নাৰিকল পানীৰ উপকাৰিতাৰ বিষয়ে জানো আহক

dainik janambhumi June 10, 2025

ডিজিটেল ডেস্ক: নাৰিকল পানীক পুষ্টিকৰ পানীয় বুলি গণ্য কৰা হয়। ইয়াত কেলচিয়াম, মেগনেছিয়াম, আইৰণ, জিংক, ভিটামিন-ই, ভিটামিন-কে আদি বহুতো পুষ্টিকৰ উপাদান পোৱা যায়। সাধাৰণতে মানুহে ইয়াক কেৱল গ্রীষ্মকালতহে সেৱন কৰিবলৈ ভাল পায়। প্ৰতিটো ঋতুতে নাৰিকল পানী খাব পাৰি। এইটো এটা হাইড্রেটিং ড্রিংক, যিয়ে শৰীৰক হাইড্রেটেড কৰি ৰখাত সহায় কৰে। আজি আমি আপোনালোকক ক'ম নাৰিকল পানীৰ এনে কিছুমান উপকাৰিতাৰ কথা, যিটোৰ কথা জানি আপুনি প্ৰতিটো ঋতুতে নাৰিকল পানী সেৱন কৰিব।

১) পাচনতন্ত্র: নাৰিকল পানী সেৱনে হজম শক্তি উন্নত কৰে আৰু পেটৰ লগত জড়িত ৰোগৰ পৰা পৰিত্ৰাণ পোৱাত সহায় কৰে। ইয়াত এনে বহুতো যৌগ আৰু এনজাইম পোৱা যায়, যিয়ে খাদ্য হজম কৰাত সহায় কৰে।

২) জিলিকি থকা ছাল: নাৰিকল পানী হৈছে হাইড্রেটিং পানীয়। ইয়াক সেৱন কৰিলে শৰীৰত

কেতিয়াও পানীৰ অভাৱ নহয়। ইয়াত এন্টিঅক্সিডেন্ট পোৱা যায় যিয়ে ছালৰ বলিৰেখা আৰু পিম্পল

আঁতৰোৱাত সহায় কৰে। ইয়াত ভিটামিন চি আৰু ই থাকে ঘিয়ে ছালখনক উজ্জ্বল কৰি তোলে।

৩) ৰক্তচাপ: নাৰিকল পানীত প্ৰচুৰ পৰিমাণে ছডিয়াম থাকে যিটো ৰক্তচাপ ৰোগীৰ বাবে অতি সহায়ক। উচ্চ ৰক্তচাপ থকা লোকে নাৰিকল পানী সেৱন কৰিব লাগে।

৪) ওজন কমি যোৱা : ওজন কমোৱাৰ অন্যতম সহজ উপায় হ'ল নাৰিকল পানী। পেটৰ চৰ্বিৰ বাবে চিন্তিত লোকসকলে নাৰিকল পানী সেৱন কৰিব লাগে। এইটো সেৱন কৰিলে পেটটো দীর্ঘসময় ধৰি ভৰি থাকে আৰু ভোক কমি যায়

৫) বৃক্কৰ পাথৰ: পাথৰৰ পৰা সকাহ পাবলৈ চিকিৎসকে যিমান পাৰে সিমান পানী খোৱাৰ পৰামৰ্শ দিয়ে। পাথৰৰ ৰোগত নাৰিকল পানী সেৱন কৰাটো অতি উপকাৰী।

Share This