আজি দিনটোৰ ৰাশিফল চাওঁ আহক...

Digital desk July 23, 2024

ডিজিটেল ডেস্কঃ ২৩/০৭/২০২৪, মঙলবাৰ


মেষ(অ, ল): শুভ কাৰক গ্রহ মণ্ডল, ৰবি। শুভ সংখ্যা ১, ৯। শুভ ৰং হালধীয়া। দিনটো ভালেই যাব। যোগাযোগত শুভ। প্রাপ্য থাকিলে নিজেও তদাৰক কৰক। ব্যৱসায়ত উন্নত।

বৃষ(ই, উ, ব):  শুভ কাৰক গ্রহ শুক্র, চন্দ্ৰ। শুভ সংখ্যা ২, ৬। শুভ ৰং ৰূপালী। কর্মত আপোনাৰ দৃঢ় পদক্ষেপ দেখি মানুহে সমীহ কৰিব'। বিদ্যার্থীৰ একাগ্রতা বৃদ্ধি। ধর্মত মতি।

মিথুন (ক, ছ, ঘ):   শুভ কাৰক গ্রহ বুধ,ৰবি। শুভ সংখ্যা ১, ৫। শুভ ৰং অপৰাজিতা নীলা। শৰীৰ খুব উন্নত নেপাব। আর্থিক সমস্যা নিয়মীয়া। প্রেম প্রীতিত উন্নত দেখা নেযায় আৰু তাকে লৈ অবাবত সময় নষ্ট নকৰাই ভাল। 

কর্কট (ড, হ):  শুভ কাৰক গ্ৰহ চন্দ্ৰ, বৃহস্পতি। শুভ সংখ্যা ২, ৩। শুভ ৰং কমলা। একাধিক সমস্যাই জুমুৰি দি ধৰিলেও আপুনি বিচক্ষণ বুদ্ধিৰে সেইবোৰ নিয়ন্ত্ৰণ কৰিব পাৰিব।

সিংহ (ম, ট): শুভ কাৰক গ্ৰহ ৰবি, মঙল। শুভ সংখ্যা ১, ৯। শুভ ৰং মুগা। সামাজিক দিশত সক্রিয় হোৱাত মানুহে ভাল পাব। সাহিত্য-সংগীত, খেলা-ধূলা আদি কলাত দক্ষতা প্রকাশ। সম্ভৱস্থলত ভ্ৰমণৰ যো-জা।

কন্যা (প, ঠ): শুভ কাৰক গ্রহ বুধ, শনি। শুভ সংখ্যা ৫, ৭। শুভ ৰং সেউজীয়া। কোনো কাৰণত মনলৈ ভয় ভাব আহিব পাৰে। আশা কৰা মতে সকলো কামত শুভ ফল নেপাব পাৰে।

তুলা (ৰ, ত): শুভ কাৰক গ্রহ শুক্র, শনি। শুভ সংখ্যা ৬, ৭। শুভ ৰং বগা। ধর্মীয় সংযোগ ৰক্ষা কৰি ভাল পাব। আয় চাই ব্যয় কৰা টান হ'ব। তথাপি আজি আন দিনাতকৈ কিছু উন্নত।

বৃশ্চিক (ন, য):  শুভ কাৰক গ্রহ মঙ্গল ৰবি। শুভ সংখ্যা ১, ৯। শুভ ৰং বেঙুনীয়া। প্রেম প্রীতিত মধ্যম। স্বাস্থ্য প্রায় ভালেই। আপোনাৰ উন্নতিত বিপৰীত লিংগৰ প্ৰভাৱ দেখায়। বিদ্যাত শুভ।

ধনু (ধ, ফ, ভ): শুভ কাৰক গ্রহ বৃহস্পতি, চন্দ্র। শুভ সংখ্যা ২, ৩। শুভ ৰং গেৰুৱা। দিনটো মোটামুটি ভালেই যাব। বিদ্যা-বুদ্ধিত বেয়া নহয়। শিক্ষক, অধ্যাপক আদিৰ অনুকূল।

মকৰ (খ, জ): শুভ কাৰক গ্রহ মঙল, শনি। শুভ সংখ্যা ৭, ৯। শুভ ৰং ৰঙা। বিবাহ প্ৰাৰ্থীৰ বিবাহৰ যোগাযোগত শুভ। আত্মীয়-স্বজন তথা বন্ধুবৰ্গৰ লগত সম্ভাৱ -সম্প্রীতি বৃদ্ধি।

কুম্ভ (গ, শ, স): শুভ কাৰক গ্রহ শুক্র, শনি। শুভ সংখ্যা ৬, ৭। শুভ ৰং নীলা। সামাজিক কামত জড়িতসকলে সমাজত সমাদৰ পাব। শৰীৰ প্ৰায় ভালেই। বন্ধু-বান্ধৱযুক্ত পৰিৱেশ ভাল পাব।

মীন(দ, চ): শুভ কাৰক গ্রহ বৃহস্পতি, চন্দ্র। শুভ সংখ্যা ২, ৩। শুভ ৰং সোণালী। আপোনাৰ ৰাশিত অশুভ শনিৰ সাৰে সাত চলি আছে বাবে বিভিন্ন সমস্যাই দেখা দিব। অৱশ্যে, তাৰ মাজতো আপোনাৰ যোগাযোগ, আন্তৰিকতা উন্নত থাকিব। দাম্পত্যত চিন্তা। সকলো কথাতে আগভাগ ল'বলৈ গৈ কোনোৱে কিছু অপদস্থ হ'বও পাৰে।

Share This