কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান, ড° চি ৰমেশ নতুন সঞ্চালক, সোণালী ঘোষক মানাহলৈ

dainik janambhumi May 31, 2026

ডিজিটেল ডেস্ক : কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান আৰু ব্যাঘ্র সংৰক্ষিত বনাঞ্চলৰ ক্ষেত্ৰ সঞ্চালক হিচাপে কৰ্মৰত অসম চৰকাৰৰ বন বিভাগৰ অতিৰিক্ত প্রধান মুখ্য বন সংৰক্ষক, ভাৰতীয় বন সেৱা বিষয়া ড° সোণালী ঘোষক বড়ো স্বায়ত্তশাসিত এলেকাৰ অতিৰিক্ত প্রধান মুখ্য বন সংৰক্ষক হিচাপে বদলি কৰা হৈছে। ইয়াৰ উপৰি ড° সোণালী ঘোষক মানাহ ৰাষ্ট্ৰীয় উদ্যান আৰু ব্যাঘ্ৰ সংৰক্ষিত বনাঞ্চলৰ ক্ষেত্ৰ সঞ্চালকৰ অতিৰিক্ত দায়িত্বও অর্পণ কৰা হৈছে। 

কালি অসম চৰকাৰৰ যুটীয়া সচিব শচিন্দ্র দাসে স্বাক্ষৰ কৰা ECF.722324/130: নং জাননীৰে এই নির্দেশ প্রদান কৰিছে। এই একে নিৰ্দেশ অনুসৰি, বন বিভাগৰ মুখ্য বন সংৰক্ষক আৰু সম্প্ৰতি মানাহ ৰাষ্ট্ৰীয় উদ্যান আৰু ব্যাঘ্ৰ সংৰক্ষিত ক্ষেত্ৰ সঞ্চালক পদত কৰ্মৰত ভাৰতীয় বন সেৱাৰ বিষয়া ড° চি ৰমেশক কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান আৰু ব্যাঘ্ৰ সংৰক্ষিত বনাঞ্চলৰ ক্ষেত্র সঞ্চালক হিচাপে নিযুক্ত কৰা হৈছে। 

উল্লেখযোগ্য যে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান আৰু ব্যাঘ্ৰ সংৰক্ষিত বনাঞ্চলৰ ক্ষেত্ৰ সঞ্চালক পদটো মূলতঃ মুখ্য বন সংৰক্ষকৰ পদ যদিও বিভাগীয় নির্দেশতে অতিৰিক্ত প্রধান মুখ্য বন সংৰক্ষক হৈও বিগত সময়ছোৱাত কাজিৰঙাৰ ক্ষেত্ৰ সঞ্চালকৰ দায়িত্বৰ উপৰি কৃষি বনানিকৰণ বিভাগৰ মুখ্য বিষয়া হিচাপে কাৰ্যভাৰ পালন কৰিছিল। ২০২৩ চনৰ ৩১ মাৰ্চত ড° সোণালী ঘোষে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান আৰু ব্যাঘ্র সংৰক্ষিত বনাঞ্চলৰ ক্ষেত্ৰ সঞ্চালকৰ দায়িত্বভাৰ গ্ৰহণ কৰিছিল।

Share This