পুষ্টিকৰ বুট দাইলৰ নানা উপকাৰিতাৰ কথা জানো আহক 

Nikimoni Kachari March 29, 2026

ডিজিটেল ডেস্ক: ভাৰতীয় পাকঘৰত বুট দাইল জনপ্ৰিয় ব্যঞ্জন। বুট দাইল (Chana Dal) এক পুষ্টিকৰ দাইল, যি শৰীৰৰ বাবে অতি প্ৰয়োজনীয়। ইয়াক সাধাৰণতে পিয়াঁজ, নহৰু, আদা, আৰু বিভিন্ন মছলা ব্যৱহাৰ কৰি প্ৰস্তুত কৰা হয়। বুট দাইল বিশেষকৈ ৰুটী, পৰঠা, লুচি, পুৰিৰ সৈতে সুস্বাদু ব্যঞ্জন হিচাপে গ্ৰহণ কৰা হয়।  প্ৰটিনৰ অভাৱ আৰু পুষ্টিৰ প্ৰয়োজনীয়তা পূৰণৰ বাবে বুট দাইল এক সুস্বাদু খাদ্য। বুট দাইলত প্ৰটিন, আঁহ, কাৰ্বহাইড্ৰেট, ফলেট, আইৰণ, ফছফৰাছ আৰু কেলচিয়াম থাকে।

বুট দাইলৰ নানা উপকাৰিতা 

১) মহিলাৰ স্বাস্থ্যৰ বাবে (ঋতুস্ৰাৱ, গৰ্ভধাৰণত) অত্যন্ত উপকাৰী। 

২) বুট দাইলত গ্লিচেমিক ইনডেক্স অতি কম সেয়েহে ই ডায়েবেটিছ ৰোগীৰ বাবেও এক আদৰ্শ খাদ্য। 

৩) বুট দাইলে ৰক্ত শৰ্কৰা নিয়ন্ত্ৰণত সহায় কৰে। 

৪) ইয়াত খাদ্য আঁহ থাকে, যিয়ে পাচনত সহায় কৰে আৰু কোষ্ঠকাঠিন্য দূৰ কৰে। 

৫) যিসকলৰ ৰেড মীট খোৱাত নিষেধাজ্ঞা আৰোপ কৰা হৈছে তেওঁলোকৰ বাবে এই বুট দাইল এক উত্তম খাদ্য হ’ব পাৰে। কাৰণ ইয়াত মাছ, মাংস বা কণীৰ সমতুল্য প্ৰটিন থাকে। 

৬) পৰিপাক প্রণালীৰ লগতে শৰীৰৰ পৰা বিষাক্ত দ্রব্য বুট দাইলে উলিয়াই পঠিওৱাত সহায় কৰে৷

৭) স্তন কৰ্কটৰ আশংকা হ্ৰাস কৰিব পাৰে।


কথিত আছে যে ঔৰাংগজেৱে পিতৃ ছাহজাহানক আগ্রা দুর্গত বন্দী কৰি ৰখাৰ সময়ত জীৱনৰ বাকী অৱস্থাত তেওঁক একমাত্র এবিধ খাদ্যহে খাবলৈ দিয়া হৈছিল৷ পিতৃৰ প্রতি ঔৰংগজেৱ কিছু সদয় হৈ তেওঁক এবিধ খাদ্য ইচ্ছামতে বাছি ল’বলৈ সুযোগ দিছিল৷ অভিজ্ঞতাপুষ্ট ছাহজাহানে খাদ্য হিচাপে বাছি লৈছিল বুট আৰু বুট দাইলক। খাদ্য হিচাপে বুটৰ গুণাগুণ ভবাতকৈ বহু বেছি৷  সেয়ে ছাহজাহানে বুটক তেওঁৰ ‘ৰাজখাদ্য’ত স্থান দিছিল।

গতিকে আপুনিও আপোনাৰ খাদ্য তালিকাত মাজে-সময়ে বুট দাইলক স্থান দিয়ক আৰু সুস্বাস্থ্য গঢ়ি তোলক।

 

উৎস: প্ৰাগ নিউজ ডিজিটেল

Share This