কাইলৈ লক্ষ্মী পূজা; কি কি কাম কৰিব নালাগে জানি লওক 

dainik janambhumi October 05, 2025

ডিজিটেল ডেস্কঃ কাইলৈ লক্ষ্মী পূজা। ধন, ঐশ্বৰ্য, বিভূতিৰ অধিষ্ঠাত্ৰী দেৱী মহালক্ষ্মীৰ আৰাধনাৰে মুখৰিত হ'ব চৌপাশ। সুখ-সমৃদ্ধি, ধন-ঐশ্বৰ্যপ্ৰাপ্তিৰ কামনাৰে লক্ষ্মী পূজা পালন কৰা হয়। 


লক্ষ্মী পূজাত কিছুমান কাম কেতিয়াও কৰিব নালাগে। কি কি জানি লওক

ধাৰ নিদিব-  লক্ষ্মী পূজাত কাকো ধাৰলৈ টকা নিদিব।

দেৰিকৈ শুই নাথাকিব: দেৰিলৈকে শুব নালাগে, কিয়নো পলমকৈ শুই থকাসকলে লক্ষ্মী দেৱীৰ আশীৰ্বাদ নাপায়।

কাকো অপমান নকৰিব:  কাকো অপমান নকৰিব। 

অশুদ্ধ বস্তু: পূজাত লোহা, প্লাষ্টিক, কাঁচৰ বাচন ব্যৱহাৰ নকৰিব।

দিয়া বা লোৱা: সন্ধিয়া সময়ত দৈ, গাখীৰ, হালধি, পিঁয়াজ, নহৰু আদি বস্তু কাকো নিদিব বা নাখাব।

আমিষ খাদ্য নাখাব, নিচাযুক্ত বস্তু নাখাব: মাংস, মাছ আৰু কণী নাখাব। সুৰাপান, ধূমপান নকৰিব।

কাজিয়া নকৰিব:  ঘৰত শান্তিপূৰ্ণ আৰু ইতিবাচক পৰিৱেশ বজাই ৰাখক।

সূৰ্যাস্তৰ পাছত এই কাম নকৰিব:  সূৰ্যাস্তৰ পাছত তুলসী গছত পানী নিদিব বা সূৰ্যাস্তৰ পিছত তুলসীৰ পাত নিছিঙিব।

নিন্দা বা মিছা কথা কোৱা: কাৰোবাক নিন্দা কৰা বা মিছা কথা কোৱাৰ পৰা বিৰত থাকক।

Share This