ডিজিটেল ডেস্ক : ধেমাজি জিলাৰ জোনাই সমজিলাৰ একমাত্র বৰ্ষাৰণ্য তথা জৈৱ বৈচিত্র্যৰ ভঁৰাল পবা সংৰক্ষিত বনাঞ্চলত মূল্যৱান গছ কাটি ধ্বংসযজ্ঞ চলাই থকাৰ মাৰ নৌযাওঁতেই এইবাৰ পবাৰ বুকুত পৰিছে প্রচণ্ড কোৰৰ কোব। একাংশ লোকে মূল্যৱান হাবি-জংঘলৰ লগতে সৰু-বৰ বহু গছ কাটি পবাৰ বক্ষত অবৈধভাৱে কচু খেতি আৰম্ভ কৰি বিশ্ব ৰেকৰ্ড গঢ়াৰ অপচেষ্টা চলোৱা বুলি গুৰুতৰ অভিযোগ উঠিছে। এই ঘটনাক লৈ জোনাই বন বিভাগৰ নির্লিপ্ত ভূমিকাৰ বিৰুদ্ধে তীব্র প্রতিক্রিয়া প্রকাশ কৰিছে স্থানীয় একাংশ প্রকৃতিপ্রেমীয়ে। উল্লেখযোগ্য যে বিগত কেইবাদিন ধৰি প্ৰস্তাৱিত পবা বনাঞ্চলৰ বিভিন্ন অংশত একাংশ বনদস্যুৱে বহু মূল্যৱান প্রকাণ্ড গছ কাটি তহিলং কৰাৰ অভিযোগ উঠি আহিছে। সেই ঘটনাৰ মাৰ নৌযাওঁতেই এইবাৰ পবাৰ বুকুৰ তিনিমাইল বীট খণ্ডৰ একেবাৰে কাষতে একাংশ লোকে পবাৰ মাটি বেদখল কৰি অবৈধভাৱে বিঘাই বিঘাই কচু খেতিৰ লগতে অন্যান্য কৃষিকার্য আৰম্ভ কৰিবলৈ লোৱা কাৰ্যক লৈ তীব্র প্রতিক্ৰিয়াৰ সৃষ্টি হৈছে।
বৰ্ষাৰণ্য পবাক অসম চৰকাৰে বন্যপ্রাণী অভয়াৰণ্যলৈ উন্নীত কৰাৰ প্ৰক্ৰিয়া চলি থকাৰ সময়তে জোনাই বন বিভাগৰ চৰম ব্যৰ্থতা আৰু দায়িত্বহীন ভূমিকাই গভীৰ উদ্বেগৰ সৃষ্টি কৰিছে। এই ঘটনাক লৈ জোনাইৰ বিভিন্ন দল-সংগঠন আৰু স্থানীয় একাংশ প্রকৃতিপ্রেমীয়ে তীব্র প্রতিক্রিয়া প্রকাশ কৰিছে। উল্লেখযোগ্য যে জোনাইৰ বিভিন্ন দল-সংগঠন আৰু একাংশ সচেতন ৰাইজে বৰ্ষাৰণ্য পবাক বন্যপ্রাণী অভয়াৰণ্য হিচাপে স্বীকৃতি দিয়াৰ লগতে বিশ্বৰ মানচিত্রত চিনাক্তকৰণৰ দাবীত বিভিন্ন কার্যসূচী হাতত লৈ আহিছে। তেনে সময়তে পবাৰ বুকুত মূল্যৱান গছ কাটি ধ্বংসযজ্ঞ চলোৱা, মাটি বেদখল কৰি অবৈধভাৱে খেতি আৰম্ভ কৰা কাৰ্যক লৈ তীব্ৰ গৰিহণা দিছে অঞ্চলটোৰ একাংশ সচেতন প্রকৃতিপ্রেমীয়ে। এই ঘটনাক কেন্দ্ৰ কৰি জোনাই বন বিভাগে দুষ্কৃতিকাৰীসকলৰ পৰা বৃহৎ পৰিমাণৰ অবৈধ কমিছন লাভৰ উদ্দেশ্যে এই ধ্বংসযজ্ঞক মৌন সমর্থন জনোৱা বুলি গুৰুতৰ অভিযোগ উত্থাপন হৈছে।
অভিযোগ অনুসৰি, বিয়াগোম জোনাই বন বিভাগৰ বিষয়া-কৰ্মচাৰীৰ নির্লিপ্ততাৰ ফলস্বৰূপে প্রতিদিনে পবাৰ বুকুত মূল্যৱান গছ কটা আৰু এফালৰ পৰা মাটি বেদখল কৰি অবৈধ খেতি কৰি চলাই যোৱাৰ সুযোগ পাইছে একাংশ দুষ্কৃতিকাৰীয়ে। এনে পৰিস্থিতিত অতি শীঘ্ৰে পবা বনাঞ্চলৰ সুৰক্ষা আৰু ৰক্ষণাবেক্ষণ নিশ্চিত কৰিব নোৱৰা জোনাই বন বিভাগৰ বিষয়া-কৰ্মচাৰীসকলক উচ্চ পৰ্যায়ৰ তদন্ত কৰি তাৎক্ষণিকভাৱে বদলিকৰণ কৰাৰ দাবী তুলিছে অঞ্চলটোৰ একাংশ সচেতন আৰু প্রকৃতিপ্রেমীয়ে।