কুমাৰ ভাস্কৰ বৰ্মা সেতুত ফাট

dainik janambhumi February 17, 2026

ডিজিটেল ডেস্ক : মুকলিৰ পিছতে ফাট মেলিছে নৱনির্মিত গুৱাহাটী-উত্তৰ গুৱাহাটী সংযোগী কুমাৰ ভাস্কৰ বৰ্মা সেতুত। দলংখনৰ কাষৰ দেৱালত দেখিবলৈ পোৱা গৈছে বৃহৎ ফাট। শনিবাৰে দেশৰ প্রধানমন্ত্রীয়ে উদ্বোধন কৰা দলংখন মুকলিৰ প্ৰায় ২৪ ঘণ্টাৰ পাছতেই এনেদৰে বিসংগতি ধৰা পৰাত ৰাইজৰ মাজত তীব্র প্রতিক্ৰিয়াৰ সৃষ্টি হৈছে। বিশেষকৈ গুৱাহাটী-উত্তৰ গুৱাহাটী সংযোগী দলংখন প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীয়ে মুকলি কৰাৰ পিছতে ৰাইজৰ ভিৰ দেখিবলৈ পোৱা গৈছে। 

দলংখন মুকলিৰ দিন ধৰি পুৱাৰে পৰা বিভিন্ন প্ৰান্তৰ পৰা অহা দর্শনার্থীয়ে ভিৰ কৰিছেহি। এনে পৰিপ্ৰেক্ষিতত দলংখনৰ কাষৰ দেৱালত ফাট মেলা প্রত্যক্ষ কৰি অঘটনৰ আশংকাত লোকসকল শংকিত হৈ পৰিছে। উল্লেখযোগ্য যে, ২০২৩ চনৰ ৪ জুনত বিহাৰৰ ভাগলপুৰৰ চুলতানগঞ্জত নির্মীয়মাণ অগুৱানী-চুলতানগঞ্জ দলংখন গংগা নদীত খহি পৰিছিল। এই দলংখন নিৰ্মাণৰ দায়িত্বত আছিল এছ পি এছ কনষ্ট্রাকশ্যন ইণ্ডিয়া প্রাইভেট লিমিটেড নামৰ কেম্পানীটো। 

তেনেদৰে গুৱাহাটী-উত্তৰ গুৱাহাটী সংযোগী কুমাৰ ভাস্কৰ বৰ্মা সেতু নিৰ্মাণৰ দায়িত্বতো আছে এছ পি এছ কনষ্ট্রাকশ্যন ইণ্ডিয়া প্রাইভেট লিমিটেড। গতিকে কোম্পানীটোৰ কামক লৈ বিভিন্ন সময়ত ৰাইজৰ মাজত প্রশ্নৰ সৃষ্টি হৈ আহিছে। ইফালে বিহাৰৰ ঘটনাৰ পিছতে অসম চৰকাৰে আই আই টি গুৱাহাটীক এছ পি এছ কনষ্ট্রাকশ্যন ইণ্ডিয়া প্রাইভেট লিমিটেডৰ দলং নিৰ্মাণ কাৰ্য পৰীক্ষা কৰিবলৈ দিছিল যদিও সেই ৰিপ'ৰ্ট এতিয়ালৈকে ৰাজহুৱা কৰা হোৱা নাই বুলি জানিব পৰা গৈছে।

Share This