ডিজিটেল ডেস্ক: 'যোৱাৰ আগেয়ে কৈ যাওঁ/জীৱনৰ যতি আছে গতিৰ ইতি নাই /মাধৱৰ অভয় চৰণে পৰাণ
নিগৰাই/পাৰ্থিৱ পৃথিৱীত আপোন বুলি একো নাই/কায়াৰ কাৰাগাৰত মুক্তি বিচাৰে ভাগৰুৱা আত্মাই...।'
যেন নিজৰ ভৱিষ্যৎ নিজেই নিৰ্ধাৰণ কৰিছিল এই সময়ৰ অসমীয়া কাব্য সাহিত্যৰ শক্তিশালী কবি গৰাকীয়ে। বশিষ্ঠ গংগা দিখৌৰ পাৰত জন্ম হৈ দিখৌৰ পাৰতে কালি নিজানে- নিতালে অন্তিম শয়নত দুকুৰি বছৰীয়া জনপ্রিয় কবিজন। হয়, অসমৰ অজস্ৰ কাব্যানুৰাগী তথা সাহিত্যপ্রেমীক ম্রিয়মাণ কৰি অজান দেশলৈ গুচি গ'ল 'স্বপ্নবাক বৰষুণৰ' কবি জোনমণি দাস। জীৱনৰ ওৰেটো সময় শব্দৰ মালা গাঁঠি কবিতাৰ সুগন্ধি বিলাই 'উৰণীয়া ছাঁ' হৈ তেওঁ নীৰৱে আঁতৰি গ'ল অজান্তি মুলুকলৈ। এক জটিল ৰোগত আক্রান্ত হৈ আজি ডিব্ৰুগড়ৰ এখন ব্যক্তিগত চিকিৎসালয়ত শেষ নিশ্বাস ত্যাগ কৰে সকলোৰে প্রিয় কবিজনে।
১৯৮৫ চনৰ ৩১ মে'ত শিৱসাগৰ নগৰৰ থানামুখত জন্মগ্রহণ কৰা কবি জোনমণি দাসে কবিতাৰ উপৰি শিশু সাহিত্য, চিত্রশিল্প, সম্পাদনা কৰ্মৰ সৈতেও জড়িত আছিল। ছাত্ৰাৱস্থাৰ পৰাই সাহিত্যক্ষেত্ৰখনত জড়িত হৈ অসমৰ প্ৰতিখন কাকত-আলোচনীত নিয়মীয়াকৈ কবিতা, শিশু পদ্য লিখি অহা জোনমণি দাসে ২০০৭ চনত শিৱসাগৰৰপৰা প্ৰকাশিত অধুনালুপ্ত শিশু আলোচনী 'আমাৰ জোনবাই'ত উপ-সম্পাদক হিচাপে কাৰ্যনিৰ্বাহ কৰি থকাৰ সময়তে প্রকাশ পায় শিল্প প্রকাশনে প্রকাশ কৰা প্ৰথমখন কাব্যগ্রন্থ 'স্বপ্নবাক বৰষুণ'। কবিগৰাকীৰ বহুসংখ্যক গুণমুগ্ধৰ প্ৰচেষ্টাৰে স্বেচ্ছাসেবী অনুষ্ঠান খোজে সাত বছৰৰ বিৰতিৰ অন্তত কবিৰ দ্বিতীয় কাব্যগ্রন্থ 'জলস্তম্ভ' প্রকাশ কৰে। কিছু বছৰ শিৱসাগৰৰ 'চুফী বেকাৰী'ত কর্মজীবনৰ পাতনি মেলি তেওঁ পৰৱৰ্তী সময়ত গুৱাহাটীৰ প্রকাশন প্রতিষ্ঠান 'পাঞ্চজন্য'ত যোগদান কৰে।
শেহতীয়াকৈ জোনমণি দাস অসমৰ জনপ্রিয় পষেকীয়া আলোচনী 'প্রান্তিক'ৰ সম্পাদনা বিভাগত কৰ্মৰত আছিল। 'স্বপ্নবাক বৰষুণ', 'জলস্তম্ভ', 'কৈলাসৰ টোকাৰী', 'উৰণীয়া ছাঁ', 'নিনাদিত নির্জনতা', 'মৈথুনৰত মাছ', 'সমকামী সূর্য', 'টেঙেচী ফুলৰ টোপনি'কে ধৰি ভালেসংখ্যক কাব্যগ্রন্থৰে সমালোচকৰ দৃষ্টি আকর্ষণ কৰিবলৈ সক্ষম হৈছিল। সমান্তৰালকৈ শিশু সাহিত্যৰ ক্ষেত্ৰখনতো জোনমণি দাসে প্ৰচুৰ অৱদান আগবঢ়াই গৈছে। অসমৰ প্ৰায়বিলাক কাকত-আলোচনীত জোনমণি দাসৰ শিশু সাহিত্য প্রকাশ পাইছিল। মইনাৰ মৌ-মাত, সাঁথৰ কোষ, অসম বুৰঞ্জীৰ মহানায়ক লাচিত বৰফুকন, বুৰঞ্জীয়ে পৰশা শিৱসাগৰ, হিতোপদেশৰ সাধু, আমাৰ উৎসৱ-পার্বণ, আজান পীৰ চাহেব-অসমীয়া জিকিৰ-জাৰী, কুঁহিপাতৰ পদ্য, ডাকৰ বচন, অসমীয়া জটুৱা ঠাঁচ আৰু খণ্ডবাক্য, জয়মতী কুঁৱৰী, ঈছপৰ সাধু, জৱাহৰলাল নেহৰু আদি জোনমণি দাসৰ প্ৰকাশিত শিশু-সাহিত্য। লিখি ভাল পোৱা আৰু কবিতাকেই জীৱনৰ সাৰম্বত সাধনা বুলি ভবা তেওঁৰ সাহিত্য-কৰ্মৰ স্বীকৃতি হিচাপে ইতিমধ্যে তেওঁলৈ চুজাউদ্দিন আহমেদ সোঁৱৰণী বঁটা, বেণু চিৰিং সোঁৱৰণী বঁটা, কাব্যম বঁটা, স্বর্ণলিপি সাহিত্য বঁটা আগবঢ়াইছে। অসম চৰকাৰৰ লেখক সম্বর্ধনা আৰু যুৱ লেখক সম্বর্ধনাও লাভ কৰিছিল জোনমণি দাসে। তেওঁৰ নশ্বৰ দেহ আজি বিয়লি শিৱসাগৰৰ থানামুখৰ স্ব-গৃহত উপস্থিত হোৱাৰ পাছতে অনেক গুণমুগ্ধৰ উপস্থিতিত এক ৰাজহুৱা শ্রদ্ধাঞ্জলি অনুষ্ঠানৰ আয়োজন কৰা হয়। শিৱসাগৰ জিলা কবি সন্মিলন আৰু শিৱসাগৰ কবি চক্ৰৰ উদ্যোগত আয়োজিত শ্রদ্ধাঞ্জলি অনুষ্ঠানত অংশগ্রহণ কৰি সদৌ অসম কবি সন্মিলনৰ প্ৰাক্তন উপ-সভাপতি হৰেন গগৈয়ে জোনমণি দাসৰ অকাল মৃত্যু অসমৰ কাব্যজগতৰ বাবে অপূৰণীয় ক্ষতি বুলি আখ্যা দিয়ে। তেওঁ জোনমণি দাসৰ কবিতাত অসমীয়া লোকজীৱনৰ সুৰ প্ৰতিফলিত হোৱা কবিতাসমূহ নতুন কবিসকলৰ বাবে আদর্শস্বৰূপ হৈ ৰ'ব বুলি উল্লেখ কৰে। বিশিষ্ট কবি-সমালোচক ৰাজীৱ বৰাই জোনমণি দাসক তৰুণ প্রজন্মৰ কবিসকলৰ ভিতৰত প্ৰথম শাৰীত থকা কবি আখ্যা দি তেওঁৰ কবিতাত অসমীয়া ভাষাৰ কালিকা উদ্ভাসিত হোৱাৰ কথা উল্লেখ কৰে।
অসমীয়া কাব্যজগতত তেওঁৰ আসন গ্রহণ কৰিব পৰা উত্তৰাধিকাৰী এই সময়ত আছে বুলি মনে নধৰে বুলিও ৰাজীৱ বৰাই মন্তব্য কৰে। বিশিষ্ট কবি পুঞ্জন বৰুৱা, বিজয় ৰবিদাস, ব্রজেন দাস, তুলিকা চেতিয়া য়েইন, প্রাঞ্জল আবিৰ দাস, মেঘালী হাজৰিকা কাকতী, নবীন বুঢ়াগোহাঁই, নরনীত হাজৰিকা, জয়জ্যোতি গগৈ, ভৈৰৱ মুণ্ডা, কৌশিক কিশলয়, ঋতুবাস্তৱ হাজৰিকা, অশ্রুমণি দত্ত ঘোষ, বন্দনা কৌশিক বৰদলৈ, আচাদ উল্লা, আনচাৰউদ্দিন বড়াকে ধৰি বহু গুণমুগ্ধই উপস্থিত থাকি শ্রদ্ধাঞ্জলি অর্পণৰ লগতে এক মিনিট মৌন প্রার্থনা জনায়। ইফালে শিৱসাগৰ সমষ্টিৰ বিধায়ক অখিল গগৈয়ে কবি জোনমণি দাসৰ মৃত্যুত গভীৰ শোক প্রকাশ কৰাৰ লগতে শেষকৃত্য অনুষ্ঠানৰ সকলো ব্যৱস্থা কৰাৰ লগতে কবিৰ পৰিয়াললৈ ১ লাখ টকাৰ আৰ্থিক সাহায্য আগবঢ়োৱাৰ কথা ঘোষণা কৰে। কবিগৰাকীৰ মৃত্যুত অসম সাহিত্য সভাৰ প্রাক্তন সভাপতি, পদ্মশ্রী ইমৰান শ্বাহ, সাহিত্যাচার্য নাহেন্দ্র পাদুন, কবি প্রেম গগৈয়ে গভীৰ শোক প্ৰকাশ কৰিছে। কবিগৰাকীৰ মৃত্যুত সদৌ অসম ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক সমীৰণ ফুকনে কয় যে শিৱসাগৰৰ সু-সন্তান তথা অসমৰ কাব্য জগতৰ অন্যতম জনপ্রিয় আৰু চিনাকি নাম জোনমণি দাসৰ অকাল বিয়োগত মর্মাহত হৈছোঁ। কবিতা, চিত্রকলা, শিশু-সাহিত্যকে ধৰি বিভিন্ন দিশত পাৰদৰ্শিতাৰে নিজৰ চমু জীৱনত সুকীয়া পৰিচয় লাভ কৰিবলৈ সক্ষম হোৱা জোনমণি দাসৰ বিয়োগ এক অপূৰণীয় ক্ষতি। তেওঁৰ বিদেহ আত্মাৰ চিৰশান্তি কামনা কৰাৰ লগতে শোকসন্তপ্ত পৰিয়ালবৰ্গৰ প্ৰতি গভীৰ সমবেদনা জ্ঞাপন কৰে ছাত্র নেতা গৰাকীয়ে।
ইফালে, অসম জাতীয় পৰিষদৰ সভাপতি লুৰীণজ্যোতি গগৈ, সদৌ টাই আহোম ছাত্র সন্থাৰ সভাপতি বসন্ত গগৈ, শিৱসাগৰ জিলা কবি সন্মিলন, শিৱসাগৰ কবি চক্র, শিৱসাগৰ প্ৰেছ ক্লাব, শিৱসাগৰ জিলা সাংবাদিক সংস্থা, শিৱসাগৰ ই-মিডিয়া সংস্থা, শিৱসাগৰ জিলা বাৰ্তাজীবী সংঘ, শিৱসাগৰ জিলা অনুসূচিত জাতি পৰিষদ, সদৌ অসম অনুসূচিত জাতি ছাত্র সন্থা, শিৱসাগৰ জিলা অনুসূচিত জাতি ছাত্ৰ সন্থা, ভাৰতীয় জনতা পার্টি শিবসাগৰ জিলা সমিতি, দিখৌপৰীয়া সন্মিলিত যুৱ সংঘ, দৈকলডীয়া গাঁও বৰনামঘৰ উন্নয়ন সমিতি, কৈবর্ত সাহিত্য আৰু সাংস্কৃতিক সভা অসম, সতী বাধিকা স্মৃতি কলা কেন্দ্র, শিৱসাগৰ জিলা সাহিত্য সভা, কলঞ্চুপাৰ শাখা সাহিত্য সভা, শিৱসাগৰ কবি চক্র, উজনি অসম মুছলিম কল্যাণ পৰিষদ, প্রজ্ঞা, বাক্য, স্বেচ্ছাসেৱী অনুষ্ঠান খোজ, অনুসূচিত জাতি ছাত্ৰ সন্থা, শিৱসাগৰ জিলা প্রাথমিক শিক্ষক সন্মিলনী, বীৰ লাচিত বৰফুকন মহাবিদ্যালয়, জাগৃত নাৰী সমাজ, সদৌ কলিতা ছাত্র সন্থা, দিচাংমুখ শাখা কবি সন্মিলন, পথিকৃত, অন্তৰংগ, শিৱসাগৰ জিলা কবি সমাজকে ধৰি বহু ব্যক্তি, অনুষ্ঠান-প্রতিষ্ঠানে গভীৰ শোক প্ৰকাশ কৰিছে। কবি জোনমণি দাসে অধ্যয়ন কৰা বীৰ লাচিত বৰফুকন মহাবিদ্যালয়ত আজি এক শোক সভা অনুষ্ঠিত কৰি শ্রদ্ধাঞ্জলি জ্ঞাপন কৰা হয়।
শেষত স্থানীয় থানামুখ শান্তিবন শ্মশানত বহু গুণমুগ্ধৰ উপস্থিতিত সম্পূর্ণ ধর্মীয় ৰীতি-নীতিৰে কবি জোনমণি দাসৰ শেষকৃত্য সম্পন্ন কৰা হয়। কবি জোনমণি দাসে লিখিছিল 'মই এটা চাঁহীতকৈ সৰু/মৰমতে মৰিব পাৰোঁ, মৰাৰ পাছতো আকৌ জী উঠিব খোজো/মাতৰ মমতাত...।'- সকলো গুণমুগ্ধ এতিয়া অপেক্ষাৰত-মাতৰ মমতাত মৰাৰ পাছতো এদিন জী উঠিব কবি। ইফালে, কবি জোনমণি দাসৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰিছে কেন্দ্রীয় বিদেশ ৰাজ্য মন্ত্রী পবিত্র মাৰ্ঘেৰিটাই। বিদেশ ভ্রমণৰত মন্ত্ৰীগৰাকীয়ে পানামাৰ পৰা দৈনিক জনমভূমিক জানিবলৈ দিয়ে যে কবিগৰাকীৰ পৰিয়াললৈ তেওঁ এক লাখ টকা সাহায্য প্রদান কৰিব। বিদেশ ভ্রমণৰ পৰা ঘূৰি আহি কবিগৰাকীৰ ঘৰলৈ গৈ ধনৰাশি প্রদান কৰিব বুলিও জানিবলৈ দিয়ে কেন্দ্রীয় মন্ত্ৰীগৰাকীয়ে।