ডিজিটেল ডেস্ক : ইৰানৰ সর্বোচ্চ নেতা আয়াতুল্লা আলী খামেনেইৰ শেষকৃত্যক লৈ শোকাভিভূত হৈ পৰিছে সমগ্ৰ দেশ। সাতদিনীয়াকৈ অনুষ্ঠিত তেওঁৰ শেষকৃত্য অনুষ্ঠানত লাখ লাখ জনতাই ভিৰ কৰিছেগৈ। খামেনেইৰ শেষকৃত্য অনুষ্ঠান শনিবাৰে তেহৰানত আৰম্ভ হয় আৰু অহা সপ্তাহত মাছাদত মূল অনুষ্ঠানটো হোৱাৰ সম্ভাৱনা আছে।
আমেৰিকা আৰু ইজৰাইলৰ ক্ষেপণাস্ত্ৰ আক্ৰমণত ২৮ ফেব্ৰুৱাৰীত হত্যাৰ বলি হোৱা আলী খামেনেইৰ নশ্বৰ দেহ ইৰানৰ পৱিত্ৰ নগৰী কুৱাম আৰু ইৰাকৰ নাজাফ আৰু কাৰবালালৈও নিয়া হ'ব। অন্তিম দিনা মূল শেষকৃত্য অনুষ্ঠানত দেশ-বিদেশৰ প্ৰতিনিধিৰ লগতে প্রায় ২ কোটি লোকৰ উপস্থিতি আশা কৰিছে প্রশাসনে।
আনহাতে, অনুষ্ঠানত ঠেলা-হেঁচাৰ ফলত প্রায় ১৫০০-৩০০০ লোকৰ মৃত্যুৰ আশংকা কৰা হৈছে। যাৰ বাবে প্রশাসনে আগতীয়াকৈ ৩০০০ কবৰ খান্দি ৰাখিছে। জার্মানিৰ সংবাদপত্র ডাই বেল্টে এই তথ্য প্রকাশ কৰিছে। তেহৰানৰ বেহেষ্ট-এ-জাহৰা কবৰস্থানত এই কবৰসমূহ খান্দি ৰখা হৈছে।