দৈ উপকাৰিতাৰ বিষয়ে জানো আহক !

Jyoti Borah September 12, 2023

ডিজিটেল ডেস্কঃ দৈ স্বাস্থ্যৰ বাবে অতি উপকাৰী৷ সঠিক সময়ত দৈ খালে বহু ৰোগৰ পৰাও হাত সাৰি থাকিব পাৰি৷ দৈত প্ৰচুৰ পৰিমাণে পুষ্টিকৰ দ্ৰব্য থাকে৷ আমাৰ স্বাস্থ্যৰ কাৰণে দৈ অতি উপকাৰী বুলি কোৱা হয়৷ অৱশ্যে সঠিক সময়ত দৈ নাখালে ইয়াৰ উপকাৰসমূহ পোৱা নাযায়৷ 

সদায় পুৱাৰ বা দুপৰীয়াৰ আহাৰৰ পাছত দৈ খাব লাগে৷ দিনৰ ভাগত দৈ খালে আমাৰ পাচন ক্ৰিয়া শক্তিশালী হয়৷ হজম কৰা শক্তি সঠিক ৰূপত ৰাখিবলৈ হ’লে নিয়মীয়াকৈ দৈ খোৱা উচিত৷ দৈত প্ৰ’বায়’টিক ফুডৰূপে জীৱিত সূক্ষ্ম জীৱ থাকে৷ ই পেটত এচিডৰ মাত্ৰা ভাৰসাম্য কৰি ৰখাত সহায় কৰে৷  ইয়াৰ লগতে বদহজমৰ পৰাও সকাহ দিয়ে৷ দৈয়ে ওজন হ্ৰাস কৰাতো সহায় কৰে৷ দৈত যথেষ্ট পৰিমাণে প্ৰ’টিন থাকে৷ দৈয়ে আমাৰ তেজত ইনছুলিন ৰেজিষ্টেন্স আৰু গ্লুকজৰ পৰিমাণ হ্ৰাস কৰাত সহায় কৰে৷ ফলত উচ্ছ ৰক্তচাপ, বহুমূত্ৰ তথা স্বাস্থ্যৰ প্ৰতি ভাবুকিৰ সৃষ্টি কৰিব পৰা সমস্যাসমূহৰ পৰা আঁতৰি থাকিব পাৰি৷ দৈত প্ৰচুৰ পৰিমাণে কেলচিয়াম আৰু ফচফৰাছ থাকে, যি আমাৰ হাড়ৰ বাবে উপকাৰী৷

 নিয়মিতভাৱে দৈ খালে হাড় শক্তিশালী হোৱাৰ লগতে ইয়াৰ সৈতে জড়িত ৰোগৰ পৰাও হাত সাৰি থাকিব পাৰি৷ দৈয়ে বিভিন্ন ধৰণৰ পুৰণি ৰোগ ভাল কৰাতো সহায় কৰে৷

Share This