ডিজিটেল ডেস্ক : শনিবাৰে বৃহত্তৰ চচল বহাগী উৎসৱৰ বিহুতলীত কামৰূপ মহানগৰ ভৈয়াম কাৰ্বি মহিলা সমন্বয় সমিতিৰ উদ্যোগত প্রথমখন মহিলা আলোচনীৰ প্ৰথম সংখ্যা 'ক্লেং মেকাৰপেই' উন্মোচন কৰে দিছপুৰ কলেজৰ অৱসৰপ্ৰাপ্ত অধ্যাপিকা ড° ৰীণা চৌধুৰী ফাংচ'ই। সমিতিৰ সভানেত্ৰী সৰলা কাথাৰপীয়ে বন্তি প্রজ্বলনেৰে শুভাৰম্ভ কৰা অনুষ্ঠানত বহুতো গণ্য-মান্য ব্যক্তিয়ে অংশগ্ৰহণ কৰে।
উদ্দেশ্য ব্যাখ্যা কৰি মুখ্য সম্পাদিকা ৰত্না ৰংচেহনপীয়ে কয় যে বহুযুগৰ আগতে যদি ক্লেং মেকাৰপেইৰ দৰে মহীয়সী আৰু ৰংফাৰ পী ৰং বেৰ দৰে বীৰাংগণা নাৰীয়ে কাৰ্বি জাতিক নেতৃত্ব দিয়াৰ যোগ্যতা আৰু শক্তি লাভকৰিছিল তেনেহ'লে আজিৰ কাৰ্বি মহিলা কেনেকৈ ইমান পিছ পৰি থাকিল? আমি আমাৰ পৰাক্ৰম পাহৰিলে নহ'ব। এই পৰাক্ৰম আমি আমাৰ জ্ঞান আৰু মননশীলতাৰে দেখুৱাব লাগিব। সভাপতিৰ ভাষণত সৰলা কাথাৰপীয়ে কেনেকৈ এখন আলোচনীয়ে সমাজ মানুহৰ মাজলৈ লৈ যাব পাৰে, লেখা-মেলাৰ জৰিয়তে কেনেকৈ মহিলাসকলক সাহিত্য চর্চাৰ লগত জড়িত কৰিব পাৰি তাৰ বিশদ আলোচনা দাঙি ধৰে।
ড° ৰীণা চোধুৰী ফাংচ'ই কয় যে যিহেতু কার্বিসকলৰ কোনো লিখিত বুৰঞ্জী নাই, সেইবাবে কাৰ্বিসকলৰ ঐতিহাসিক স্থানসমূহত ক্ষেত্র অধ্যয়ন কৰি গৱেষণা কৰাৰ প্ৰয়োজন আছে। সভাত মুখ্য অতিথি হিচাপে উপস্থিত থকা দয়াৰাম কাথাৰ, বিশিষ্ট অতিথি লংকি ফাংচ', সন্মানীয় অতিথিদ্বয় দেবানন্দ তেৰন আৰু মুকুল শৰ্মাই অভিজ্ঞতাপুষ্ট বক্তব্য আগবঢ়ায়।