কেপচিকামৰ‌ উপকাৰিতা সম্পৰ্কে জানো আহক 

Kakali Deka December 18, 2023

ডিজিটেল ডেস্কঃ স্বাস্থ্যৰ বাবে উপকাৰী কেপচিকাম। কেপচিকাম সর্বপ্রথমে পোৱা গৈছিল দক্ষিণ আৰু মধ্য আমেৰিকাত। এতিয়া সমগ্র বিশ্বতে ইয়াৰ খেতি কৰা হয়।

বিভিন্ন ধৰণৰ খাদ্য তথা ব্যঞ্জন প্রস্তুত কৰাত কেপচিকামৰ ব্যৱহাৰ কৰা হয়। ইয়াৰে কিছুমানত কেঁচা আৰু কিছুমানত সিজোৱা কেপচিকাম 'ব্যৱহাৰ কৰা হয়। বজাৰত কেইবাটাও ৰঙৰ যেনে সেউজীয়া, ৰঙা আৰু হালধীয়া ৰঙৰ কেপচিকাম পোৱা যায়।

কেপচিকামৰ গুণ মানুহৰ স্বাস্থৰ বাবে অতি উপকাৰী। সেউজীয়া কেপচিকামত ভিটামিন-এ, ভিটামিন-চি, ভিটামিন-কে, ফাইবাৰ আৰু কেৰ 'টিনাইড় প্ৰচুৰ পৰিমাণে পোৱা যায়, যিবিলাক স্বাস্থ্যৰ বাবে অতি উপকাৰী। কেপচিকামত কেলৰি প্ৰায় নাই আৰু সেয়েহে কলেষ্টৰেল নিয়ন্ত্রণতো সহায় কৰে। ইয়াৰ লগতে ই এন্টিঅক্সিডেণ্টৰ এটা ভাল উৎস। সেউজীয়া কেপচিকামে হৃপিণ্ডক শক্তিশালী কৰাত সহায় কৰে।

এনিমিয়া দূৰ কৰাত সহায় কৰে কেপচিকামে। ইয়াত আইৰন আৰু ভিটামিন প্ৰচুৰ পৰিমাণে থাকে। আনহাতে কেপচিকামে শৰীৰৰ ওজন হ্রাস কৰাতো সহায় কৰে। সেউজীয়া কেপচিকামে চকু সুস্থ-সবল কৰি ৰখাতো সহায় কৰে। ইয়াত থকা লুটিন আৰু জিয়াজানডেন চকুৰ কাৰণে ভাল। ইফালে কেপচিকামত থকা কেপছাইছিনে ছালৰ সমস্যা নোহোৱা কৰাটো সহায় কৰে।

Share This