যুদ্ধত শিশু হত্যা

Kakali Deka October 17, 2023

ডিজিটেল ডেস্ক: যুদ্ধত ৰক্তক্ষয় হোৱাটো অৱশ্যম্ভাৱী কথা। শান্তিকামী বিশ্ববাসীয়ে যুদ্ধ নিবিচাৰে, কিন্তু শাসকৰ গৰ্ব-অহংকাৰ, ৰাজনৈতিক স্বাৰ্থপূৰণৰ বাবে যুদ্ধ চলি আহিছে। পৌৰাণিক আৰু ইতিহাসে সামৰা সময়ৰ পৰা মধ্য যুগলৈকে বিভিন্ন কাৰণত যুদ্ধবোৰ হৈছিল, সেয়া বেলেগ অধ্যায়, কিন্তু আধুনিক শিক্ষিত সমাজেও ভয়ংকৰ পৰিণামৰ বিষয়ে জনাৰ পাছতো যুদ্ধৰ মানসিকতা ত্যাগ কৰিব নোৱৰাটো ২১ শতিকাৰ বিশ্ববাসীৰ বাবে আটাইতকৈ ডাঙৰ পৰিহাস। মধ্য যুগলৈকে যুদ্ধবোৰ আছিল দুদল সৈন্যৰ মাজৰ যুদ্ধ। মৃত্যু আসন্ন বুলি জানিও যুদ্ধত প্ৰবৃত্ত হোৱা সৈন্যসকলৰ কোনোবা মৰিল, কোনোবা আহত হ'ল, সেয়া যুদ্ধক্ষেত্ৰতে শেষ হ'ল; কিন্তু এতিয়াৰ যুদ্ধত নিৰ্দিষ্ট যুদ্ধ ক্ষেত্ৰলৈ সৈন্য দল আগবাঢ়ি যোৱাৰ বিশেষ প্রয়োজন নহয়। যুদ্ধ হয় ক্ষেপণাস্ত্ৰ বৰ্ষণেৰে, যুদ্ধ হয়। বোমা বর্ষণেৰে।

ক্ষেপণাস্ত্র— অত্যাধুনিক বিধ্বংসী বোমাবোৰে কোন সৈন্য, কোন সাধাৰণ মানুহ তাৰ বাছ-বিচাৰ কৰি ধ্বংসলীলা নচলায় । এতিয়াৰ যুদ্ধত আটাইতকৈ বেছি ক্ষতিগ্ৰস্ত হয় সাধাৰণ মানুহ, যাৰ যুদ্ধৰ উদ্দেশ্যৰ সৈতে প্রত্যক্ষ কোনো সম্পর্কই নাথাকে। শেহতীয়াকৈ পেলেষ্টাইনৰ হামাছ উগ্রপন্থী আৰু ইজৰাইলী বাহিনীৰ মাজত যি ভয়াৱহ যুদ্ধ চলি আছে সেই বিষয়ে সংবাদ মাধ্যমত যিবোৰ ঘটনা প্ৰচাৰ হৈ আছে সেইবিলাক দেখিলে-শুনিলে অনুভৱী মানুহৰ হৃদয় মোচোকা খাই যায়। সম্পূৰ্ণ প্ৰতিশোধৰ মনোবৃত্তিৰে হোৱা এইখন যুদ্ধত জানি-শুনি অতি নির্দয়ভাৱে সাধাৰণ মানুহক হত্যা কৰা হৈছে। ফলত অতি কৰুণভাৱে মৃত্যুক সাবটিব লগা হৈছে অন্যান্যসকলৰ লগতে শ শ মহিলা আৰু শিশুৱে। যুদ্ধখনৰ দুয়োটা পক্ষই কিছুমান হৃদয়বিদাৰক দৃশ্য ইতিমধ্যে পোহৰলৈ আনিছে। ইজৰাইল চৰকাৰে সামাজিক মাধ্যমত তেজৰ ডোঙাৰ মাজত পৰি থকা আৰু জ্বলি ছাই হোৱা শিশুৰ ফটো প্ৰকাশ কৰিছে। ইফালে, হামাছেও কৈছে যে ইজৰাইলৰ নিৰ্বিচাৰ ক্ষেপণাস্ত্ৰ আৰু বোমা বৰ্ষণত ১৮শতকৈও অধিক সাধাৰণ লোকৰ মৃত্যু হৈছে, যিসকলৰ মাজত প্রায় ৬০০টাই শিশু আৰু চাৰে তিনিশতকৈও অধিক মহিলা। এক কথাত ক'বলৈ গ'লে ইজৰাইল-হামাছৰ এই যুদ্ধখন মানৱতাৰ প্ৰতি চৰম ভাবুকি।

সাধাৰণ মানুহৰ জীৱনলৈ নিমিষতে বিভীষিকা নমাই অনা যুদ্ধখন সূচনা কৰিছিল হামাছ সন্ত্রাসবাদীয়ে অতর্কিতে চলোৱা এলানি হত্যালীলাৰ জৰিয়তে। ইজৰাইলী বাহিনীতকৈও হামাছৰ লক্ষ্য হৈ পৰিছিল সাধাৰণ মানুহ। ৭ অক্টোবৰৰ দিনা অপ্ৰৰোচিতভাৱে একেলগে ৫ হাজাৰ ৰকেট নিক্ষেপ কৰি বিধ্বস্ত কৰি পেলালে ইজৰাইলৰ কিছুমান জনবসতিপূর্ণ এলেকা, যাৰ পৰিণতিত নিমিষতে কেইবাশ লোকৰ মৃত্যু হ'ল, যিসকলৰ বেছিভাগেই শিশু আৰু মহিলা। সিমানেই নহয়, ইজৰাইলী সেনাই তর্কিব নোৱৰাকৈ সীমান্ত অতিক্ৰমী ইজৰাইলত সোমাই পৰা কেইবাহাজাৰ হামাছ সন্ত্ৰাসবাদীয়ে এফালৰ পৰা চলাই গ'ল নিৰ্মম হত্যালীলা। কিব্ৰুটজ ৰেইম অঞ্চলত হৈ থকা এটা পাৰ্টিত প্ৰৱেশ কৰি | সন্ত্রাসবাদীবিলাকে একেলগে গুলীয়াই হত্যা কৰিছিল আঢ়ৈশৰো অধিক যুৱক- | যুৱতীক। সেই হত্যালীলাই হতভম্ব কৰি তোলা ইজৰাইলে লগে লগে আৰম্ভ কৰি দিছিল ‘হামাছ' ধ্বংসৰ লক্ষ্যৰ লগতে পেলেষ্টাইনীসকলৰ পৰা ম্পূৰ্ণৰূপে গাজা স্ট্রিপ মুক্ত কৰা অভিযান, বিভিন্ন সংবাদ মাধ্যমত প্রকাশ মাৰু প্ৰচাৰ হৈছে ইজৰাইলে কিদৰে সমান নৃশংসতাৰে হামাছ-বিৰোধী অভিযান চলাই আছে।

সম্প্ৰতি পৰিৱেশ যি দেখা গৈছে তাৰ পৰা ধাৰণা কৰিব পাৰি যে যুদ্ধখন দীঘলীয়া হ'ব। যুদ্ধ দীঘলীয়া হোৱা মানেই নিৰীহৰ মৃত্যুৰ সংখ্যা বাঢ়ি যোৱা। অন্যসকলৰ লগতে হাজাৰ হাজাৰ শিশুৱেও প্রাণ হেৰুৱাব, যিসকলে যুদ্ধৰ আও-ভাও একো বুজিয়ে নাপায়। পৰিসংখ্যা দেখিলে দুখ লাগে, কিদৰে যুদ্ধত জিঘাংসু শাসকৰ ৰণোন্মাদনাৰ বলি হ'ব লগা হয় নিমাখিত শিশুসকল। সমগ্ৰ বিশ্বৰ বিভিন্ন প্ৰান্তৰত হোৱা যুদ্ধত ২০০৫ চনৰ পৰা এতিয়ালৈকে প্ৰাণ হেৰুৱাইছে ১ লাখ ২০ হাজাৰৰো অধিক শিশুৱে। ইৰাকত ২০০৮ চনৰ পৰা যুদ্ধই কাঢ়ি নিছে ৯ সহস্রাধিক শিশুৰ প্ৰাণ। কেৱল যুদ্ধই নহয়, বিশ্বজুৰি চলি থকা অস্ত্ৰ-সংঘাতৰ ঘটনাবিলাকো হৈ পৰিছে শিশুৰ অস্তিত্বলৈ ভাবুকি কঢ়িয়াই অনা অতিশয় উদ্বেগজনক অধ্যায়। চলিত বৰ্ষৰ ফেব্ৰুৱাৰী মাহত ‘ছেভ দ্য চিলড্রেন'-এ প্ৰকাশ কৰা প্ৰতিবেদনত উল্লেখ কৰা হৈছে যে সশস্ত্ৰ সংঘাতৰ ঘটনাৰ বাবে বিশ্বত দৈনিক গড়ে ৩০০ শিশুৱে প্ৰাণ হেৰুৱায়। প্রতিবেদখনত লগতে উল্লেখ ৰা হৈছে বিশ্বৰ দহটা সংঘর্ষপীড়িত অঞ্চল ক্রমে আফগানিস্তান, য়েমেন, ক্ষিণ চুডান, মধ্য আফ্রিকা, কংগো, ছিৰিয়া, ইৰাক, মালি, নাইজেৰিয়া আৰু হামালিয়াত ২০১৩ৰ পৰা ২০১৭ বৰ্ষৰ ভিতৰত ৫,৫০,০০০ এবছৰৰ তলৰ শুৱে প্ৰাণ হেৰুৱাব লগা হৈছিল। এক কথাত ক'বলৈ গ'লে যুদ্ধ আৰু সংঘৰ্ষৰ নত বিশ্বৰ কিছুমান ঠাইত শিশু নিৰ্মূলিকৰণ অভিযানহে চলি আছে। দিন ৱাৰ লগে লগে ঘটনাবোৰ বৃদ্ধি পাই গৈছে। এই পৰিস্থিতি ৰুধিব কোনে ?

Share This