ডিজিটেল ডেস্ক: ১৭ খন দেশৰ ৰাষ্ট্ৰপতি, উপ-ৰাষ্ট্ৰপতি অথবা প্রধানমন্ত্রীকে ধৰি ৩০ খন দেশৰ অতিথি, বিশ্বৰ অগ্ৰণী কোম্পানীৰ মুৰব্বীৰ উপস্থিতিত প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীয়ে আজি ইয়াৰ ভাৰত মণ্ডপমত ১৬-২০ ফেব্ৰুৱাৰীলৈ অনুষ্ঠিত হ'বলগীয়া ইণ্ডিয়া এ আই ইম্পেক্ট ছামিট-২০২৬ উদ্বোধন কৰিব।
এ আই ইম্পেক্ট ছামিটৰ লগতে এ আই ইম্পেক্ট এক্সপ'ৰো আয়োজন কৰা হৈছে। এই ছামিটত অংশ গ্ৰহণৰ বাবে বিশ্বৰ তথ্য প্ৰযুক্তিৰ প্ৰমুখ ব্যক্তিসকল ভাৰতত উপস্থিত হৈছে। এই এক্সপ' দেশত কৃত্রিম বুদ্ধিমত্তা (এআই)ৰ বাস্তৱ ব্যৱহাৰক প্ৰদৰ্শন কৰা এক বৃহৎ মঞ্চ হ'ব। কৃত্রিম বুদ্ধিমত্তাই সাধাৰণ মানুহৰ জীৱন, উদ্যোগ, শিক্ষা আৰু প্ৰশাসনত পৰিৱৰ্তন আনিছে সেই বিষয়ে ইয়াত জনোৱা হ'ব। এই এক্সপ'ৰ আয়োজন কৰা হৈছে ৭০ হাজাৰ বৰ্গমিটাৰতকৈ অধিক এলেকাত দহটা এৰেনাত। ইয়াত ৩০খনতকৈ অধিকে দেশৰ তিনি শতাধিক অতিথিয়ে অংশ গ্রহণ কৰিব। ইয়াৰ লগতে দেশ আৰু বিদেশৰ তথ্য প্রযুিক্তি খণ্ডৰ বৃহৎ কোম্পানী, ষ্টার্টআপ, গৱেষণা প্রতিষ্ঠান, কেন্দ্রীয় মন্ত্ৰ্যালয়, ৰাজ্য চৰকাৰ আৰু আন্তঃৰাষ্ট্ৰীয় অংশীদাৰে অংশ গ্রহণ কৰিব। ইয়াত অষ্ট্ৰেলিয়া, জাপান, ব্রিটেইন, ফ্রান্সকে ধৰি প্ৰায় ১৩খন দেশৰ বাবে বিশেষ পেভিলিয়নৰ ব্যৱস্থা কৰা হৈছে।
এ আই এক্সপ'ত ৩ শতাধিক প্রদর্শনী মণ্ডপ আৰু লাইভপ্রদর্শন হ'ব। ইয়াক জনসাধাৰণ, গ্ৰহ আৰু প্ৰগতি এই তিনিটা বিষয়ত ভাগ কৰা হৈছে। ইয়াৰ লগতে ছয়শতাধিক ষ্টার্ট আপেও অংশ গ্রহণ কৰিব। ইণ্ডিয়া এ আই ইম্পেক্ট এক্সপ'ত আন্তঃৰাষ্ট্ৰীয় প্রতিনিধিসহ ২.৫ লাখতকৈ অধিক লোকে অংশ গ্রহণ কৰিব বুলি আশা কৰা হৈছে। ইয়াৰ উপৰি পাঁচশতকৈ অধিক বৈঠক অনুষ্ঠিত হ'ব য'ত ৩,২৫০ জনতকৈ অধিক বিশেষজ্ঞ তথা বক্তাই অংশ গ্রহণ কৰিব। এই বৈঠকসমূহত কৃত্রিম বুদ্ধিমত্তাৰ পৰিৱৰ্তনকামী প্ৰভাৱ আৰু ভৱিষ্যতৰ পৰিকল্পনাসমূহৰ বিষয়ে আলোচনা-বিলোচনা কৰা হ'ব।
এক্সপ'ৰ লগতে আজিৰ পৰা আৰম্ভ হ'বলগীয়া ইণ্ডিয়া এ আই ইম্পেক্ট শীর্ষ সন্মিলনত ২০খনতকৈ অধিক দেশৰ শীর্ষস্থানীয় নেতাই অংশ গ্রহণ কৰিব। শীর্ষ সন্মিলনত সমগ্ৰ বিশ্বৰ নেতা, নীতি নির্মাতা, উদ্ভাৱক আৰু বিশেষজ্ঞই এ আইৰ ভৱিষ্যতক লৈ আলোচনা-বিলোচনা কৰিব। শীর্ষ সন্মিলনত ৮জন ৰাষ্ট্ৰপতি ক্রমে ফ্রান্সৰ ইমানুৱেল মেব্রু, ব্রাজিলৰ লুইজ ইনাছিয়' লুলা ডি ছিলভা, এষ্টনিয়াৰ অলাৰ কৰিছ, ছাৰ্বিয়াৰ আলেকজেণ্ডাৰ বুচিক, স্পেইনৰ পেড্রো ছান্সেজ পেৰেজ-কাষ্টেজন, শ্রীলংকাৰ অনুৰা কুমাৰা ডিছানায়কা, ছুইজাৰলেণ্ডৰ গায় পৰমেলিনে অংশ গ্রহণ কৰিব। ইয়াৰ ছেচেল্ আৰু বলিভিয়াৰ উপৰাষ্ট্ৰপতি, সাত দেশ ক্রমে ভূটান, ক্র'ৱেছিয়া, ফিনলেণ্ড, গ্ৰীছ, কাজাখস্তান, মৰিছাছ আৰু নেদাৰলেণ্ডৰ প্ৰধানমন্ত্ৰী তথা দুজন ৰাজকুমাৰে অংশ গ্রহণ কৰিব। ইয়াৰ উপৰি ৰাষ্ট্ৰসংঘৰ সচিব প্রধান এন্টনিঅ' গুটাৰেছ তথা ভাৰত আৰু বিশ্বৰ অগ্ৰণী কোম্পানীসমূহৰ ৪০ জনতকৈ অধিক মুখ্য কার্যবাহী বিষয়াই (চি ই অ') ইয়াত অংশ গ্রহণ কৰিব। ইয়াৰ ভিতৰত গেছ ফাউণ্ডেশ্যনৰ অধ্যক্ষ বিল গেছ, মেটাৰ চিই অ' আলেকজেণ্ডাৰ বাং, গুগলৰ সুন্দৰ পিচাই আদিও আছে।
ইফালে উচ্চতম ন্যায়ালয়ে অধিবক্তাসকলক ভিডিঅ' কনফাৰেন্সিঙৰ জৰিয়তে ইয়াত উপস্থিত থকাৰ অনুমতি দিয়ে। ইফালে ভাৰতে এ আইৰ বিষয়ত এক বিশ্ব অভিলেখ গঢ়াৰো প্রচেষ্টা চলাইছে। ভাৰতে এ আই ৰেছপনছিবিলিটি প্লেজ অভিযানৰ অধীনত সর্বাধিক শপত লোৱাৰ প্রচেষ্টা চলাব। যদি এই অভিযানত সফল হয় তেতিয়া ভাৰতৰ নাম গীনিজ বুক অব্ ৱৰ্ল্ড ৰেকৰ্ডত অন্তৰ্ভুক্ত হ'ব। ইয়াৰ লগে লগে শীর্ষ সম্মিলনো আৰম্ভহ'ব। ইলেক্ট্রনিক তথা তথ্য সম্প্ৰচাৰ মন্ত্ৰ্যালয়ে ৱেবছাইটযোগে এই অভিযান আৰম্ভ কৰে।