আজিৰ দিনটো কেনেদৰে যাব ৰাশিফল চাই জানো আহক !

Jyoti Borah September 16, 2023

শনিবাৰ, ১৬ ছেপ্টেম্বৰ, ২৯ ভাদ, 


মেষঃ দিনটো ভালেই যাব৷ শাৰীৰিক দিশত আমনি কম৷ ব্যৱসায়-বাণিজ্যত প্ৰচুৰ উন্নতি৷ পাৰিবাৰিক জীৱন সুখৰেই৷ পিছে শত্ৰুৰ পৰা সতৰ্ক থাকক৷ শুভ কাৰক গ্ৰহ মঙল, ৰবি৷ শুভ সংখ্যা ১, ৯ ৷ শুভ ৰং ক’লা৷
বৃষঃ সামাজিক কামৰ মাজেদি সুখ্যাতি৷ বিদ্যাৰ্থীৰ একাগ্ৰতা বৃদ্ধি৷ পাৰিবাৰিক জীৱন শুভাশুভ মিশ্ৰিত৷ ভ্ৰমণ হ’ব পাৰে৷ পৱিত্ৰ ধৰ্মীয় স্থান দৰ্শন৷ শুভ কাৰক গ্ৰহ শুক্ৰ৷ শুভ সংখ্যা ২, ৩ ৷ শুভ ৰং গেৰুৱা৷ 
মিথুনঃ শিল্পী-সাহিত্যিক তথা বুদ্ধিজীৱীৰ সন্মান লাভ৷ দাম্পত্য জীৱন সুখ-শান্তিময়৷ ধৰ্মীয় কামত মনোনিৱেশ আৰু সমাজত সমাদৰ পাব৷ পৰিস্থিতিত পৰি, হঠাৎ আৱেগিক হৈ কোনো সিদ্ধান্ত ল’লে সমস্যাত পৰিব৷ শুভ কাৰক গ্ৰহ বুধ, ৰবি৷ শুভ সংখ্যা ১, ৫ ৷ শুভ ৰং বগা৷ 
কৰ্কটঃ শৰীৰ প্ৰায় ভালেই৷ যি কামতেই হাত দিয়ক, সুচাৰুৰূপে সমাধা কৰিব পাৰিব৷ বিদ্যা-বুদ্ধিত ভালেই৷ শুক্ৰ শুভ ভাবত নাই যদি, পাৰিবাৰিক জীৱন উন্নত নাপাব৷ শুভ কাৰক গ্ৰহ চন্দ্ৰ, শুক্ৰ৷ শুভ সংখ্যা ২, ৩৷ শুভ ৰং সোণালী৷ 
সিংহঃ শুভ ৰং নীলা৷ কামত দক্ষতা প্ৰকাশ৷ ঘৰুৱা জীৱন আন দিনাতকৈ উন্নত৷ বিদাৰ্থীৰ বহুমুখী প্ৰতিভা৷ কৰ্মক্ষেত্ৰত সহায়-সহযোগ পাব৷ শুভ কাৰক গ্ৰহ ৰবি, মঙল৷ শুভ সংখ্যা ১, ৯৷ 
কন্যাঃ শৰীৰ খুব উন্নত নাপাব৷ কোনোৱে পেটৰ অভ্যন্তৰীণ অসুখত ভুগিব পাৰে৷ কৰ্মত দক্ষতা আৰু যিকোনো কামকে গুৰুত্ব সহকাৰে লয় বাবে আপুনি মানুহৰ প্ৰিয় আৰু কামৰ বোজাও বাঢ়িব৷শুভ কাৰক গ্ৰহ বুধ, শনি৷ শুভ সংখ্যা ৫, ৭৷ শুভ ৰং সেউজীয়া৷ 
তুলাঃ স্বাস্থ্য প্ৰায় ভালেই৷ আপোনাৰ ব্যৱহাৰত সৰু-বৰ সকলো মুগ্ধ হয়৷ ঘৰুৱা পৰিৱেশ যথেষ্ট উন্নত৷ ব্যৱসায়-বাণিজ্যত প্ৰচুৰ উন্নতি৷ ধৰ্মত মতি৷শুভ কাৰক গ্ৰহ শনি, শুক্ৰ৷ শুভ সংখ্যা ৬, ৭৷ শুভ ৰং বেঙুনীয়া৷ 
বৃশ্চিকঃ আন দিনাতকৈ স্বাস্থ্য যথেষ্ট উন্নত পাব৷ সকলোৰে লগত মিলিজুলি থাকি ভাল পাব৷ ধৰ্মত মতি৷ সম্ভৱস্থলত ভ্ৰমণৰ যো-জা৷শুভ কাৰক গ্ৰহ  মঙল, ৰবি৷ শুভ সংখ্যা ১, ৯৷ শুভ ৰং মাখন৷ 
ধনুঃ     যিকোনো সমস্যা আপুনি বিচক্ষণ বুদ্ধিৰে সহজে চম্ভালি ল’ব পাৰিব৷ ব্যৱসায়ত, বিশেষকৈ অংশীদাৰী ব্যৱসায়ত ভালকৈ চকু নিদিলে ক্ষতিৰহে সম্ভাৱনা৷শুভ কাৰক গ্ৰহ  বৃহস্পতি, চন্দ্ৰ৷ শুভ সংখ্যা ২, ৩৷ শুভ ৰং হালধীয়া৷ 
মকৰঃ কোনো বিশেষ কামৰ বাবে পৰ্যাপ্ত পৰিমাণৰ অৰ্থ নোহোৱাত ঋণ-ধাৰ কৰিব লগা হ’ব পাৰে৷ সন্তান প্ৰীতি বাঢ়িব৷ ধৰ্মীয় কৰ্মত ধাউতি বাঢ়িব৷ শুভ কাৰক গ্ৰহ মঙল, শনি৷ শুভ সংখ্যা ৭, ৯৷ শুভ ৰং ক’লা৷ 
কুম্ভঃ     স্বাস্থ্যৰ প্ৰতি অৱজ্ঞা নকৰিব৷ মনলৈ কোনো কাৰণত হতাশ ভাব আহিব পাৰে৷ পাৰিবাৰিক জীৱন বুজাবুজিৰ মাজেৰে আগুৱাব৷ ধৰ্মীয় পৰম্পৰা ৰক্ষা কৰাত দৃঢ়তা৷ শুভ কাৰক গ্ৰহ  শনি, শুক্ৰ৷ শুভ সংখ্যা ৬, ৭৷ শুভ ৰং সেউজীয়া৷ 
মীনঃ  কৰ্মত যোগ্যতা প্ৰকাশ৷ সামাজিক কামৰ মাজেদি সমাজত সমাদৰ পাব৷ উপাৰ্জন হ’লেও খৰচো হ’ব তদ্ৰূপ৷ ঘৰুৱা জীৱন বুজাবুজিৰ মাজেৰে পাৰ হ’ব৷ ধৰ্মীয় পৰম্পৰা ৰক্ষা কৰাত মনোযোগ বৃদ্ধি৷    শুভ কাৰক গ্ৰহ বৃহস্পতি, শুক্ৰ৷ শুভ সংখ্যা ৬, ৭৷ শুভ ৰং গুলপীয়া৷

Share This