ডিজিটেল ডেস্কঃ আজি আমি লৈ আহিছো এক বিশেষ প্ৰতিবেদন। এই প্ৰতিবেদনৰ জড়িয়তে আপুনি বহুতো নজনা কথা জানিব পাৰিব।
আজি আপোনালোক জনাবলৈ বিছাৰিছো সকলোৰে ঘৰতে উপলব্ধ এবিধ বনৌষধিক গছৰ বিষয়ে । এই গছবিধ হৈছে দুপৰ টেঙা বা পাতেগজা পাত ।
ইয়াক দুপৰ টেঙা বুলিও কোৱা হয় কিয়নো ই দুপৰীয়া সময়ত বেছি টেঙা হৈ পৰে । আৰু পাতেগজা উদ্ভিদ বুলি এই কাৰণে কোৱা হয় যদি আপোনালোকে ইয়াৰে পাত এটা সেমেকা বা ৰʼদ নপৰা ঠাইত থৈ দিয়ে তেনেহলে কিছুদিন পিছত এই পাতটোৰ পৰাই নতুনকৈ গছৰ শিপা বা নতুনকৈ পাত ওলাইছে সেয়েহে ইয়াক পাতে গজা পাত বুলিও কোৱা হয় ।
এতিয়া আমি জানো আহক পাতে গজাপাত বা দুপৰ টেঙাৰ ঔষধি গুণ সমূহ
১. আমাৰ শৰীৰৰ পেটৰ ভিতৰৰ অংশত হোৱা ulcer দূৰ কৰিবৰ বাবে খুবেই উপকাৰী দুপৰ টেঙা
২. শৰীৰৰ বাহিৰত আপোনাৰ যদি ঘাঁ হৈছে তেনেহলে ইয়াক ঘাঁ শুকুৱাবলৈ ব্যৱহাৰ কৰিব পাৰে কাৰণ ঘাঁ শুকুৱাবলৈ পাতেগজা পাত ব্যৱহাৰ কৰিলে সোনকালে শুকায়। দুপৰ টেঙাৰ পাত অলপমান গৰম কৰি তাক খুন্দি লৈ ঘাঁ হোৱা ঠাইত লগাই দিব দেখিব আপুনি কমদিনৰ ভিতৰতেই ঘাঁ শুকাই গৈছে ।
৩. কিটনিত হোৱা পাথৰৰ সমস্যা দূৰ কৰিবলৈ এই পাত ব্যৱহাৰ কৰিব পাৰে । দুপৰ টেঙা পাতৰ ৰস যদি আপুনি সদায় খাই তেনেহʼলে কিটনিত হোৱা পাথৰো সোনকালে নাইকীয়া হৈ যায়।
৪. আপোনাক যদি কীট-পতংগই কামোৰে তেতিয়া বীজানু নাশ কৰিবলৈ পাতে গজাপাত কামোৰা অংশ ঠাইত লগাই দিলে বীজানু নাশ হয় ।
৫. দুপৰ টেঙাৰ পাত সদায় সেৱন কৰিলে কিছুমান বেমাৰৰ পৰা সকাহ পোৱা যায় । যেনে - পেছাৱ জ্বলা পোৰা হʼলে , পেছাৱ হালধীয়া পৰিলে বা অন্যান্য সমস্যা সমাধান কৰে।
৬. জণ্ডিছ ৰোগতো যদি পাতেগজা পাত সেৱন কৰে তেনেহʼলে বহুত উপশম হয়
৭. অৰ্শ বা কেঁচুমূৰীয়া ৰোগতো দুপৰ টেঙাৰ পাত বহুত উপকাৰী ।
কেছুমূৰীয়া ৰোগ হʼলে দুপৰ টেঙাৰ পাত খুন্দি লগাই থʼলে কিছু উপশম পোৱা যায় ।