ্যখনৰ চহকী, বৈচিত্র্যময় জলাশয় আৰু হিমালয়ৰ পাদদেশে এই চিকাৰ চৰাইবোৰৰ বাবে অনুকূল পৰিৱেশ প্রদান কৰিছে। পক্ষীৰ হটস্পট হিচাপে পৰিণত হোৱা কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানে বিশ্বৰ পক্ষীপ্রেমীসকললৈ আশাব্যঞ্জক বতৰা কঢ়িয়াই অনাৰ লগতে পৰ্যটনৰ দিশত অসমক অনন্য মাত্ৰা প্ৰদান কৰিছে।