লামডিং-শিলচৰ পথ সম্পূৰ্ণৰূপে বন্ধ, ডিমা হাছাওত আবদ্ধ অবৈধ কয়লা ভর্তি ট্রাক

dainik janambhumi July 18, 2026

ডিজিটেল ডেস্ক : মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাৰ দ্বিতীয় কার্যকালৰ বাবে বন মন্ত্ৰী জয়ন্তমল্ল বৰুৱাই দায়িত্বভাৰ লৈয়েই বন বিভাগৰ অধীনৰ সকলো অবৈধ খনন বন্ধ কৰিবলৈ কঠোৰ নিৰ্দেশ দিছিল। কিন্তু ইয়াৰ এখন বিপৰীত ছবিহে দেখা গ'ল কালি ডিমা হাছাও জিলাত। লংকাৰ পৰা শিলচৰ অভিমুখে কয়লা কঢ়িয়াই নিয়া এখন ডাঙৰ ট্ৰাক ডিমা হাছাও জিলাৰ হাৰাংগাজাও থানাৰ অন্তৰ্গত দালাইচুংগাত বেয়া পথৰ বাবে আবদ্ধ হৈ পৰে। যাৰ ফলত পুৱাৰে পৰা বিয়লি পর্যন্ত এই ৰাষ্ট্ৰীয় ঘাইপথছোৱা বন্ধ হৈ পৰে আৰু পথৰ দুয়োফালে শ শ সৰু-বৰ যান-বাহন আবদ্ধ হৈ এক অনাহৃত পৰিস্থিতিৰ সৃষ্টি হয়। কয়লা ভর্তি ট্রাকখন আবদ্ধ হৈ পৰাৰ ফলত লামডিং-শিলচৰ পথছোৱা সম্পূৰ্ণৰূপে বন্ধ হৈ পৰে। 

কিছুদিন পূর্বে উক্ত স্থানত ভূমিস্খলন হোৱাৰ বাবে এই পথ ৱান বে' হিচাপে ব্যৱহাৰ হৈ আছিল। এতিয়া সচেতন মহলে প্রশ্ন উত্থাপন কৰিছে যে জিলাখনত কয়লা খনন বন্ধ হৈ আছে বুলি চৰকাৰে দাবী কৰি অহাৰ বিপৰীতে এই কয়লা সৰবৰাহী ট্রাকখন ক'ৰ পৰা আহিল। ট্রাকখনৰ চালকজনে এই কয়লাখিনি লংকাৰ পৰা শিলচৰলৈ কঢ়িয়াই নিয়া বুলি সংবাদ মাধ্যমৰ আগত প্রকাশ কৰে। 

ইয়াতো প্রশ্ন উত্থাপন হয় যে লংকাত কোনো ধৰণৰ কয়লা খাদ নথকাৰ বাবে এই কয়লাখিনি প্রকৃততে ক'ৰ পৰা আহিল। একাংশ লোকে জানিবলৈ দিয়া মতে প্রায় প্রতিদিনে লংকাৰ পৰা এনে বহু ট্ৰাকৰ জৰিয়তে অবৈধ কয়লা নিতৌ সৰবৰাহ হৈ আহিছে। কয়লা খনন সমগ্ৰ ৰাজ্যতে নিষিদ্ধ হৈ থকাৰ সময়ত এইদৰে অবৈধ কয়লা সৰবৰাহ চলি থকা কার্যই প্ৰমাণ কৰে যে ৰাজ্যত কয়লাৰ অবৈধ বেহা পূর্ণগতিত চলি আছে।

Share This