কাজিৰঙাৰ কিংবদন্তি হাতী 'জয়মালা'ৰ মৃত্যু

dainik janambhumi July 06, 2026

ডিজিটেল ডেস্ক : কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত বছৰ বছৰ ধৰি সেৱা আগবঢ়াই অহা হাতী 'জয়মালা' আৰু নাই। কিংবদন্তী হাতীটোৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শর্মাই। তেওঁ এক শোক বার্তাত প্রকাশ কৰে যে 'বিগত ৩৪ বছৰ ধৰি কাজিৰঙাৰ অৰণ্য আৰু বন্যপ্রাণী সুৰক্ষাৰ ক্ষেত্ৰত নীৰৱ যোদ্ধাৰ দৰে সেৱা আগবঢ়োৱা জয়মালাই চিৰবিদায় মাগিছে।

শেষ বিদায়ৰ ক্ষণত বন বিভাগে 'গার্ড অব অনাৰে'ৰে জনোৱা সন্মানে জয়মালাৰ অসামান্য অৱদানকেই প্রতিফলিত কৰিলে। বহু দুৰুহ অভিযান, বাঘৰ সন্মুখীন হোৱা সাহসিক মুহূৰ্ত আৰু কাজিৰঙাৰ সুৰক্ষাৰ বাবে আগবঢ়োৱা আজীৱন সেৱাই জয়মালাক কাজিৰঙাৰ ইতিহাসত এক বিশেষ স্থান প্রদান কৰি গ'ল।' মুখ্যমন্ত্রী ড° শর্মাই জয়মালা কাজিৰঙাৰ আত্মা, সাহস আৰু সমৰ্পণৰ এক প্রতীক আছিল বুলিও উল্লেখ কৰে।

Share This