কেজৰিৱালৰ পদত্যাগ
Dainik Janambhumi
September 19, 2024
ডিজিটেল ডেস্কঃ অৰৱিন্দ কেজৰিৱালৰ পদত্যাগ আৰু তেওঁৰে ঘনিষ্ঠ-বিশ্বাসী মন্ত্ৰী আতিশী মাৰ্লেনা সিঙক দিল্লীৰ মুখ্যমন্ত্ৰিত্বৰ দায়িত্ব অৰ্পণক সঠিক সিদ্ধান্ত বুলিয়েই ক’ব পাৰি৷ কিয়নো বিজেপিৰ অভিশাপত কেজৰিৱাল তিহাৰ জে’লত আবদ্ধ হৈ থকাৰ পৰা দিল্লী চৰকাৰৰ বহু জনকল্যাণমূলক আঁচনি, উন্নয়নমূলক কাম-কাজ আৰু বিদ্যালয়ৰ শিক্ষামূলক ব্যৱস্থাসমূহত স্থবিৰতা আহি পৰিছিল৷
ইয়াক লৈ দিল্লীৰ জনতাও চিন্তাত আছিল৷ এনেক্ষেত্ৰত কেজৰিৱালে স্থবিৰ কামসমূহ পুনৰ চলাই নিয়াৰ স্বাৰ্থত, সামগ্ৰিকভাৱে দিল্লীৰ স্বাৰ্থত লোৱা সিদ্ধান্তই জনতাক চিন্তামুক্ত কৰাই নহয়, তেওঁৰ সিদ্ধান্তকো জনমুখী আৰু ইতিবাচক হিচাপেই চিহ্নিত কৰিলে৷ কেৱল সেয়াই নহয়, আগন্তুক দিনত তেওঁৰ এই ত্যাগৰ মনোভাবে দল আৰু কৰ্মীসকলৰ প্ৰতি সহানুভূতি বৃদ্ধিৰ সম্ভাৱনাও মুকলি কৰিলে৷ দিল্লীৰ বিধানসভাৰ নিৰ্বাচনলৈ মাজত মাত্ৰ কেইমাহমানহে আছে৷ হিচাপ মতে, ২০২৫ চনৰ ফেব্ৰুৱাৰীৰ ভিতৰত আপ-চৰকাৰৰ কাৰ্যকাল শেষ হ’ব৷
সেয়ে ২০২৫১ ফেব্ৰুৱাৰীৰ পূৰ্বেই অনুষ্ঠিত হ’ব নিৰ্বাচন৷ কিন্তু আপে এই নিৰ্বাচন কিছুদিন আগুৱাই অক্টোবৰ-নৱেম্বৰতে অনুষ্ঠিত কৰিবলৈ দাবী উত্থাপন কৰিছে৷ আপৰ এগৰাকী মন্ত্ৰী গোপাল ৰায়ে কৈছে যে নিৰ্বাচন যিমান সোনকালে পাতে তেওঁলোকৰ পাৰ্টিয়ে সিমানে ভাল পাব৷ অৱশ্যে আতিশী মাৰ্লেনা সিঙক নিৰ্বাচনলৈকে অৱশিষ্ট কেইমাহৰ বাবে চৰকাৰ চলাবলৈ দায়িত্ব দিয়াক লৈ বিজেপিৰ দুই-এক নেতাৰ বাহিৰে ওজৰ-আপত্তি-অসন্তুষ্টি ক’তো পৰিলক্ষিত হোৱা নাই৷ বৰং আপৰ এগৰাকী বিধায়ক সৌৰভ ভৰদ্বাজে কয়, ‘এইকেইদিন ভগৱান ৰামৰ নামত যেনেদৰে ভৰতে শাসন চলাইছিল, ঠিক তেনেদৰে আমি সকলোৱে মিলি কেজৰিৱালৰ নামতে শাসন চলাই যাম৷’ আতিশীয়ে নিজেও কৈছে– ‘মোৰ মন আজি যিমান আনন্দিত তাতোতকৈ অধিক দুখী৷ কিয়নো দিল্লীৰ তিনি কোটি জনতাৰ প্ৰিয় মুখ্যমন্ত্ৰীয়ে আজি পদত্যাগ কৰিছে৷
দিল্লীৰ জনতাৰ বাবে কেজৰিৱালতকৈ ভাল মুখ্যমন্ত্ৰী আন কোনো হ’ব নোৱাৰে৷’ অৱশ্যে বিজেপিৰ সাংসদ কমলজিত শেখাৱটে আতিশী মুখ্যমন্ত্ৰী হোৱা বা কেজৰিৱাল হোৱাৰ মাজত কোনো পাৰ্থক্য নাই বুলি কয়৷ তেওঁ কয়, ‘ইয়াত কোনো নতুনত্ব নাই৷ অৰৱিন্দ কেজৰিৱাল এতিয়াও অদৃশ্য মুখ্যমন্ত্ৰী৷’ অৱশ্যে এই কথা ঠিক যে কেজৰিৱালৰ আদৰ্শ-নীতিক আগবঢ়াই লৈ যাবলৈ আতিশীৰ দৰে বিশ্বস্ত, কৰ্মঠ ৰাজনীতিকতকৈ আন কোনো উপযুক্ত হ’ব নোৱাৰে৷ ২০১৩ চনত ৰাজনীতিত পদাৰ্পণ কৰা আতিশী এগৰাকী অতি মেধাসম্পন্ন ব্যক্তি, যি অক্সফ’ৰ্ড ইউনিভাৰ্ছিটিৰ পৰা দুটা বিষয়ৰ স্নাতকোত্তৰ ডিগ্ৰীধাৰী৷ ইতিমধ্যে তেওঁ শিক্ষা, লোকনিৰ্মাণ, সংস্কৃতি আৰু পৰ্যটন বিভাগৰ মন্ত্ৰী হিচাপেও দক্ষতা দেখুৱাইছে৷ তেওঁ দিল্লীৰ প্ৰাক্তন উপ-মুখ্যমন্ত্ৰী মনীষ ছিছ’দিয়াৰ উপদেষ্টা হিচাপেও কাৰ্যনিৰ্বাহ কৰিছিল৷ আতিশীৰ প্ৰকৃত নাম আছিল আতিশী সিং৷
কিন্তু তেওঁৰ অভিভাৱকে মাজত ‘মাৰ্লেনা’ শব্দটো সংযোগ কৰিছিল৷ পাৰ্টিৰ মতে, আতিশীয়ে ‘মাৰ্লেনা’ শীৰ্ষক মধ্য নামটোৰ মাজত মাক্সৰ্ আৰু লেনিনক সুমুৱাই লৈ ফুৰে৷ ইয়াৰ কাৰণো নথকা নহয়৷ বিধায়ক-মন্ত্ৰী হোৱাৰ পূৰ্বে এগৰাকী জন আন্দোলনকাৰী হিচাপেও আতিশীয়ে ভূমিকা পালন কৰিছিল৷ মধ্য প্ৰদেশৰ খাণ্ডুৱা জিলাত ২০১৫ চনত গঢ় লৈ উঠা ‘জল সত্যাগ্ৰহ’ আন্দোলনৰ এগৰাকী সক্ৰিয় নেত্ৰী আছিল আতিশী৷ অৱশ্যে পৰৱৰ্তী সময়ত তেওঁ আপৰ ৰাজনৈতিক দায়িত্বত অধিক মনোনিৱেশ কৰিবলগীয়া হয়৷ তেওঁ দলৰ ক্ৰমে গোৱা, পশ্চিম দিল্লী আদি কেইবাটাও ইউনিটৰ নিৰ্বাচনী দায়িত্ব পালন কৰে৷ ২০১৯ চনৰ লোক সভাৰ নিৰ্বাচনত তেওঁ নিজেও পশ্চিম দিল্লীৰ পৰা এগৰাকী প্ৰাৰ্থী হিচাপে নিৰ্বাচনত জঁপিয়াই পৰে৷ অৱশ্যে সেইবাৰ তেওঁ বিজেপিৰ প্ৰাৰ্থী তথা ক্ৰিকেটাৰ গৌতম গম্ভীৰৰ হাতত চ্ছ্ৰ.৭৭ লাখ ভোটৰ ব্যৱধানত পৰাজিত হয়৷
পৰৱৰ্তী সময়ত তেওঁ পশ্চিম দিল্লীৰে কালকাজি সমষ্টিৰ পৰা বিজেপিৰ প্ৰাৰ্থী ধৰ্মেন্দ্ৰ সিঙক ১১,৪২২টা ভোটত পৰাভূত কৰি বিধানসভালৈ নিৰ্বাচিত হয়৷ উপ-মুখ্যমন্ত্ৰী মনীষ ছিছ’দিয়া আৰু স্বাস্থ্য মন্ত্ৰী সত্যেন্দ্ৰ জৈনৰ পদত্যাগৰ পাছত তেওঁ কেজৰিৱাল মন্ত্ৰীসভাত কেবিনেট মন্ত্ৰী হিচাপে অন্তৰ্ভুক্ত হয়৷ শেহতীয়াকৈ তেওঁ অৰৱিন্দ কেজৰিৱালৰ স্থলাভিষিক্ত হ’ল৷ ইয়াৰ লগে লগে তেওঁ এফালে দিল্লীৰ অষ্টম গৰাকী মুখ্যমন্ত্ৰী হ’ল আৰু আনফালে দিল্লীৰ তৃতীয়গৰাকী মহিলা মুখ্যমন্ত্ৰী হিচাপেও গৌৰৱ অৰ্জন কৰিলে৷ তেওঁৰ পূৰ্বে শীলা দীক্ষিত আৰু সুষমা স্বৰাজে দিল্লীৰ মুখ্যমন্ত্ৰিত্বৰ দায়িত্ব পালন কৰিছিল৷ সি যি নহওক, কথাবোৰ ইতিমধ্যেই দিনৰ পোহৰৰ দৰে স্পষ্ট হৈ পৰিছে৷ কেজৰিৱাল মুখ্যমন্ত্ৰী হৈ থকাত বাধা নাছিল যদিও ন্যায়ালয়ে তেওঁৰ জামিনত কেতবোৰ চৰ্ত আৰোপ কৰাৰ বাবে তেওঁ পদত্যাগ কৰি ভৱিষ্যতৰ যুঁজখনত অবতীৰ্ণ হোৱাটোকে শ্ৰেয় বুলি বিবেচনা কৰিলে৷ এয়া তেওঁৰ বাবে এপাট ৰাজনৈতিক অস্ত্ৰ হৈ পৰিল৷
কংগ্ৰেছৰ জ্যেষ্ঠ নেতা সন্দীপ দীক্ষিতে আক্ৰমণাত্মক সুৰত কৈছে– ‘ইমানৰ পাছত কেজৰিৱাল মুখ্যমন্ত্ৰী হৈ থকাৰ কোনো প্ৰশ্নই থাকিব নোৱাৰে৷ জনতাই নিৰ্বাচন কৰি পঠিওৱা এজন নেতা জে’লৰ পৰা দোষমুক্ত হৈ ওলাই অহাৰ পাছতো যেতিয়া তেওঁক ফাইলত স্বাক্ষৰ কৰা, কাৰ্যালয়ত বহা আদি কাৰ্যত চৰ্তৰ উপৰি চৰ্ত আৰোপ কৰা হ’ব, তেতিয়া তেওঁ ক্ষমতাত থকাৰ কথাও নাথাকিব৷’ ইয়াৰ বিপৰীতে বিজেপিৰ সাংসদ কমলজিত শেখাৱটে কয়, ‘আমি দীৰ্ঘদিন ধৰি অৰৱিন্দ কেজৰিৱালৰ পদত্যাগ দাবী কৰি আহিছিলোঁ৷ কিন্তু তেওঁ ক্ষমতা এৰা নাছিল৷ এতিয়া বাধ্যত পৰি এৰিছে৷’ আনহাতে, কেজৰিৱালে পদত্যাগৰ বাবে দুদিন সময় লোৱাক লৈও সমালোচনাত মুখৰ বিজেপি৷ দলটোৰ ৰাষ্ট্ৰীয় সম্পাদক মনজিন্দৰ সিং সিৰসাই কয় যে তেওঁ এই দুদিন পত্নীক মুখ্যমন্ত্ৰী কৰাৰ প্ৰচেষ্টাত ব্ৰতী আছিল৷
অৱশ্যে এইবিলাক অভিযোগ-প্ৰতিঅভিযোগ শাসক-বিৰোধীৰ বোকা ছটিওৱাৰ খেল মাত্ৰ৷ আজিও চলি আছে, আগলৈও চলি থাকিব৷ কিন্তু জনতাৰ আদালততহে প্ৰকৃত ৰায় ওলাব৷ এইকেইদিন দিল্লীৰ সাধাৰণ নাগৰিকে পুনৰ কেজৰিৱালকেই মুখ্যমন্ত্ৰী হিচাপে বিচাৰিব বুলি কৈ আছে৷ তেওঁলোকৰ মতে, ৬০-৭০ শতাংশ জনতাৰ সহানুভূতিৰ ভোট লাভ কৰিব কেজৰিৱালে৷ যদি এই কথাই সত্য হয় তেনেহ’লে আৰু তিনি-চাৰি মাহৰ পাছত কেজৰিৱালেই হওক বিজেপিয়েই হওক, জনতাৰ আদালতৰ ৰায় লাভ কৰিব৷ অৱশ্যে কেজৰিৱালৰ এটা ভুল সিদ্ধান্ত আছিল যে তেওঁ কংগ্ৰেছৰ কাষলৈ যাবলৈ বিচাৰিছিল৷ কিন্তু দিল্লীত দীৰ্ঘদিন কংগ্ৰেছেই শাসন কৰিছিল৷
কংগ্ৰেছৰ অপশাসনৰ পৰা মুক্তি বিচাৰিয়েই দিল্লীবাসীয়ে আম আদমি পাৰ্টিক আঁকোৱালি লৈছিল৷ এতিয়া কংগ্ৰেছৰে লগ লাগি পুনৰ দিল্লীবাসীৰ মন ভাঙি দিয়াটো মুঠেই উচিত নহ’ব৷ জনতাৰ কাঠগড়াত বিচাৰৰ পূৰ্বে এই কথাবোৰো কেজৰিৱাল আৰু আপে চিন্তা কৰি চাব লাগিব৷
Share This