ডিজিটেল ডেস্ক: বৈবাহিক জীৱনৰ দুটা বছৰৰ মূৰত চেলিব্ৰিটি দম্পতী কিয়াৰা আদৱানি আৰু সিদ্ধাৰ্থ মালহোত্ৰাৰ জীৱনলৈ আহিছে ভাল খবৰ । প্ৰথমবাৰৰ বাবে এগৰাকী মৰমলগা কন্যা সন্তানৰ মুখ দেখিলে বলিউডৰ এই দুই তাৰকাই ।
এক প্ৰতিবেদন অনুসৰি, যোৱা ১৫ জুলাইৰ সন্ধিয়া মুম্বাইৰ ৰিলায়েন্স হস্পিটেলত স্বাভাৱিক প্ৰসৱৰ জৰিয়তে শিশুটিৰ জন্ম হয়।
খবৰটিয়ে তেওঁলোকৰ পৰিয়াললৈ অপৰিসীম আনন্দ কঢ়িয়াই আনিছে। নাতিনীয়েকৰ আগমনৰ উদযাপন কৰি চিকিৎসালয়ত দেখা গ’ল সিদ্ধাৰ্থৰ পিতৃ-মাতৃক। ইনষ্টাগ্ৰামত আনুষ্ঠানিকভাৱে এই খবৰটো ঘোষণা কৰি হৃদয়ৰ আনন্দৰ বহি:প্ৰকাশ কৰে দম্পতী হালে। অভিনেতাগৰাকীয়ে পোষ্টটোত লিখিছে, "কন্যা সন্তান প্ৰাপ্তিৰে আমাৰ হৃদয় আনন্দৰে ভৰি পৰিছে, আমাৰ পৃথিৱীখন সম্পূৰ্ণৰূপে সলনি হৈছে, আমি এগৰাকী কন্যা সন্তানৰ সৈতে ধন্য হৈছো। কিয়াৰা আৰু সিদ্ধাৰ্থ।"
উল্লেখ্য যে ফেব্ৰুৱাৰী ২০২৫ত শ্বেৰ শ্বাহৰ তাৰকাসকলে এটা মৰমলগা ছ’চিয়েল মিডিয়া পোষ্টৰ জৰিয়তে গৰ্ভধাৰণৰ কথা ঘোষণা কৰিছিল। ছবিখনত কিয়াৰা আৰু সিদ্ধাৰ্থৰ হাতত সৰু সৰু মোজা দেখা গৈছে। ফটোখনৰ কেপচনত কিয়াৰাই লিখিছিল, "আমাৰ জীৱনৰ আটাইতকৈ ডাঙৰ উপহাৰ। অতি সোনকালে আহি আছে।"
অৱশেষত ১৫ জুলাইত সিদ্ধাৰ্থ-কিয়াৰা এগৰাকী মৰমলগা কন্যা সন্তানৰ পিতৃ-মাতৃ হ'ল।