হজম প্ৰক্ৰিয়াত সমস্যাৰ সৃষ্টি কৰা কেইবিধমান পাচলিৰ নাম জানো আহক

Kakali Deka September 03, 2023


 ডিজিটেল ডেস্ক: পাচলিয়ে আমাৰ শৰীৰক বিভিন্ন লাভালাভ প্ৰদান কৰে যদিও কিছুমান পাচলিয়ে আমাৰ শৰীৰৰ ক্ষতিও কৰিব পাৰে৷ এনে কিছুমান পাচলি আছে যাক গ্ৰহণ কৰিলে খাদ্য বস্তু হজম কৰাটোও কঠিন হৈ পৰে ৷ কি কি পাচলিয়ে হজমত সমস্যাৰ সৃষ্টি কৰি আপোনাক ৰুগীয়া কৰিব পাৰে, সেইসমূহৰ বিষয়ে আজি জানো আহক-
১. বন্ধাকবি
বাৰিষা কালত কেতিয়াও বন্ধাকবি খাব নালাগে । বাৰিষা কালত বন্ধাকবিত পোক-পতংগ থাকে । ই হজমত প্ৰভাৱ পেলায়। আয়ুৰ্বেদত বাৰিষা বন্ধাকবি খালে পেটৰ বিষ, বদহজম , এচিডিটিৰ দৰে সমস্যাৰ সৃষ্টি হয়

২. বিলাহী
প্ৰয়োজনতকৈ অধিক বিলাহী খোৱাটো স্বাস্থ্য পক্ষে ক্ষতিকাৰক। বিলাহীত থকা টেঙাই পাকস্থলীত এচিড বৃদ্ধি কৰিব পাৰে যাৰ ফলত আপোনাৰ হজম নহ'ব পাৰে 

৩. পালেং শাক
পালেং শাকত অতি বেছি আইৰণ থাকে। পালেং শাকে ওজন কমোৱাত সহায় কৰে। কিন্তু আয়ুৰ্বেদৰ মতে, পালেং শাক আমাৰ শৰীৰৰ বাবে ক্ষতিকাৰক। এই পালেং শাক যদি আমি বাৰিষা কালত সেৱন কৰো তেন্তে হজমৰ সমস্যা হয়। পেটৰ বিষ, এচিডিটি, বদহজম আদি বাঢ়ে। 
৪. কেপচিকাম
কেপচিকামত থকা আঁহবোৰ আমাৰ শৰীৰৰ বাবে বহুত উপকাৰী। কিন্তু কেপচিকামত থকা ক্ষতিকাৰক যৌগবোৰে হজম সমস্যাৰ সৃষ্টি কৰে। যদি আপুনি উচ্চ ৰক্তচাপৰ ৰোগী তেনেহলে এই কেপচিকাম খোৱাৰ পৰা দূৰত থকাই ভাল।

Share This