সুমিষ্ট ফল মধুৰীৰ নানা উপকাৰী গুণৰ বিষয়ে জানো আহক

Nikimoni Kachari March 21, 2026

ডিজিটেল ডেস্ক: মধুৰী এবিধ পুষ্টিকৰ সুমিষ্ট ফল। মধুৰীৰ ফলৰ লগতে পাতবোৰ উপকাৰিতাৰে সমৃদ্ধ। মধুৰীক ইংৰাজীত ‘Guava’ বুলি কোৱা হয়। মধুৰীত অধিক ভিটামিন C, পটাছিয়াম আদি থাকে। এই মধুৰী আমৰ আছে বহু উপকাৰিতা। কিন্তু আপুনি বাৰু জানেনে কি কি উপকাৰিতা আছে এই মধুৰী আমত। বহুলোকৰ বাৰীত সাধাৰণতে মধুৰী গছ দেখা যায়। কিন্তু অধিকাংশ লোক হয়তো মধুৰীৰ গুণাগুণৰ বিষয়ে জ্ঞাত নহয়।

মধুৰীৰ স্বাস্থ্যকৰ গুণাগুণৰ কথা জানিলে হয়তো আপুনিও আচৰিত হৈ পৰিব। মধুৰী ভিটামিন, খনিজ পদাৰ্থ, ফাইবাৰ আৰু এণ্টিঅক্সিডেণ্টেৰে সমৃদ্ধ ফল। সেয়েহে এই ফল দৈনিক খালে শৰীৰৰ বহু দিশত উপকাৰ হয়। মধুৰীত কমলাতকৈও বেছি ভিটামিন C পোৱা যায়। এই ফলবিধৰ নানা উপকাৰিতাৰ বিষয়ে জানো আহক।

মধুৰীৰ নানা উপকাৰী গুণ

১. মধুৰীয়ে ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি, হজম শক্তি উন্নত, ডায়েবেটিছ নিয়ন্ত্ৰণ, হৃদযন্ত্ৰ সবল কৰা আৰু ওজন কমোৱাত সহায় কৰে। ইয়াৰ পাতো পেটৰ বিষ, দাঁতৰ বিষ, চৰ্দি আৰু ছালৰ সমস্যাৰ বাবে অত্যন্ত উপকাৰী। 

২. মধুৰীৰ ব্যৱহাৰে চকুৰ ৰশ্মি বৃদ্ধি কৰাত সহায় কৰে

৩. মধুৰীৰ জৰিয়তে ওজন বহু পৰিমাণে নিয়ন্ত্ৰণ কৰিব পাৰি কাৰণ ইয়াত কম কেলৰি আৰু অধিক আঁহ থাকে।

৪. বদহজমৰ লগতে পেটৰ বিভিন্ন সমস্যাৰ বাবে মধুৰীৰ পাত অতিকৈ উপকাৰী।

৫. দাঁতৰ ক্ষেত্ৰতো মধুৰীৰ লাভালাভ দেখা যায়। মধুৰীৰ পাত চোবালে দাঁতৰ বিষ নিয়ন্ত্ৰণ কৰাত সহায় হয়।

৬. মধুৰীক Ascorbic Acid অৰ্থাৎ Vitamin C ৰ সমৃদ্ধ উৎস বুলি গণ্য কৰা হয়, যিয়ে ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰে আৰু বহুতো ভাইৰাছজনিত ৰোগৰ পৰা আপোনাক ৰক্ষা কৰে।

৭. মধুৰীত থকা ভিটামিন A আৰু C ৰ বাবে চকুৰ ৰশ্মি বৃদ্ধি হয় আৰু ছাল উজ্জ্বল হয়।

 

উৎস: প্ৰাগ নিউজ ডিজিটেল

Share This