ডিজিটেল ডেস্ক: পুতলা নাচেৰে "ৰাৱণ বধ"ৰ সফল মঞ্চায়ন।উত্তৰ প্ৰদেশৰ প্ৰয়াগৰাজত ১৩ জানুৱাৰীৰ পৰা চলি থকা "মহাকুম্ভ ২০২৫" ৰ যমুনা মঞ্চত অসমৰ লোক সম্পদ পুতলা নাচ প্ৰথমবাৰৰ বাবে সংগীত নাটক অকাদেমিৰ পৰা ওস্তাদ বিছমিল্লা খান যুৱ পুৰস্কাৰপ্ৰাপ্ত বিনীতা দেৱীৰ পৰিচালনাত "ৰাৱণ বধ" মঞ্চস্থ হয়। পুতলা নাট খন পৰিৱেশন কৰাত সহযোগিতা আগবঢ়ায় ভাৰত চৰকাৰৰ সাংস্কৃতিক মন্ত্ৰ্যালয়ৰ চেণ্টাৰ ফৰ কালচাৰেল এণ্ড ৰিছাৰ্চ চেণ্টাৰে । অসমৰ পৰা হেৰাই যোৱা লোক কলা পুতলা নাচক ভাৰতৰ এক আধ্যাত্মিক আৰু সাংস্কৃতিক দিশৰ সৰ্ববৃহৎ মেলা তথা উৎসৱ "মহাকুম্ভ ২০২৫"ত গুৰুত্ব প্ৰদান কৰাটো অসমৰ বাবে সৌভাগ্যৰ বিষয়।নাটখনৰ ৰচনা ভাৰত চৰকাৰৰ সাংস্কৃতিক মন্ত্ৰ্যালয়ৰ পৰা ফেল'স্বিপপ্ৰাপ্ত সীমান্ত শৰ্মাৰ।
পুতলা নাটখন লাঠী পুতলা, ছাঁ পুতলা আৰু সূতা পুতলাৰ জৰিয়তে হিন্দী ভাষাত পৰিবেশিত হয়। "ৰাৱণ বধ" নাটখনে উপস্থিত থকা দেশ-বিদেশৰ আধ্যাত্মিক গুৰু-ভক্ত, শিল্পী আৰু বিশিষ্ট অতিথি সকলৰ পৰা যথেষ্ট সমাদৰ লাভ কৰে ।প্ৰতিটো দৃশ্য সুন্দৰভাৱে উপস্থাপন কৰে শিল্পীসকলে। নাট এখনত নাট্য শাস্ত্ৰৰ নৱৰস অন্তৰ্নিহিত হোৱাটো প্ৰয়োজনীয় দিশ। "ৰাৱণ বধ" নাট খনত সকলো ৰসেই যেন "ৰাৱণ বধ" দেখুওৱা হয়৷ "ৰাৱণ বধ" নাটৰ ৰাম, সীতা, লক্ষ্মণ, ৰাৱণ, শূৰ্পনখা আৰু জটায়ুৰ পুতলা সঞ্চালনে দৰ্শকক অভিভূত কৰি তোলা হয়।সীতাক ৰাৱণৰ পৰা উদ্ধাৰ কৰাৰ বাবে জটায়ুৰ যি প্ৰচেষ্টা তাক সুন্দৰ কৈ প্ৰতিফলিত হয় নাটখনত ।
শূৰ্পনখাই ৰাম আৰু সীতাক মুহিত কৰিবলৈ ৰাক্ষসীৰ পৰা সুন্দৰী নাৰীলৈ ৰূপান্তৰ হোৱা কৌশল দেখি দৰ্শক সকল অভিভূত হৈ পৰে । লক্ষ্মণে শূৰ্পনখাৰ নাক কটা দৃশ্য দেখি দৰ্শক মুহিত হয়। সাগৰ চৰিত্ৰ দেখাবলৈ কাপোৰৰ জৰিয়তে পুতলা দেখাই দৰ্শকক মোহিত কৰে । তেনে নাট সফল ভাৱে পুতলাৰ জৰিয়তে মঞ্চায়ন কৰাটো কঠিন। নাটখনৰ প্ৰতিটো দৃশ্যৰ পুতলা সমূহৰ সঞ্চালনৰ শৈলী দেখি দৰ্শক সকল অভিভূত হৈ পৰে। নাটৰ কৌশলী মায়াজালেৰে বান্ধি ৰাখিছে আধ্যাত্মিক গুৰু সকলক । প্ৰতিটো সংলাপেই সাহিত্যৰ প্ৰাণত মিঠা আঁচোৰ মাৰিছে ৷ সেয়ে হয়তো দৰ্শকৰ মনপ্ৰাণ প্ৰতিটো দৃশ্যই এক অভিনৱ আকৰ্ষণৰ মাজেৰে ডুবাই ৰাখে ৷ "ৰাৱণ বধ" নাটখনত সংগীত পৰিচালনা অভিজিৎ বৰ্মনৰ। নাটক খনত "মহাকুম্ভ ২০২৫" ৰ আধ্যাত্মিক পৰিৱেশৰ লগত আধ্যাত্মিক সংগীতৰ মধুৰ সুৰে সকলোকে মন্ত্ৰ মুগ্ধ কৰি তুলে।
পুতলা নাট খনত পুতলাসমূহ সঞ্চালন কৰে বিনীতা দেৱী, প্ৰণৱ জ্যোতি ৰাভা, হাৰ্দিক শৰ্মা, পলক কৈৰী, ৰাকিবুল আহমেদ, কৰিস্মিতা তালুকদাৰ আৰু সীমান্ত শৰ্মাই। নাট খনত আলোক সজ্জা স্বপন দাসৰ। সাজ সজ্জা তৃষ্ণা ৰাজবংশী, দীপা মহন্ত, হিমাংশু দাস, কৃতাৰ্থ শৰ্মা, অনিতা দেৱীৰ। "ৰাৱণ বধ" নাটখনৰ চৰিত্ৰসমূহত কণ্ঠস্বৰ স্বপন দাস, বিনীতা দেৱী, প্ৰদ্যুৎ বিকাশ দাস, নিৰ্মালি দেৱী, দেৱপ্ৰতিম গোস্বামী, প্ৰাণজিৎ প্ৰতীম কলিতা আৰু দক্ষিণা নাথৰ