ডিজিটেল ডেস্ক : আহমেদাবাদৰ বিমান দুৰ্ঘটনাৰ পাছত এতিয়া উত্তৰাখণ্ডৰ কেদাৰনাথ ধামত সংঘটিত হয় আন এক দুৰ্ঘটনা। আজি পুৱা কেদাৰনাথ ধামত এখন হেলিকপ্টাৰ দুৰ্ঘটনাগ্ৰস্ত হয়। গুপ্তকাশীৰ পৰা কেদাৰনাথ ধামলৈ গৈ থকা অৱস্থাত গৌৰীকুণ্ড-সৌনপ্ৰয়াগৰ জংঘলত দুৰ্ঘটনাত পতিত হয় এখন হেলিকপ্টাৰ । এই দুৰ্ঘটনাত পাইলটসহ মুঠ ৭জন লোকৰ মৃত্যু হোৱা বুলি জানিব পৰা গৈছে ।
দুৰ্ঘটনাত পতিত হেলিকপ্টাৰখন আৰিয়ান এভিয়েচন নামৰ এটা ব্যক্তিগত কোম্পানীৰ। খবৰ পোৱা মাত্ৰকে ঘটনাস্থলীলৈ ৰাওনা হৈছে উদ্ধাৰকাৰীৰ দল । প্ৰতিকূল বতৰৰ বাবে এই দুৰ্ঘটনাটো সংঘটিত হোৱা বুলি জানিব পৰা গৈছে।
উল্লেখযোগ্য যে এই চাৰিধাম যাত্ৰাৰ সময়ত বিভিন্ন ধামত কেইবাবাৰো হেলিকপ্টাৰ দুৰ্ঘটনাগ্ৰস্ত হৈছে। লগতে কেইবাবাৰো হেলিকপ্টাৰ জৰুৰীকালীন অৱতৰণ কৰিব লগা পৰিস্থিতিৰ সৃষ্টি হৈছে। আনহাতে এই দুৰ্ঘটনাবোৰৰ প্ৰতি লক্ষ্য ৰাখি কেদাৰনাথ পথত হেলিকপ্টাৰ যাত্ৰাৰ সংখ্যা হ্ৰাস কৰা হৈছে।